Logo
image

যুদ্ধৰত জেলেনস্কিক আলিংগন মোদীৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ আগষ্ট : ৰাছিয়া ভ্ৰমণৰ প্ৰায় ডেৰমাহৰ পাছত ভ্লাডিমিৰ পুটিনৰ চৰম শত্ৰুৰাষ্ট্ৰ ইউক্ৰেইনত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভল’ডিমিৰ জেলেনস্কিৰো বিপদৰ বন্ধু হৈ উঠিল৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ কান্ধত হাত থৈ যিদৰে মোদীয়ে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত নিহত শিশুৰ স্মাৰক দৰ্শন কৰিলে, সেই ভংগীক ৰাজনৈতিক বিশ্লষকে ভাৰতীয় সংস্কৃতিত থকা বিপদৰ বন্ধুৰ ‘মুদ্ৰা’ বুলিয়েই ব্যাখ্যা কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে পোলেণ্ডৰ ৰাজধানী ৱাৰশ্ব’ৰ পৰা ১০ ঘণ্টীয়া (অহা যোৱা মুঠ ২০ ঘণ্টা) যাত্ৰাৰে গৈ ইউক্ৰেইনৰ ৰাজধানী কিয়েভত উপস্থিত হয়৷ মোদীয়ে কিয়েভত কয়– ‘এইক্ষেত্ৰত ভাৰতৰ অৱস্থান পৰিষ্কাৰ৷ এয়া যুদ্ধৰ সময় নহয়৷ আমি সকলোৱে ঐক্যভাৱে মানৱতাৰ সংকট দূৰ কৰিব লাগিব৷’ উল্লেখ্য, মোদীৰ ভ্ৰমণৰ পূৰ্বেই ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছিল যে, মোদীয়ে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত মধ্যস্থতা নকৰে, বাৰ্তাহে দিব৷ মোদীক লৈ জেলেনস্কি ‘নেচনেল মিউজিয়াম অৱ হিষ্ট্ৰী’ লৈ যায়৷ তাৰ ‘মাল্টিমিডিয়া মাৰ্টিৰোলজিষ্ট এক্সপ’জিচন’ত চলিত যুদ্ধত নিহত শিশুৰ ছবি আৰু স্মৃতিসৌধ আছে৷ সেই স্মৃতিসৌধ পৰিদৰ্শনৰ সময়তে মোদীয়ে জেলেনস্কিৰ কান্ধত হাত থয়৷ অৱশ্যে তাৰ পূৰ্বে মোদীয়ে জেলেনস্কিক তেওঁৰ ‘ট্ৰেডমাৰ্ক’ আলিংগন কৰে৷ ইয়াৰ  পাছত দুয়োৰে মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়৷ ইপিনে মোদীৰ ইউক্ৰেইন ভ্ৰমণৰ পূৰ্বে বৃহস্পতিবাৰে নিশাৰ পৰা ৰাছিয়াই ড্ৰোনৰ সহায়ত ইউক্ৰেইনৰ বিভিন্ন অঞ্চলত আক্ৰমণ কৰিছে৷ কিয়েভত প্ৰধানমন্ত্ৰীয়ে মুঠেই কটালে ৭ ঘণ্টা৷ কিয়েভত কটাবলগীয়া ৭ ঘণ্টাৰ বাবে ২০ ঘণ্টীয়া ৰে’লযাত্ৰাও ভাৰতৰ বিশ্ব কূটনীতিৰ বাবেই কৰিবলৈ বাধ্য হ’ল নৰেন্দ্ৰ মোদী৷ কিয়নো যোৱা আঠ জুলাইত প্ৰধানমন্ত্ৰী মোদীয়ে কৰা ৰাছিয়া ভ্ৰমণত খৰ্গহস্ত হৈ পৰিছিল আমেৰিকাৰ নেতৃত্বত নাটো গোষ্ঠীৰ পশ্চিমীয়া ৰাষ্ট্ৰ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে মোদীৰ ৰাছিয়া ভ্ৰমণক দুৰ্ভাগ্যজনক আখ্যা দি সেয়া অঞ্চলটোৰ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অন্তৰায় বুলি মন্তব্য কৰিছিল৷



