Logo
image

‘ডক্টৰেট জেহাদ’! জুবিনে ল’ব ইউএছটিএমৰ সন্মান

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৫ আগষ্ট : জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়াইছে ইউএছটিএমে৷ ২৭ আগষ্টত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়খনৰ দশম সমাৱৰ্তন সমাৰোহত জুবিন গাৰ্গৰ উপৰি মেঘালয়ৰ জনপ্ৰিয় শিল্পী লু মাজাওকো সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ব৷ মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰে উপাচাৰ্য, শিক্ষাবিদ আৰু বিশিষ্ট ব্যক্তিসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত জুবিন গাৰ্গ আৰু লু মাজাওক সন্মানজনক ডি-লিট প্ৰদান কৰিব৷ ২৭ আগষ্টৰ পুৱা ১১ বজাৰ পৰা ইউএছটিএমৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আৰম্ভ হ’বলগীয়া দশম সমাৱৰ্তন সমাৰোহত ১,৬৩৯গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হ’ব৷ ইয়াৰে ১৭গৰাকীক পিএইচডি, ৯০৬ গৰাকীক স্নাতকোত্তৰ ডিগ্ৰী আৰু ৭১৬ গৰাকী ছাত্ৰ-ছাত্ৰীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হ’ব৷


উল্লেখ্য, জনপ্ৰিয় গায়ক-গীতিকাৰ-সুৰকাৰ-সংগীত পৰিচালক-অভিনেতা জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা আৰু হিন্দীকে ধৰি বিভিন্ন ভাষাত কেইবাহাজাৰ গীত গাইছে৷ আনহাতে, লু মাজাও কেৱল এজন কণ্ঠশিল্পীয়েই নহয়, গল্পকাৰ আৰু সামাজিকভাৱে অতি সচেতন শিল্পী৷ দুয়োজনেই ক্ৰমে অসম আৰু মেঘালয়ৰ সাংস্কৃতিক জগতৰ আইকনৰূপে পৰিচিত৷ লক্ষণীয়ভাৱে এখন বিশ্ববিদ্যালয়ে জনপ্ৰিয়তাৰ লহৰ লেখা এজন শিল্পীক সন্মানজনক ডক্টৰেট ডিগ্ৰী দিয়াটো সাধাৰণ অৱস্থাত স্বাভাৱিকতে এটা সাধাৰণ কথা৷ কিন্তু ইউএছটিএমে এনে এটা সময়ত জুবিন গাৰ্গক ডক্টৰেট ডিগ্ৰী দিয়াৰ কথা ঘোষণা কৰিছে, যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে ইউএছটিএমৰ বিৰুদ্ধে ‘ফ্লাড জেহাদ’ৰ গুৰুতৰ অভিযোগ আনিছে৷ মুখ্যমন্ত্ৰীৰ এই অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ বাদানুবাদৰো সৃষ্টি হৈছে৷ এনে সময়তে জুবিন গাৰ্গক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰি ইউএছটিএম কতৃৰ্পক্ষই মুখ্যমন্ত্ৰীৰ বহুচৰ্চিত ‘ফ্লাড জেহাদ’ৰ প্ৰত্যুত্তৰৰূপে ‘ডক্টৰেট জেহাদ’ৰ কৌশল ল’লে নেকি বুলিও সৰ্বত্ৰ চৰ্চা চলিছে৷