Logo
image

যুদ্ধ থমকিব? মোদীৰ ভ্ৰমণৰ পাছত ৰাষ্ট্ৰসংঘৰো আশা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ পাছত ইউক্ৰেইন ভ্ৰমণত যুদ্ধৰত দুয়োখন দেশৰ মাজত শান্তি স্থাপনৰ আশা দেখিছে ৰাষ্ট্ৰসংঘই৷ ৰাষ্ট্ৰসংঘই যিদৰে ৰাছিয়াক যুদ্ধৰ পৰা বিৰত কৰিব পৰা নাই, সেইদৰে আমেৰিকা নেতৃত্বাধীন ‘নাটো’ গোষ্ঠীক ইউক্ৰেইনক যুদ্ধাস্ত্ৰ আৰু সাহায্য প্ৰদানৰ পৰা ক্ষান্ত কৰিব পৰা নাই৷ এনে সময়তে মোদীৰ ইউক্ৰেইন ভ্ৰমণে ৰাষ্ট্ৰসংঘক শান্তিৰ আশা দেখুৱাইছে৷ এনে সম্ভাৱনা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে৷ ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টিফান ডুজাৰিক, মোদীৰ ইউক্ৰেইন ভ্ৰমণৰ ক্ষেত্ৰত সচিব প্ৰধানৰ প্ৰতিক্ৰিয়া বিচৰাত কয়–‘আমি বহুকেইজন ৰাষ্ট্ৰপ্ৰধানক ইউক্ৰেইন ভ্ৰমণ কৰা দেখিলো৷ আমি আশা কৰো, এই সকলোবোৰ ভ্ৰমণে সংঘাতৰ পৰিসমাপ্তি ঘটোৱাত সহায় কৰিব৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই সংঘাতৰ অৱসানৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে, দাবীও জনাইছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ ইউক্ৰেইন ভ্ৰমণো ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অৱসানৰ কাৰক হ’ব বুলি ৰাষ্ট্ৰসংঘই আশা কৰে৷’ উল্লেখ্য, মোদীৰ ভ্ৰমণৰ পূৰ্বেই ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছিল যে, মোদীয়ে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত মধ্যস্থতা নকৰে, বাৰ্তাহে দিব৷ কিয়েভত প্ৰধানমন্ত্ৰীয়ে মুঠেই কটালে ৭ ঘণ্টা৷ কিয়েভত কটাবলগীয়া ৭ ঘণ্টাৰ বাবে ২০ ঘণ্টীয়া ৰে’লযাত্ৰাও ভাৰতৰ বিশ্ব কূটনীতিৰ বাবেই কৰিবলৈ বাধ্য হ’ল নৰেন্দ্ৰ মোদী৷ কিয়নো যোৱা আঠ জুলাইত প্ৰধানমন্ত্ৰী মোদীয়ে কৰা ৰাছিয়া ভ্ৰমণত খৰ্গহস্ত হৈ পৰিছিল আমেৰিকাৰ নেতৃত্বত নাটো গোষ্ঠীৰ পশ্চিমীয়া ৰাষ্ট্ৰ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি  ভল’ডিমিৰ জেলেনস্কিয়ে মোদীৰ ৰাছিয়া ভ্ৰমণক দুৰ্ভাগ্যজনক আখ্যা দি সেয়া অঞ্চলটোৰ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অন্তৰায় বুলি মন্তব্য কৰিছিল৷ আমেৰিকায়ো মুকলিকৈ মোদীৰ ৰাছিয়া ভ্ৰমণৰ ক্ষেত্ৰত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷ যদিও ৰাছিয়াৰ সৈতে ভাৰতৰ মিত্ৰতা ৭৫ বছৰৰ পুৰণি, শীতলযুদ্ধ-উত্তৰ পৰিস্থিতিত নতুন দিল্লীয়ে আমেৰিকা আৰু পশ্চিমৰ বিশ্বৰ অসন্তুষ্টি উপেক্ষা কৰিব নোৱাৰে৷


