Logo
image

কোনেও মিঞা খেদিব নোৱাৰে ! বিধায়ক ৰছিদ মণ্ডলৰ প্ৰত্যাহ্বান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ আগষ্ট : উজনি অসমৰ পৰা মিঞা খেদাক লৈ যুযুধান কংগ্ৰেছ বিধায়ক আব্দুল ৰছিক মণ্ডল আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা৷ উজনি অসমত বিভিন্ন দল সংগঠনে মিঞাৰ বিৰুদ্ধে হুংকাৰ দিয়াৰ লগে লগে এনে দল-সংগঠনসমূহক উভতি ধৰিছে কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডল৷ তেওঁ কয় মিঞাক খেলিবলৈ কাৰোৰে দম নাই৷ ভাৰতীয় নাগৰিকক খেদাৰ কাৰো অধিকাৰ নাই৷ মিঞাসকল ভাৰতৰ নাগৰিক৷ কোনেও মিঞা খেদিব নোৱাৰে৷ কিছুমানে অসমত ব্যৱসায় কৰি অসমত অৰ্থনৈতিক শোষণ কৰিব৷ তেওঁলোকক অসমত বৰপীৰা পাৰি দিবা আৰু অসমত কষ্ট কৰি জীৱন নিৰ্বাহ কৰাসকলক অত্যাচাৰ কৰিবা– এয়া হ’ব নোৱাৰে৷


মিঞাক অসমৰ পৰা খেদক চোন৷ নোৱাৰে৷ চেলেঞ্জ কৰিছোঁ৷ মিঞাক খেদিবলৈ দম নাই৷  কংগ্ৰেছী বিধায়ক মণ্ডলৰ বিৰুদ্ধে গৰজি উঠিছে লাচিত সেনাৰ নেতা শৃংখল চলিহা৷ তেওঁ বিধায়ক মণ্ডলৰ প্ৰত্যাহ৩ান গ্ৰহণ কৰি কয়– আব্দুৰ ৰছিদ মণ্ডল, চেলেঞ্জ একছেপ্টেড৷ বিহু দেখুৱাই আছো তোক৷’ সামাজিক মাধ্যম যোগে বিধায়ক মণ্ডলক উদ্দেশ্য কৰি বীৰ লাচিত সেনাৰ নেতাজনে হুংকাৰ দিয়ে৷ ইফালে  ধিঙৰ ঘটনাৰ বাবে অসম আৰক্ষীৰ চূড়ান্ত ব্যৰ্থ বুলি কয় ইউডিএফ বিধায়ক ৰফিকুল ইছলামে৷ তেওঁ কয়– গৃহ বিভাগ ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে৷ নিতৌ ৰাজ্যখনত বহু অবাঞ্চিত ঘটনা ঘটি আছে৷ এটা ঘটনাৰো দোষীক আইনমতে শাস্তি দিয়াব পৰা নাই৷  এয়া দুৰ্ভাগ্যজনক৷ মুখ্যমন্ত্ৰী নিজেই গৃহবিভাগৰো দায়িত্বত আছে৷ আন কথা বাদ দি তেওঁ নাৰীৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে৷