আমেৰিকায়ো মুকলিকৈ মোদীৰ ৰাছিয়া ভ্ৰমণৰ ক্ষেত্ৰত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷ যদিও ৰাছিয়াৰ সৈতে ভাৰতৰ মিত্ৰতা ৭৫ বছৰৰ পুৰণি, শীতলযুদ্ধ-উত্তৰ পৰিস্থিতিত নতুন দিল্লীয়ে আমেৰিকা আৰু পশ্চিমৰ বিশ্বৰ অসন্তুষ্টি উপেক্ষা কৰিব নোৱাৰে৷ তদুপৰি নাটোগোষ্ঠীৰ স্নেহধন্য ইউক্ৰেইনক ৰাছিয়াই আক্ৰমণ কৰাৰ পাছত মাৰ্কিনপন্থী পশ্চিমীয়া ৰাষ্ট˜ই ৰাছিয়াৰ বিৰুদ্ধে কঠোৰতম নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে৷ আনহাতে, ভাৰতে বিশ্ব কূটনীতিত বৰ্তি থাকিবৰ বাবে আমেৰিকা আৰু নাটোৰ পশ্চিমীয়া ৰাষ্ট্ৰই অসন্তুষ্টিও উপেক্ষা কৰিব নোৱাৰে৷ নতুন দিল্লী যাতে বিশ্ব কূটনীতিত নিঃসংগ হৈ নপৰে, সেয়া নিশ্চিত কৰি ৰখাৰ বাবেই ৰাছিয়া ভ্ৰমণৰ এমাহৰ পাছতে ইউক্ৰেইন ভ্ৰমণ কৰিবলৈ বাধ্য হৈছে মোদী৷ ইউক্ৰেইনৰ আকাশ বন্ধ হৈ থকাৰ বাবেই তেওঁ পোলেণ্ড ভ্ৰমণ অপৰিহাৰ্য হৈ পৰে৷ মঙলবাৰে মোদী পোলেণ্ডৰ ৰাজধানী ৱাৰশ্ব’ত গৈ উপস্থিত হয়৷ বিয়লি ৩.৩০ বজাত মোদীৰ বিমানে ৱাৰশ্ব’ৰ ফ্ৰেডেৰিক চ’পিন সামৰিক বিমানবন্দৰত অৱতৰণ কৰে৷ মোদীক পোলেণ্ডৰ উপ-বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ৱাৰশ্ব’ত আদৰণি জনায়৷ ইয়াৰ পাছত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্ক আৰু ৰাষ্ট্ৰপতি এন্দ্ৰেজ ডুডাৰ সৈতে বৈঠকত মিলিত হয়৷ উল্লেখ্য, ১৯৭৯ চনত মোৰাৰজী দেশাইৰ পাছত বিগত ৪৫ বছৰত এয়া ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম পোলেণ্ড ভ্ৰমণ৷

প্ৰসংগতঃ উল্লেখযোগ্য, মোদীৰ ইউক্ৰেইন যাত্ৰাক ‘লৌহ কূটনীতি’ বুলি আখ্যা দিয়া হৈছে৷ বিশ্ব কূটনীতিত যাতে ভাৰত নিঃসংগ হৈ নপৰে, তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘লৌহ কূটনীতি’ৰ আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ ‘লৌহ কূটনীতি’ মানে পোলেণ্ডৰ পৰা  ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ ৰে’লযোগে কৰা যাত্ৰা৷ ৱাৰশ্ব’ৰ পৰা ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ প্ৰধানমন্ত্ৰী মোদী ‘ৰে’ল ফৰ্চ ৱান’ নামৰ এখন ৰে’লেৰে অহা-যোৱা কৰে আৰু এই দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁক সময়ৰ প্ৰয়োজন হ’ল ২০ ঘণ্টা৷ যুদ্ধবিধবস্ত ইউক্ৰেইনৰ আকাশীপথ নিৰাপদ নহয়৷ সেয়ে তেওঁ পোলেণ্ডৰ পৰা কিয়েভলৈ বিমানেৰে যোৱাৰ কোনো উপায় নাই৷ ইউক্ৰেইনৰ আকাশমাৰ্গত এতিয়াও কোনো বাণিজ্যিক বিমান উৰা নাই৷ এনে পৰিস্থিতিত কিয়েভত কটাবলগীয়া জ্জ ঘণ্টাৰ বাবে মোদীয়ে ২০ ঘণ্টাৰ ৰে’ল ভ্ৰমণ কৰাৰ বিকল্প নাছিল৷ প্ৰসংগতঃ, ইউক্ৰেইন ৰে’লৱেৰ মুখ্য কাৰ্যবাহী বিষয়া আলেকজেণ্ডাৰ কামিছিনে প্ৰথমে ‘লৌহ কূটনীতি’ [আইৰন ডিপ্ল’মেচি] শব্দটো পোলেণ্ডৰ পৰা বিভিন্ন ৰাষ্ট˜নেতা যেনে মাৰ্কিন ৰাষ্ট˜পতি জো বাইডেন, ফৰাছী ৰাষ্ট˜পতি ইমানুৱেল মেঁক্ৰ, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি ছুনক আদি কিয়েভলৈ ‘ৰে’ল ফৰ্চ ৱানে’ৰে যাত্ৰা কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল৷ এইবাৰ সেই ‘লৌহ কূটনীতি’ৰ আশ্ৰয় ল’লে মোদীয়ে৷