Logo
image

ৰহস্যময়ভাৱে অধিক হাৰত বিদ্যুৎ কিনিছে শক্তি বিভাগে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ আগষ্ট : এফালে স্মাৰ্ট মিটাৰৰ অত্যাধিক মাচুল, আনফালে বিদ্যুতৰ সঘন লুকা-ভাকু৷ বিদ্যুতৰ মাচুল আৰু সৰ্বত্ৰ বিদ্যুৎ কৰ্তনক লৈ জলাকলা খাবলগীয়া হৈছে ৰাজ্যবাসীয়ে৷ শক্তি বিভাগে প্ৰকাশ কৰা মতে অসমত নিজস্ব বিদ্যুৎ উপাদান মাত্ৰ ৩৫৫ মেগাৱাট  ৰহস্যময়ভাৱে অধিক হাৰত যদিও ৰাজ্যত বিদ্যুতৰ চাহিদা হৈছে দৈনিক ১৬৫০ মেগাৱাটৰ পৰা ২,২০০ মেগাৱাট পৰ্যন্ত৷ কিন্তু পিক আৱাৰত ৰাজ্যত বিদ্যুতৰ চাহিদা ২,২০০ মেগাৱাটৰ পৰা ২,৬২৮ মেগাৱাট পৰ্যন্ত স্পৰ্শ কৰে৷ স্বাভাৱিকতেই ঘৰুৱা উৎপাদিত বিদ্যুতে যোৰা মাৰিব নোৱৰাত মুকলি বজাৰৰ পৰা শক্তি বিভাগে ক্ৰয় কৰিবলগীয়া হয় বিদ্যুৎ৷ কিন্তু পিক-আৱাৰত বিদ্যুৎ ক্ৰয় কৰাৰ নামত শক্তি বিভাগে ৰহস্যজনকভাৱে অধিক দামত বিদ্যুৎ ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে৷ অসম বিদ্যুৎ নিৰাময়ক আয়োগে বিদ্যুতৰ মূল্য নিৰ্ধাৰণ কৰি দিয়ে যদিও অসম চৰকাৰৰ শক্তি বিভাগে ৰহস্যজনক কাৰণত প্ৰতি ইউনিটত দুই টকা মূল্যত উপলব্ধ বিদ্যুৎ ইউনিটত সৰ্বাধিক জ্জ্ব.৭৮ টকাকৈ ক্ৰয় কৰাৰো তথ্য পোহৰলৈ আহিছে৷ খোদ বিধানসভাত এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে শক্তি বিভাগে৷ শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই প্ৰকাশ কৰা অনুসৰি শক্তি বিভাগে মুঠ ২৯টা উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰে৷



সেই অনুসৰি নীপকোৰ কপিলী জলবিদ্যুৎ প্ৰকল্প-ৰৰ পৰা প্ৰতি ইউনিট বিদ্যুৎ ক্ৰয় কৰে ২.১২ টকাকৈ৷ ইয়াৰ বিপৰীতে নীপকোৰ কপিলী জলবিদ্যুৎ প্ৰকল্প-২১ পৰা প্ৰতি ইউনিট বিদ্যুৎ ২.১৮ টকা, ৰঙানদী প্ৰকল্পৰ পৰা ২.৬৩ টকা, খান্‌ডং প্ৰকল্পৰ পৰা ২ টকা, পাৰে প্ৰকল্পৰ পৰা ৫.৬১ টকা, কামেং প্ৰকল্পৰ পৰা ৪.০১ টকা, অ’ টি পি চিৰ পালাটানা গেছ প্লাণ্টৰ পৰা ৩.৪৪ টকা, এন টি পি চিৰ তালচেৰা ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচন-ৰৰ পৰা প্ৰতি ইউনিটত ২.৮৯ টকা, চ’লাৰ এনাৰ্জি ক’ৰ্পৰেশ্বন অৱ ইণ্ডিয়াৰ পৰা ২.৭২ টকা, মহেশ্বৰী পাৱাৰৰ পৰা ৩.১৯ টকা, জেকচন পাৱাৰৰ পৰা প্ৰতি ইউনিটত ৩.৯৮ টকাকৈ বিদ্যুৎ ক্ৰয় কৰে৷ এইসমূহ শক্তি উৎপাদনকাৰী প্ৰতিষ্ঠানৰ কৰা কম মূল্যত বিদ্যুৎ ক্ৰয় কৰাৰ বিপৰীতে শক্তি বিভাগে সূৰ্যতাপ এনাৰ্জি নামৰ কোম্পানীটোৰ পৰা প্ৰতি ইউনিটৰ বিপৰীতে ৮.৭৮ টকাকৈ বিদ্যুৎ ক্ৰয় কৰাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ কেৱল সূৰ্যতাপেই শক্তি বিভাগে অসম আৰু ত্ৰিপুৰাৰ আন দুটা প্ৰতিষ্ঠানৰ পৰাও অধিক দামত দৈনিক বিদ্যুৎ ক্ৰয় কৰি আহিছে৷ আছাম গেছ বেচ পাৱাৰ প্ৰজেক্টৰ পৰা প্ৰতি ইউনিটত ৭.৬৯ টকা আৰু আগৰতলা গেছ টাৰ্বাইন ক্ল’জ চাইকেল প্ৰজেক্টৰ পৰাও প্ৰতি ইউনিটত ৭.৩৪ টকাকৈ বিদ্যুৎ ক্ৰয় কৰি আহিছে৷ স্বাভাৱিকতেই পিক আৱাৰত বিদ্যুতৰ নাটনিৰ দোহাই দি ৰহস্যজনকভাৱে অধিক দামত বিদ্যুৎ ক্ৰয় কৰাৰ বাবেই বিদ্যুতৰ মাচুল বৃদ্ধি পোৱা বুলিও অভিযোগ উঠিছে৷ উল্লেখ্য, শক্তি বিভাগে বিগত পহিলা জুলাইৰ পৰা ঘৰুৱা সংযোগৰ ক্ষেত্ৰত প্ৰতিমাহে ১২০ ইউনিটৰ ভিতৰত বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকৰ পৰা প্ৰতি ইউনিটত ৫.২৫ টকাকৈ মাচুল সংগ্ৰহ কৰিছে৷ তদুপৰি প্ৰতিমাহে ১২১-২৪০ ইউনিট ঘৰুৱা বিদ্যুৎ ব্যৱহাৰকাৰীৰ পৰা ৭.৩০ টকা, প্ৰতিমাহে ২৪১-৩০০ ইউনিট বিদ্যুৎ ব্যৱহাৰকাৰীৰ পৰা ৮.২০ টকা, প্ৰতিমাহে ৩০১-৫০০ ইউনিট বিদ্যুৎ ব্যৱহাৰকাৰীৰ পৰা ৮.৪০ টকা আৰু প্ৰতিমাহে ৫০০ ইউনিটতকৈ অধিক ঘৰুৱা বিদ্যুৎ ব্যৱহাৰকাৰীৰ পৰা প্ৰতি ইউনিটৰ বিপৰীতে ৯.১৯ টকাকৈ মাচুল সংগ্ৰহ কৰি আহিছে৷ ইয়াৰোপৰি অতিৰিক্তভাৱে প্ৰতিমাহে ৭০ টকাকৈ ফিক্সড চাৰ্জ