Logo
image

অভিন্ন পেন্সন প্ৰকল্প ঘোষণা কেন্দ্ৰৰ, কি কি সুবিধা কৰ্মচাৰীলৈ?

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ আগষ্ট:  চৰকাৰী কৰ্মচাৰীৰ পেন্সনক লৈ বিতৰ্ক-আন্দোলন চলি থকাৰ মাজতে এইবাৰ অভিন্ন পেন্সন নীতিত ছীল-মোহৰ মাৰিলে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ শনিবাৰে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসভাই ইউনিফাইড পেন্সন স্কীম চমুকৈ ইউপিএছ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এতিয়াৰে পৰা ইউপিএছ পেন্সন ব্যৱস্থা কাৰ্যকৰী হ’ব৷– এই কথা সদৰী কৰিছে কেন্দ্ৰীয় ৰে’ল দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে৷ মন্ত্ৰীজনে প্ৰকাশ কৰা মতে, নতুন পেন্সন প্ৰকল্পৰ জৰিয়তে উপকৃত হ’ব দেশৰ ২৩ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী৷ পুৰণি পেন্সন নীতিতকৈ সম্পূৰ্ণ পৃথক হ’ব নতুন পেন্সন প্ৰকল্পটো৷ চাকৰি ম্যাদৰ ওপৰত নিৰ্ভৰ কৰিব পেন্সনৰ পৰিমাণ৷ অৰ্থাৎ উক্ত নতুন পেন্সন নীতি অনুসৰি কোনো কৰ্মচাৰীয়ে যদি ২৫ বছৰ চাকৰি কৰে, তেনেক্ষেত্ৰত অৱসৰৰ পূৰ্বৰ ১২ মাহত যিমান পৰিমাণৰ বেছিক পে’ লাভ কৰে তাৰ ৫০ শতাংশ পেন্সন হিচাপে লাভ কৰিব৷



আনহাতে, যদিহে পেন্সনভোগী কৰ্মচাৰীজনৰ মৃত্যু হয় তেনেহ’লে কৰ্মচাৰীজনে লাভ কৰা পেন্সনৰ ধনৰ ৬০ শতাংশ পেন্সন হিচাপে লাভ কৰিব মৃতকৰ পৰিয়ালে৷ তদুপৰি কোনো কৰ্মচাৰীয়ে যদি ১০ বছৰ চাকৰি কৰি পদত্যাগ কৰে, তেনেক্ষেত্ৰতো কৰ্মচাৰীজনে ১০ হাজাৰ টকাকৈ মাহিলী পেন্সন লাভ কৰিব৷ বৰ্তমান যিসকল কৰ্মচাৰী নেচনেল পেন্সন স্কীম অৰ্থাৎ এন পি এছৰ অধীনত আছে তেওঁলোকে এতিয়াৰে পৰা ইউ পি এছলৈ আহিব পাৰিব৷ অৱশ্যে এই নতুন ইউ পি এছ স্কীম ২০২৫ চনৰ পহিলা এপ্ৰিলৰ পৰাহে দেশত কাৰ্যকৰী হ’ব৷ উল্লেখ্য, বৰ্তমান প্ৰচলিত এপিএছ আঁচনিত কৰ্মচাৰীসকলে ১০ শতাংশ আৰু চৰকাৰে ১৮ শতাংশ অংশ থাকে৷ কিন্তু ইউ পি এছ প্ৰকল্পত চৰকাৰৰ অংশ থাকিব ১৮৫ শতাংশ৷