Logo
image

চৰকাৰক চৰম সীমা দি হুংকাৰ ৬ জনগোষ্ঠীৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৩ আগষ্ট : ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে বিজেপি চৰকাৰক ক্ষমতাচু্যত কৰাৰ হুংকাৰ দিছে ছয় জনগোষ্ঠীয় যৌথ মঞ্চ, অসমে৷ মঞ্চৰ উদ্যোগত শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চৰকাৰক চৰম সময়সীমা বান্ধি দিলে মঞ্চই৷ সংবাদ মেলত মঞ্চৰ মুখ্য আহ৩ায়ক দিগন্ত তামুলীয়ে কয়–এইবাৰ হয় জনজাতিকৰণ, নহয় গাদীচ্যুত কৰা হ’ব চৰকাৰৰ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োখন চৰকাৰৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা দিয়াৰ কোনো সদিচ্ছা নাই আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কৌশল ব্যৱহাৰ কৰি আহিছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণে নিৰ্দিষ্ট ৰাজনৈতিক নেতা আৰু দলৰ ক্ষমতাৰ ৰাজনীতি আৰু সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব বিচৰা নাই৷ জনজাতিকৰণ নোপোৱা পৰ্যন্ত এইবাৰ ছয় জনগোষ্ঠীয় যৌথ মঞ্চই জনজাতিকৰণৰ দাবীত নিৰ্ণায়ক পৰ্যায়ৰ চূড়ান্ত আৰু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি যাব৷ আমি ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ পুনৰ দাবী জনাই এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ৷ সেই অনুসৰি ৪ ছেপ্তেম্বৰত জিলা সদৰসমূহত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় জনজাতীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব, ২৭ ছেপ্টেম্বৰত লক্ষ্মীমপুৰত, ১৬ অক্টোবৰত তিনিচুকীয়াত,  ৩ অক্টোবৰত বিশ্বনাথত, অক্টোবৰত শিৱসাগৰত ৩০ অক্টোবৰত শ্ৰীৰামপুৰত ধৰ্ণা কাৰ্যসূচী, ১৩ নৱেম্বৰত ‘দিছপুৰ লৈ যাওঁ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ আৰু পৰৱৰ্তী সময়ত বৌদ্ধিক আলোচনা চক্ৰ অনুষ্ঠিত কৰি জিলাই জিলাই গণ সমাবেশ অনুষ্ঠিত হ’ব৷ আমাৰ চৰকাৰক স্পষ্ট দাবী— আমাক অন্তসাৰশূন্য আলোচনা নালাগে৷



কেন্দ্ৰলৈ ৰাজ্যই বল ঠেলি বিষয়টোৰ পৰা গা এৰা দিলে নহ’ব৷ আমি ত্ৰিপাক্ষিক আলোচনাৰ পোষকতা কৰিছোঁ৷ বৰ্তমানৰ জনজাতিসকলৰ সুবিধা বা ক্ষতি হোৱাটো আমি নিবিচাৰোঁ৷ ইতিমধ্যে বৰ্তমানৰ জনজাতিসকলৰ বাবে ভৈয়াম জনজাতি আৰু পাৰ্বত্য জনজাতি দুটা শ্ৰেণী আছে৷ প্ৰয়োজন হ’লে নতুনকৈ এটা শ্ৰেণী সৃষ্টি কৰাৰ আহ৩ান জনালোঁ৷ সংবাদ মেলত ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ হৈ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি গডউইন হেমৰম, সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি নিতুল ৰাজবংশী, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন, সভাপতি সত্য গোহাঁই,  মৰাণ যুৱ পৰিষদৰ সভাপতি দিব্যজ্যোতি মৰাণ,  সদৌ অসম মটক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় হাজৰিকা উপস্থিত থাকে৷ সংবাদ মেলৰ পূৰ্বে মৰাণ, মটক, টাই আহোম,  চুতীয়া, কোঁচ ৰাজবংশী আৰু আদিবাসী-চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সংগ্ৰাম অব্যাহত ৰখা জনগোষ্ঠী কেইটাৰ এক উমৈহতীয়া মঞ্চ ছয় জনগোষ্ঠীয় যৌথ মঞ্চ, অসমৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ সভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ বিজেপি নেতৃত্বাধীন দুয়োখন চৰকাৰে কৰা চূড়ান্ত প্ৰতাৰণাৰ সন্দৰ্ভত মঞ্চৰ অংশীদাৰী প্ৰতিটো সংগঠনৰ নেতৃবৃন্দই আলোকপাত কৰি চৰকাৰৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে৷

সভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত নীৰৱচ্ছিন্ন তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি প্ৰথম লানি কাৰ্যসূচী ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ঘোষণা কৰে৷ ইফালে অসমৰ তাই আহোম, মৰাণ, মটক, চাহ-জনগোষ্ঠী, কোচ ৰাজবংশী আৰু চুতীয়া জনগোষ্ঠীক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰি জনজাতিকৰণ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ [আটাছু]ৰ সভাপতি মিলন বুঢ়াগোহাঁইয়ে কয় যে - ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই জন্মলগ্নৰে পৰা ছয়টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি দাবী কৰি অহাৰ লগতে সমগ্ৰ অসম আৰু দিল্লীত বিভিন্ন প্ৰতিবাদ কৰি আহিছে৷ কিন্তু প্ৰতিবাদ কৰাৰ পাছত অসম চৰকাৰে কেৱল প্ৰতিবাদ ৰোধ কৰিবৰ বাবে আমাক আলোচনালৈ নিমন্ত্ৰণ জনায় আৰু ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি পঠিয়াই দিয়ে৷ আমাৰ সৰলতাক চৰকাৰে দুৰ্বলতা বুলি ভবা পৰিলক্ষিত হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই জনাব বিচাৰো যে ২০২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাক জনজাতি মৰ্যাদা প্ৰদান নকৰিলে অসম অস্থিৰ হোৱা প্ৰতিবাদৰ সন্মুখীন হ’বলৈ চৰকাৰক সাজু হবলৈ আহ৩ান জনালো৷ প্ৰতিবাৰৰ দৰে প্ৰতিবাদৰ পিছত আলোচনালৈ নিমন্ত্ৰণ জনাই আমাক ভুৱা প্ৰতিশ্ৰুতি দিয়াৰ সুবিধা এইবাৰ অসম চৰকাৰে নাপাব কাৰণ আমি এইবাৰ মুখ্যমন্ত্ৰীয়ে আমন্ত্ৰণ জনোৱা অসম চৰকাৰৰ আলোচনালৈ নাযাওঁ আৰু মিছলীয়া মুখ্যমন্ত্ৰীৰ লগত আলোচনাত নবহো যদিহে আমাৰ লগত আলোচনা কৰিব বিচাৰে তেন্তে কেন্দ্ৰীয় চৰকাৰৰ বৰমুৰীয়া সকলৰ লগত আলোচনা কৰা হব বৰমুৰীয়াই আমাৰ দাবীটো পূৰণ কৰাৰ পথ প্ৰসস্থ কৰিব পাৰে, হকে-বিহকে আৰু আজে-বাজে বিষয়ববীয়াৰ লগত আলোচনা কোনোপধ্যে সম্ভৱ নহয়৷ অন্যহাতেদি এইবাৰ আমি অসম অস্থিৰ কৰা প্ৰতিবাদ কৰাৰ লগতে ৰাজনৈতিক ভাবে প্ৰতিবাদ কৰাৰ পোষকতা কৰিছোঁ, ৰাজনৈতিক ভাবে প্ৰতিবাদ মানে বিগত লোকসভা নিৰ্বাচনত যিদৰে যোৰহাট আৰু ডিব্ৰুগড় সমষ্টিত আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীৰ ৰাইজে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰি তপন গগৈৰ দৰে নেতাক বিদায় দিলে যিজন তপন গগৈৰ কাৰণে মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাৰ ৰথী-মহাৰথী যোৰহাটত বাহৰ পাতি লৈছিল কিন্তু কামত নাহিল৷ ঠিক সেইদৰে ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বলিষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছয়-সাত লাখ ভোটৰ ব্যৱধানত জিকিম বুলি দম্ভালি মাৰি আছিল কিন্তু সামান্য ব্যৱধানত জিকিছে৷ গতিকে এনেধৰণৰ ৰাজনৈতিক সংগ্ৰাম ২০২৬ ৰ বিধানসভা নিৰ্বাচনত ছয় জনগোষ্ঠীৰ ৰাইজে কৰিবলৈ সাজু হৈ আছে যদিহে আমাৰ দাবী বিধানসভা নিৰ্বাচনৰ আগত পূৰণ নহয়৷ গতিকে যদি হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰীৰ চকী খনত বহিবলৈ মন আছে আছে তেন্তে ছয় জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰক অন্যথা মুখ্যমন্ত্ৰী চকীৰ মোহ ত্যাগ কৰক৷’