তেজপাতেৰে চুলিৰ যতন লওক
আজি কালি প্ৰায়েই বিভিন্ন জনৰ মুখত কম বয়সত চুলি পকা চুলি সৰা সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ এনে ক্ষেত্ৰত এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন জনে বজাৰত উপলব্ধ ৰাসায়নিক তথা ঔষধ ব্যৱহাৰ কৰে৷ পিছে এনে ৰাসায়নিক বা ঔষধ প্ৰয়োগৰ ফলত কেতিয়াবা আন শাৰীৰিক সমস্যাৰো সৃষ্টি হ’ব পাৰে৷ কম বয়সতে চুলি সৰা বা চুলি পকা সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱাভাৱেও ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়৷ সাধাৰণতে ভিটামিনৰ অভাৱ, প্ৰদূষণ আদিৰ ফলত চুলি অকালতে সৰাৰ দৰে সমস্যা হয়৷ চুলি সৰাৰ পৰা হাত সাৰিবলৈ তেজপাত বিশেষভাৱে ব্যৱহাৰ কৰিব পাৰি৷ বিশেষ পদ্ধতিৰে এসপ্তাহ তেজপাত ব্যৱহাৰ কৰিলেই চুলি সৰা সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
১) চুলি সৰাত তেজপাতে বাধা দিয়ে : দহটা তেজপাত ভালদৰে ধুই লৈ ৰ লিটাৰমান পানীত উতলাব লাগে৷ তেজপাতৰ সৈতে পানীখিনি উতলোৱাৰ পাছত তেজপাতখিনি আঁতৰাই ৰাখি আৰু প্ত-৬ মিনিটমান উতলাই পানীখিনি ঠাণ্ডা হ’বলৈ দিব লাগে৷ পাছত সেই পানীৰে চুলিখিনি ধুই পেলাব লাগে৷ এইদৰে তেজপাত গৰম পানীত সিজাই লৈ সেই পানীৰে এসপ্তাহমান চুলি ধুলে চুলি সৰা বন্ধ হ’ব৷
২) শুকান চুলিৰ যতন : চুলি সৰাৰ উপৰি শুকান চুলিৰ সমস্যাৰ পৰা হাত সাৰিবলৈ তেজপাত ব্যৱহাৰ কৰিব পাৰি৷ দুকাপমান পানীত চাৰি-পাঁচটামান তেজপাত সিজাই লোৱাৰ পাছত এটা পাত্ৰত পানীখিনি ঠাণ্ডা কৰক৷ পাছত চেম্পুৰে চুলিখিনি ধোৱাৰ পাছত তেজপাত সিজোৱা পানীখিনিৰে চুলিখিনি ভালদৰে ধুই পেলাব লাগে৷ এইদৰে ধোৱাৰ পাছতে পুনৰ পৰিষ্কাৰ পানীৰে চুলিখিনি ধুব লাগে৷
৩) চুলিত হোৱা খজুৱতিৰ পৰা উপশম : চুলি সৰাৰ উপৰি চুলিৰ গুৰিত মলি জমা হৈ সৃষ্টি হোৱা খজুৱতিৰ পৰাও ৰক্ষা পাবলৈ তেজপাত ব্যৱহাৰ কৰিব পাৰি৷ কেতিয়াবা তেজপাত শুকুৱাই লৈ গুৰি কৰি কোনো পাত্ৰত ৰাখিব লাগে৷ তেজপাতৰ সেই গুৰি পানীত সিজাই লৈ পানীখিনি ঠাণ্ডা হোৱাৰ পাছত চুলি ধুলে খজুৱতিৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি৷