তদুপৰি নাটোগোষ্ঠীৰ স্নেহধন্য ইউক্ৰেইনক ৰাছিয়াই আক্ৰমণ কৰাৰ পাছত মাৰ্কিনপন্থী পশ্চিমীয়া ৰাষ্ট্ৰই ৰাছিয়াৰ বিৰুদ্ধে কঠোৰতম নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে৷ আনহাতে, ভাৰতে বিশ্ব কূটনীতিত বৰ্তি থাকিবৰ বাবে আমেৰিকা আৰু নাটোৰ পশ্চিমীয়া ৰাষ্ট্ৰৰ অসন্তুষ্টিও উপেক্ষা কৰিব নোৱাৰে৷ নতুন দিল্লী যাতে বিশ্ব কূটনীতিত নিঃসংগ হৈ নপৰে, সেয়া নিশ্চিত কৰি ৰখাৰ বাবেই ৰাছিয়া ভ্ৰমণৰ এমাহৰ পাছতে ইউক্ৰেইন ভ্ৰমণ কৰিবলৈ বাধ্য হৈছে মোদী৷ ইউক্ৰেইনৰ আকাশ বন্ধ হৈ থকাৰ বাবেই তেওঁ পোলেণ্ড ভ্ৰমণ অপৰিহাৰ্য হৈ পৰে৷ মঙলবাৰে মোদী পোলেণ্ডৰ ৰাজধানী ৱাৰশ্ব’ত গৈ উপস্থিত হয়৷ বিয়লি ৩.৩০ বজাত মোদীৰ বিমানে ৱাৰশ্ব’ৰ ফ্ৰেডেৰিক চ’পিন সামৰিক বিমানবন্দৰত অৱতৰণ কৰে৷ মোদীক পোলেণ্ডৰ উপ-বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ৱাৰশ্ব’ত আদৰণি জনায়৷ ইয়াৰ পাছত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্ক আৰু ৰাষ্ট˜পতি এন্দ্ৰেজ ডুডাৰ সৈতে বৈঠকত মিলিত হয়৷ উল্লেখ্য, ১৯৭৯ চনত মোৰাৰজী দেশাইৰ পাছত বিগত ৪৫ বছৰত এয়া ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম পোলেণ্ড ভ্ৰমণ৷প্ৰসংগতঃ উল্লেখযোগ্য, মোদীৰ ইউক্ৰেইন যাত্ৰাক ‘লৌহ কূটনীতি’ বুলি আখ্যা দিয়া হৈছে৷ বিশ্ব কূটনীতিত যাতে ভাৰত নিঃসংগ হৈ নপৰে, তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘লৌহ কূটনীতি’ৰ আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ ‘লৌহ কূটনীতি’ মানে পোলেণ্ডৰ পৰা ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ ৰে’লযোগে কৰা যাত্ৰা৷ ৱাৰশ্ব’ৰ পৰা ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ প্ৰধানমন্ত্ৰী মোদী ‘ৰে’ল ফৰ্চ ৱান’ নামৰ এখন ৰে’লেৰে অহা-যোৱা কৰে আৰু এই দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁক সময়ৰ প্ৰয়োজন হ’ল ২০ ঘণ্টা৷ যুদ্ধবিধবস্ত ইউক্ৰেইনৰ আকাশীপথ নিৰাপদ নহয়৷ সেয়ে তেওঁ পোলেণ্ডৰ পৰা কিয়েভলৈ বিমানেৰে যোৱাৰ কোনো উপায় নাই৷ ইউক্ৰেইনৰ আকাশমাৰ্গত এতিয়াও কোনো বাণিজ্যিক বিমান উৰা নাই৷ এনে পৰিস্থিতিত কিয়েভত কটাবলগীয়া জ্জ ঘণ্টাৰ বাবে মোদীয়ে ২০ ঘণ্টাৰ ৰে’ল ভ্ৰমণ কৰাৰ বিকল্প নাছিল৷ প্ৰসংগতঃ, ইউক্ৰেইন ৰে’লৱেৰ মুখ্য কাৰ্যবাহী বিষয়া আলেকজেণ্ডাৰ কামিছিনে প্ৰথমে ‘লৌহ কূটনীতি’ [আইৰন ডিপ্ল’মেচি] শব্দটো পোলেণ্ডৰ পৰা বিভিন্ন ৰাষ্ট্ৰনেতা যেনে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন, ফৰাছী ৰাষ্ট্ৰপতি ইমানুৱেল মেঁক্ৰ, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি ছুনক আদি কিয়েভলৈ ‘ৰে’ল ফৰ্চ ৱানে’ৰে যাত্ৰা কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল৷ এইবাৰ সেই ‘লৌহ কূটনীতি’ৰ আশ্ৰয় ল’লে মোদীয়ে৷‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ পাছত ইউক্ৰেইন ভ্ৰমণত যুদ্ধৰত দুয়োখন দেশৰ মাজত শান্তি স্থাপনৰ আশা দেখিছে ৰাষ্ট্ৰসংঘই৷ ৰাষ্ট্ৰসংঘই যিদৰে ৰাছিয়াক যুদ্ধৰ পৰা বিৰত কৰিব পৰা নাই, সেইদৰে আমেৰিকা নেতৃত্বাধীন ‘নাটো’ গোষ্ঠীক ইউক্ৰেইনক যুদ্ধাস্ত্ৰ আৰু সাহায্য প্ৰদানৰ পৰা ক্ষান্ত কৰিব পৰা নাই৷ এনে সময়তে মোদীৰ ইউক্ৰেইন ভ্ৰমণে ৰাষ্ট্ৰসংঘক শান্তিৰ আশা দেখুৱাইছে৷ এনে সম্ভাৱনা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে৷ ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টিফান ডুজাৰিক, মোদীৰ ইউক্ৰেইন ভ্ৰমণৰ ক্ষেত্ৰত সচিব প্ৰধানৰ প্ৰতিক্ৰিয়া বিচৰাত কয়–‘আমি বহুকেইজন ৰাষ্ট্ৰপ্ৰধানক ইউক্ৰেইন ভ্ৰমণ কৰা দেখিলো৷ আমি আশা কৰো, এই সকলোবোৰ ভ্ৰমণে সংঘাতৰ পৰিসমাপ্তি ঘটোৱাত সহায় কৰিব৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই সংঘাতৰ অৱসানৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে, দাবীও জনাইছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ ইউক্ৰেইন ভ্ৰমণো ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অৱসানৰ কাৰক হ’ব বুলি ৰাষ্ট্ৰসংঘই আশা কৰে৷’ উল্লেখ্য, মোদীৰ ভ্ৰমণৰ পূৰ্বেই ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছিল যে, মোদীয়ে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত মধ্যস্থতা নকৰে, বাৰ্তাহে দিব৷ কিয়েভত প্ৰধানমন্ত্ৰীয়ে মুঠেই কটালে ৭ ঘণ্টা৷ কিয়েভত কটাবলগীয়া ৭ ঘণ্টাৰ বাবে ২০ ঘণ্টীয়া ৰে’লযাত্ৰাও ভাৰতৰ বিশ্ব কূটনীতিৰ বাবেই কৰিবলৈ বাধ্য হ’ল নৰেন্দ্ৰ মোদী৷ কিয়নো যোৱা আঠ জুলাইত প্ৰধানমন্ত্ৰী মোদীয়ে কৰা ৰাছিয়া ভ্ৰমণত খৰ্গহস্ত হৈ পৰিছিল আমেৰিকাৰ নেতৃত্বত নাটো গোষ্ঠীৰ পশ্চিমীয়া ৰাষ্ট˜৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে মোদীৰ ৰাছিয়া ভ্ৰমণক দুৰ্ভাগ্যজনক আখ্যা দি সেয়া অঞ্চলটোৰ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অন্তৰায় বুলি মন্তব্য কৰিছিল৷ আমেৰিকায়ো মুকলিকৈ মোদীৰ ৰাছিয়া ভ্ৰমণৰ ক্ষেত্ৰত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷ যদিও ৰাছিয়াৰ সৈতে ভাৰতৰ মিত্ৰতা ৭৫ বছৰৰ পুৰণি, শীতলযুদ্ধ-উত্তৰ পৰিস্থিতিত নতুন দিল্লীয়ে আমেৰিকা আৰু পশ্চিমৰ বিশ্বৰ অসন্তুষ্টি উপেক্ষা কৰিব নোৱাৰে৷ তদুপৰি নাটোগোষ্ঠীৰ স্নেহধন্য ইউক্ৰেইনক ৰাছিয়াই আক্ৰমণ কৰাৰ পাছত মাৰ্কিনপন্থী পশ্চিমীয়া ৰাষ্ট˜ই ৰাছিয়াৰ বিৰুদ্ধে কঠোৰতম নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে৷ আনহাতে, ভাৰতে বিশ্ব কূটনীতিত বৰ্তি থাকিবৰ বাবে আমেৰিকা আৰু নাটোৰ পশ্চিমীয়া ৰাষ্ট˜ৰ অসন্তুষ্টিও উপেক্ষা কৰিব নোৱাৰে৷ নতুন দিল্লী যাতে বিশ্ব কূটনীতিত নিঃসংগ হৈ নপৰে, সেয়া নিশ্চিত কৰি ৰখাৰ বাবেই ৰাছিয়া ভ্ৰমণৰ এমাহৰ পাছতে ইউক্ৰেইন ভ্ৰমণ কৰিবলৈ বাধ্য হৈছে মোদী৷ ইউক্ৰেইনৰ আকাশ বন্ধ হৈ থকাৰ বাবেই তেওঁ পোলেণ্ড ভ্ৰমণ অপৰিহাৰ্য হৈ পৰে৷ মঙলবাৰে মোদী পোলেণ্ডৰ ৰাজধানী ৱাৰশ্ব’ত গৈ উপস্থিত হয়৷ বিয়লি ৩.৩০ বজাত মোদীৰ বিমানে ৱাৰশ্ব’ৰ ফ্ৰেডেৰিক চ’পিন সামৰিক বিমানবন্দৰত অৱতৰণ কৰে৷ মোদীক পোলেণ্ডৰ উপ-বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ৱাৰশ্ব’ত আদৰণি জনায়৷ ইয়াৰ পাছত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্ক আৰু ৰাষ্ট˜পতি এন্দ্ৰেজ ডুডাৰ সৈতে বৈঠকত মিলিত হয়৷ উল্লেখ্য, ১৯৭৯ চনত মোৰাৰজী দেশাইৰ পাছত বিগত ৪৫ বছৰত এয়া ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম পোলেণ্ড ভ্ৰমণ৷প্ৰসংগতঃ উল্লেখযোগ্য, মোদীৰ ইউক্ৰেইন যাত্ৰাক ‘লৌহ কূটনীতি’ বুলি আখ্যা দিয়া হৈছে৷ বিশ্ব কূটনীতিত যাতে ভাৰত নিঃসংগ হৈ নপৰে, তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘লৌহ কূটনীতি’ৰ আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ ‘লৌহ কূটনীতি’ মানে পোলেণ্ডৰ পৰা  ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ ৰে’লযোগে কৰা যাত্ৰা৷ ৱাৰশ্ব’ৰ পৰা ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ প্ৰধানমন্ত্ৰী মোদী ‘ৰে’ল ফৰ্চ ৱান’ নামৰ এখন ৰে’লেৰে অহা-যোৱা কৰে আৰু এই দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁক সময়ৰ প্ৰয়োজন হ’ল ২০ ঘণ্টা৷ যুদ্ধবিধবস্ত ইউক্ৰেইনৰ আকাশীপথ নিৰাপদ নহয়৷ সেয়ে তেওঁ পোলেণ্ডৰ পৰা কিয়েভলৈ বিমানেৰে যোৱাৰ কোনো উপায় নাই৷ ইউক্ৰেইনৰ আকাশমাৰ্গত এতিয়াও কোনো বাণিজ্যিক বিমান উৰা নাই৷ এনে পৰিস্থিতিত কিয়েভত কটাবলগীয়া ৭ ঘণ্টাৰ বাবে মোদীয়ে ২০ ঘণ্টাৰ ৰে’ল ভ্ৰমণ কৰাৰ বিকল্প নাছিল৷ প্ৰসংগতঃ, ইউক্ৰেইন ৰে’লৱেৰ মুখ্য কাৰ্যবাহী বিষয়া আলেকজেণ্ডাৰ কামিছিনে প্ৰথমে ‘লৌহ কূটনীতি’ [আইৰন ডিপ্ল’মেচি] শব্দটো পোলেণ্ডৰ পৰা বিভিন্ন ৰাষ্ট্ৰনেতা যেনে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন, ফৰাছী ৰাষ্ট্ৰপতি ইমানুৱেল মেঁক্ৰ, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি ছুনক আদি কিয়েভলৈ ‘ৰে’ল ফৰ্চ ৱানে’ৰে যাত্ৰা কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল৷ এইবাৰ সেই ‘লৌহ কূটনীতি’ৰ আশ্ৰয় ল’লে মোদীয়ে৷