Logo
image

বাঘ, ম’হ, হাতীৰ পাছত ৰাজ্যত বাঢ়িছে শিয়ালৰ সন্ত্ৰাস

‘আমাৰ অসম’ৰ আমিনগাঁৱৰ প্ৰতিনিধি, ২৩ আগষ্ট : ৰাজ্যত বাঘ, বন্যহস্তী, গঁড়, বনৰীয়া ম’হৰ পাছত এইবাৰ পোহৰলৈ আহিছে শিয়ালৰ সন্ত্ৰাসৰ ঘটনা৷ উত্তৰ গুৱাহাটী ফুলুঙত বুধবাৰে নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ শিয়ালৰ আক্ৰমণত এইমছ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, জিএনআৰচিকে ধৰি কেইবাখনো হাস্পতালত চিকিৎসাধীন হ’বলগীয়া হয় এগৰাকী মহিলাকে ধৰি অঞ্চলটোৰ জ্জ্বজনকৈ লোক৷ আহত লোকসকলৰ ভিতৰত আছে উত্তৰ গুৱাহাটী ফুলুঙৰ পৰমানন্দ বড়ো, ভাৰতী বড়ো, ৰঞ্জন বড়ো, ৰাম সিং ওৰফে কেছ কেছ আৰু জিয়াউল আলী৷ বাকী কেইজনৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ আটাইকেইজনৰে অৱস্থা বৰ্তমান সংকটজনক৷ আহত সকলৰ ভিতৰত ভাৰতী বড়োৱে জানিব দিয়া মতে বুধবাৰে নিশা  ৯  মান তেওঁ আখলৰ দুৱাৰ বন্ধ কৰিবলৈ যোৱাৰ সময়ত শিয়ালে তেওঁক শৰীৰৰ বিভিন্ন স্থানত আক্ৰমণ কৰে৷ পাছত পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায়৷ ইফালে, উত্তৰ গুৱাহাটী দীৰ্ঘেশ্বৰী বজাৰত মিস্ত্ৰী হিচাপে কাম কৰা জিয়াউল আলী নামৰ যুৱকজনে জানিব দিয়া মতে, বুধবাৰে নিশা ৯ মান বজাত তেওঁ ঘৰৰ বাহিৰলৈ ওলাই অহাৰ সময়ত শিয়ালে তেওঁক সন্মুখৰ পৰা ৩ বাৰকৈ আক্ৰমণ কৰে৷ ফলত তেওঁ শৰীৰৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত হয়৷ উল্লেখ্য, নিশা শিয়ালে ফুলুং গাঁৱৰ এজন এজনকৈ কেইবাজনো লোকক আক্ৰমণ কৰাৰ খবৰ বিয়পি পৰাৰ পাছত অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷



পাছত স্থানীয় লোকে বন বিভাগৰ দীৰ্ঘেশ্বৰী বীটত খবৰ দিয়াত বিভাগটোৰ এটা দলে নিশা শিয়াল খেদিবলৈ ফটকাৰ সহায় লয়৷ স্থানীয় লোকে হাতে হাতে যাঠি-জোং লৈ ঘৰৰ বাহিৰলৈ ওলাই আহে শিয়াল খেদিবলৈ৷ শেহতীয়াকৈ, শিয়ালৰ আতংকই বিৰাজ কৰিছে অঞ্চলটোৰ স্থানীয় লোকৰ মাজত৷ উল্লেখ্য, সংকুচিত বনাঞ্চলৰ বাবে সম্প্ৰতি বনৰীয়া জীৱ-জন্তুৰ থাকিবলৈ ঠাই নাইকিয়া হোৱাৰ লগতে খাদ্যৰ অভাৱ ঘটিছে৷ যাৰ বাবে বনাঞ্চল এৰি মানুহৰ মাজত সোমাই পৰিছে বনৰীয়া জীৱ-জন্তু৷ সংঘাত সৃষ্টি হৈছে বনৰীয়া জীৱ-জন্তু আৰু মানুহৰ মাজত৷ বৃহত্তৰ উত্তৰ গুৱাহাটীত জাক জাক বান্দৰে অঞ্চলটোত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহাৰ পাছত এতিয়া অঞ্চলটোত সন্ত্ৰাসৰ আন এক কাৰণ হৈ পৰিছে শিয়াল৷ সম্প্ৰতি অঞ্চলটোত দিনতেই শিয়ালৰ মাত শুনিবলৈ পোৱা যায়৷ ইফালে বাঘৰ ভয়ত কম্পমান হৈছে দেৰগাঁৱৰ বেজগাঁৱৰ ৰাইজ৷ দুখনকৈ গাঁৱৰ বাসিন্দাই কটাইছে উজাগৰী নিশা৷ কলিয়াবৰতো ১১ আগষ্টত বাঘ বিচাৰি ৰাইজৰ সৈতে বন বিভাগে অভিযান চলাই হাবিত ফটকা ফুটাই বনৰজাৰ গতি-বিধি নিৰীক্ষণৰ চেষ্টা কৰিছিল৷ ইতিমধ্যে কেইবাটাও গৰু-ছাগলী নিধন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে ঢেকীয়াপতীয়া বাঘটোৱে৷ ১৭ আগষ্টত ধিঙতো বনৰজাই আতংকৰ সৃষ্টি কৰিছিল৷ বাঘটোৱে গো-ধন ভক্ষণ কৰাৰ পাছতেই আতংকই বিৰাজ কৰিছিল ধিঙত৷ এই বাসস্থান আৰু খাদ্যৰ অভাৱত পৰি জনাঞ্চললৈ আহি সন্ত্ৰাস চলোৱা বন্যজীৱ-জন্তু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