বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এইবোৰ খাদ্য ক্ষতিকাৰক
আধুনিক জীৱন-যাপনত আমি এনে কিছুমান খাদ্য খাওঁ, যিবোৰ অতি মুখৰোচক৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এনে খাদ্য খোৱাটো অনুচিত৷ ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ অৱশ্যে এইবোৰ খাদ্যই কৰা ক্ষতি তাৎক্ষণিকভাৱে চিনাক্ত কৰিব পৰা নাযায়৷ আমি সদায় খাই অহা এনে মুখৰোচক খাদ্যসমূহে শৰীৰটোক ভিতৰৰ পৰা ক্ষতি কৰিবলৈ ধৰে৷ যাৰ বাবে এনে খাদ্যসমূহ নোখোৱাই ভাল বা অতি কমকৈ খাবলৈ পৰামৰ্শ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাই৷ উল্লেখ কৰা হ’ল এনে খাদ্যসমূহ–
১) পাস্তা বা পাওৰুটি : পৰিশোধিত কাৰ্বহাইড্ৰেট বিশ্বৰ আটাইতকৈ অস্বাস্থ্যকৰ খাদ্যসমূহৰ অন্যতম৷ পাস্তা আৰু পাওৰুটি পৰিশোধিত কাৰ্বহাইড্ৰেটৰ পৰা প্ৰস্তুত কৰা হয়৷ কাৰ্বহাইড্ৰেটে ব্লাড ছুগাৰ বঢ়ায়৷ গতিকে পাস্তা বা পাওৰুটি খোৱাৰ পূৰ্বে চিন্তা কৰা উচিত৷
২) পটেটো ছিপছ : পটেটো ছিপছ কণ কণ ল’ৰা-ছোৱালীসকলৰ অতি প্ৰিয়৷ যুৱক-যুৱতী বা ডাঙৰসকলেও পটেটো ছিপছ খাই ভাল পায়৷ এইবিধ ছিপছ উচ্ছ তাপমাত্ৰাত পৰিশোধিত তেলেৰে প্ৰস্তুত কৰা হয়৷ তদুপৰি ইয়াত প্ৰচুৰ পৰিমাণে নিমখ ব্যৱহাৰ কৰা হয়৷ পৰিশোধিত তেল আৰু অতিৰিক্ত নিমখ দুয়োটাই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷
৩) পাম অইল : বহুতে ঘৰত পাম অইল বা পাম তেল ব্যৱহাৰ কৰে৷ পাম তেল অতি বিপজ্জনক৷ এইবিধ তেলে বিশেষকৈ হূদযন্ত্ৰৰ ক্ষতি কৰে৷ পাম তেলে কলেষ্টেৰ’ল বঢ়ায়৷
৪) পিজ্জা-বাৰ্গাৰ : পিজ্জা আৰু বাৰ্গাৰ আজিৰ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয়৷ কিন্তু এইবিধ প্ৰক্ৰিয়াজাত আৰু প্ৰিজাৰভেটিভ খাদ্যত প্ৰচুৰ পৰিমাণে মাখন, পনীৰ আৰু নিমখৰ লগতে বিভিন্ন ধৰণৰ ৰাসায়নিক ব্যৱহাৰ কৰা হয়৷ এইবোৰে দেহৰ ওজন দ্ৰুতগতিত বৃদ্ধি কৰে৷ গতিকে ওজনৰ ক্ষেত্ৰত সতৰ্ক হ’বলৈ হ’লে পিজ্জা বা বাৰ্গাৰ খোৱা বন্ধ কৰক৷
৫) চিজ : চিজ এবিধ অতি প্ৰক্ৰিয়াজাত খাদ্য, য’ত চেচুৰেটেড আৰু ট্ৰান্স ফেট থাকে৷ এইবোৰ উপাদানে হূদৰোগৰ আশংকা বৃদ্ধি কৰাৰ লগতে স্থূলতা বঢ়ায়৷
৬) অত্যধিক নিমখ : পৰাপক্ষত দৈনিক পাঁচ গ্ৰামতকৈ অধিক নিমখ নাখাব৷ অত্যধিক নিমখে ৰক্তচাপ বঢ়ায়৷ ফলত হূদৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি হয়৷
৭) অত্যধিক মিঠা : বহুতে অতিৰিক্ত চেনি বা অত্যধিক মিঠা খাই ভাল পায়৷ কিন্তু অত্যধিক চেনি বা মিঠা খোৱাটো স্বাস্থ্যৰ বাবে বিপজ্জনক৷ চেনিয়ে স্থূলতাৰ লগতে মানসিক চাপ বঢ়ায়৷ তদুপৰি অত্যধিক মিঠা খোৱাৰ অভ্যাসে লিভাৰ আৰু অন্ত্ৰৰ সমস্যা বঢ়ায়৷