Logo
image

আইন হাতত তুলি নল’ব

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ আগষ্ট : শিৱসাগৰৰ এগৰাকী খিলঞ্জীয়া যুৱতীক  বহিৰাগত বণিয়াই প্ৰহাৰ কৰাৰ ঘটনাক লৈ খিলঞ্জীয়া সংগঠনসমূহে ঐক্যবদ্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ খিলঞ্জীয়াৰ এই প্ৰতিবাদত সেও মানি খোদ শিক্ষামন্ত্ৰী আৰু জিলাখনৰ এছ পি, ডি চিৰ সন্মুখত ৰাজহুৱাভাৱে আঠু লৈ তামোল-পাণ দি ক্ষমা খুজিবলৈ বাধ্য হৈছিল শিৱসাগৰৰ মাৰোৱাৰী সমাজে৷ শিৱসাগৰত খিলঞ্জীয়াৰ গৰ্জনৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নাৰী নিৰ্যাতনৰ ঘটনাত শিৱসাগৰৰ ৰাইজে কৰা প্ৰতিবাদৰ আৰ্হি ল’বলৈ নামনি অসম আৰু মধ্য অসমৰ ৰাইজক আহ৩ান জনাইছিল৷ শিৱসাগৰৰ একাংশ দল-সংগঠনে মাৰেৱাৰী সমাজক ৰাজহুৱাকৈ আঠু ল’বলৈ বাধ্য কৰোৱা ঘটনাক কেন্দ্ৰ কৰি বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল যদিও মুখ্যমন্ত্ৰীয়ে শিৱসাগৰবাসী ৰাইজৰ পদক্ষেপক আদৰণি জনাই প্ৰয়োজনত তেওঁ নিজেও আঁঠু কাঢ়িলেহেঁতেন বুলি মন্তব্য কৰিছিল৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে মধ্য অসম আৰু নামনি অসমৰ ৰাইজক নাৰী নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে শিৱসাগৰবাসী ৰাইজৰ পথ অনুসৰণ কৰিবলৈ আহ৩ান জনোৱাৰ বিপৰীতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে প্ৰতিখন জিলাৰ আৰক্ষীকে আইন ভংগ কৰি তাৎক্ষণিক ন্যায় দিব বিচৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰহে কঠোৰ নিৰ্দেশ দিছে৷ বৃহস্পতিবাৰে ডিজিপিয়ে অসম আৰক্ষীৰ প্ৰতিজন শীৰ্ষ বিষয়া আৰু জিলাসমূহৰ আৰক্ষীলৈ নিৰ্দেশনা জাৰি কৰি কয় যে– শেহতীয়াকৈ কেইবাটাও অপৰাধমূলক কাণ্ড সংঘটিত হৈছে য’ত ভুক্তভোগী আৰু অভিযুক্তসকল বিভিন্ন সম্প্ৰদায়ৰ৷



এই ঘটনাত আৰক্ষীয়ে নিৰপেক্ষভাৱে আইন অনুসৰি কৰ্তব্য পালন কৰক৷ জিলা পৰ্যায়ৰ আৰক্ষীলৈ পৰামৰ্শ যে থানা পৰ্যায়ত নাগৰিক সমিতি আৰু জিলা প্ৰশাসনৰ সৈতে নিয়মীয়াকৈ সকলো সম্প্ৰদায়ক লগত লৈ সভা অনুষ্ঠিত কৰক৷ কোনো শ্ৰেণীৰ ব্যক্তিকে আইনৰ গণ্ডীৰ বাহিৰত আৰু তাৎক্ষণিকভাৱে ন্যায় প্ৰদানৰ সুযোগ দিব নোৱাৰিব৷ ক্ষেত্ৰ¸ পৰ্যায়ত নিয়োজিত আৰক্ষীয়ে যিকোনো পৰিস্থিতিতে আইনৰ শাসন নিশ্চিত কৰিব লাগিব৷ তেনে নহ’লে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়ে ডিজিপিয়ে৷ আইন কাৰ্যকৰী কৰাত অসম আৰক্ষীয়ে সদায় নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিবলৈ দায়বদ্ধ বুলিও স্পষ্ট কৰি দিয়ে ডিজিপিয়ে৷ লক্ষণীয়ভাৱে শিৱসাগৰত উক্ত ঘটনাৰ পাছতেই তিনিচুকীয়াত বহিৰাগত লোকে ৰিদীপ ডেকা নামৰ এজন অসমীয়া যুৱকক প্ৰহাৰ কৰি মূৰ ফালি দিয়াৰ প্ৰতিক্ৰিয়াৰ মাজতে ডিজিপি জি পি সিঙে কৌশলপূৰ্ণভাৱে আৰক্ষীলৈ উক্ত নিৰ্দেশনা জাৰি কৰাৰ গুৰুতৰ অভিযোগ কৰিছে আলফা স্বাধীনে৷ এই সন্দৰ্ভত বিদ্ৰোহী সংগঠনটোৰ সহঃ প্ৰচাৰ সম্পাদক ঈশান অসমে ‘আমাৰ অসম’লৈ প্ৰেৰণ কৰা এটা ই-মেইল বিবৃতিত কয়– অসমৰ থলগিৰি জনগণৰ বিৰুদ্ধে আৰক্ষী বিষয়া জি পি সিঙৰ উচতনিমূলক নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত অসমৰ বিভিন্ন অঞ্চলত বহিৰাগতই থলগিৰি জনগণক শাৰীৰিক আক্ৰমণ কৰাটো যেন এতিয়া এক প্ৰতিযোগিতা হৈ পৰিছে৷ বিগত ২১ আগষ্টৰ নিশা তিনিচুকীয়াৰ ৰিদীপ ডেকা নামৰ থলগিৰি যুৱকজনক জ্ঝ জনকৈ বহিৰাগতই দলবদ্ধ আক্ৰমণ কৰি মূৰ ফালি দিয়াত ভুক্তভোগীজন গুৰুতৰভাৱে আঘাত হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে৷ আনহাতে ভুক্তভোগীৰ ন্যায়ৰ সপক্ষে আজি থলগিৰি ৰাইজে প্ৰতিবাদ কৰিব বুলি আগতীয়া উমান পাই অসম আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে তৎকালীনভাৱে কৌশলগত নীতি-নিৰ্দেশনা জাৰি কৰে৷ যাৰ অজুহাতত প্ৰতিবাদকাৰীক তিনিচুকীয়া আৰক্ষী-প্ৰশাসনে আটক কৰি ৰাখিছে৷ ভঙা ভঙা দুটামান অসমীয়া শব্দ ক’লেই জি পি সিং থলগিৰিৰ দৰদী হৈ নাযায়৷ বহিৰাগত বিষয়া আৰু বণিকগোষ্ঠীয়ে অসমত কেৱল সম্পদ লুণ্ঠন আৰু থলগিৰিক দমন কৰিবলৈহে আহে, যি বিগত দশক দশক ধৰি প্ৰমাণিত হৈ আহিছে আৰু আজিও সেই ধাৰা অব্যাহত আছে৷ তিনিচুকীয়া দৰে বুৰঞ্জীপ্ৰসিদ্ধ এখন চহৰত থলগিৰি জনগণৰ ওপৰত হোৱা এনে অন্যায়-অবিচাৰ অসহনীয়৷ গতিকে, তিনিচুকীয়া আৰক্ষী-প্ৰশাসনে আটাইকেইজন অভিযুক্তক অনতিপলমে কৰায়ত্ব কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰক৷ আনহাতে উক্ত ঘটনাৰ বাবে হোৱা প্ৰতিবাদত তিনিচুকীয়া, ডুমডুমা, পেঙেৰী আদি অঞ্চলত যিসকল লোকক আৰক্ষীয়ে আটক কৰিছে তেওঁলোকক চৰ্তহীনভাৱে মুক্তি কৰি দিয়ক৷ বহিৰাগত বণিয়া আৰু আৰক্ষী বিষয়াৰ এনে দমন নীতিক প্ৰতিহত কৰিবলৈ থলগিৰি যুৱক-যুৱতী, আবাল-বৃদ্ধ-বনিতা সকলোৱে মাউখে ওলাই আহক৷ এনে একোখন গণ আন্দোলনলৈ আমাৰ সমৰ্থন থকাৰ উপৰিও প্ৰয়োজন সাপেক্ষে কায়িকভাৱে অংশগ্ৰহণ কৰিবলৈ আমি সদা প্ৰস্তুত৷