Logo
image

অখিল-লুৰীণৰ বিৰুদ্ধে বিজেপিৰ ব্ৰহ্মাস্ত্ৰ হ’বগৈ পাৰে শৃংখল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ আগষ্ট : উজনী অসমত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ দৰে আঞ্চলিকতাবাদী শক্তিসমূহক প্ৰত্যাহ৩ান জনোৱাৰ ব্লুপ্ৰিণ্ট হিচাপে বিজেপি দলে শৃংখল চলিহাক ব্যৱহাৰ কৰিব নেকি? শেহতীয়ভাৱে শিৱসাগৰত ৩০ টা সংগঠনৰ নেতৃত্ব লৈ শৃংখল চলিহাই আৰম্ভ কৰা বহিৰাগত বনাম খিলঞ্জীয়াৰ যুঁজখন গৈ এতিয়া মিঞা বনাম খিলঞ্জীয়া হৈ পৰিছে৷ উজনী অসম ত্যাগ কৰিবলৈ মিঞাক চৰম সীমা বান্ধি দিছে শৃংখল চলিহা আৰু তেওঁৰ নেতৃত্বাধীন ৩০ টা সংগঠনে৷ আৰু ইয়াৰ পূৰ্ণ সুযোগ ল’ব বিচাৰিছে গেৰুৱা দলটোৱে৷ উল্লেখ্য যে লোকসভাৰ নিৰ্বাচনৰ সময়ত উজনী অসমত মিঞা বিৰোধী আৰু নামনি তথা মধ্য অসমত মিঞা পক্ষ লোৱা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে নিজৰ মিঞা বিৰোধী স্থিতি অধিক শক্তিশালী কৰি তুলিছে৷ মুখ্যমন্ত্ৰীৰ এই ৰাজনৈতিক অংকত সহাৰি জনাই ধিং কাণ্ডৰ পাছত উজনী অসমতো আৰম্ভ হৈছে মিঞা বিৰোধী অভিযান৷ এই অভিযানৰ নেতৃত্ব লৈছে শৃংখল চলিহাই৷ লক্ষণীয়ভাৱে বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমত ধৰ্মীয় মেৰুকৰণৰ যি অভিযান মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে আৰম্ভ কৰিছে সেই অভিযানত শৃংখল চলিহাৰ শেহতীয়া কাম-কাজে বিজেপি দলক যথেষ্ট সহায় কৰিছে৷



মিঞা বিৰোধী অভিযানৰ জৰিয়তে বিজেপিয়ে উজনী অসমত এক গুলীত দুটা চিকাৰ কৰিব বিচাৰিছে৷ ইয়াৰে প্ৰথমটো হ’ল ধৰ্মীয় মেৰু বিভাজনৰ দ্বাৰা হিন্দু ভোট বিজেপিৰ সপক্ষে একত্ৰিত কৰা আৰু শিৱসাগৰ সমষ্টিত অখিল গগৈৰ সমান্তৰালভাৱে অন্য এজন নেতা থিয় কৰোৱা৷ কেৱল অখিল গগৈয়ে নহয়৷ লুৰিণ জ্যোতি গগৈৰ দৰে জাতীয়তাবাদী নেতাৰ সন্মুখতো অন্য এজন নেতাক থিয় কৰাব বিচাৰিছে গেৰুৱা দলটোৱে যাৰ এক সুকীয়া পৰিচয় আছে আঞ্চলিকতাবাদী-জাতীয়তাবাদী হিচাপে৷ আৰু এই ক্ষেত্ৰত শৃংখল চলিহাক ব্ৰহ্মাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে বিজেপি দলে৷ যাৰ বাবে বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত শৃংখল চলিহাই আৰম্ভ কৰা অভিযানত চৰকাৰী পক্ষই পৰোক্ষভাৱে সমৰ্থন জনায়৷ অতি কৌশল পূৰ্ণস্থিতি গ্ৰহণ কৰি বহিৰাগত ব্যৱসায়ী সকলে ৰাজহুৱাভাৱে ক্ষমা বিচৰা অনুষ্ঠানত উপস্থিত থাকে স্বয়ং কেবিনেট মন্ত্ৰী এজন, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক৷ ৩০টা সংগঠনৰ নেতৃত্ব লৈ শৃংখল চলিহাই চলোৱা এই বহিৰাগত বিৰোধী আন্দোলনক কঠোৰ হাতেৰে দমন কৰাৰ বিপৰীতে চৰকাৰী পক্ষই সংগোপনে ইয়াক সাৰ পানীহে যোগায়৷ শিৱসাগৰৰ এই বহিৰাগত বিৰোধী আন্দোলনক লৈ অখিল গগৈ আৰু ৰাইজৰ দল ধৰ্ম সংকটৰ সন্মুখীন হয়৷ যাৰ বাবে অখিল গগৈ অতি সদৰ্পনে এই অভিযানৰ পৰা নিজকে আতৰাই ৰাখে৷

নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত অখিল গগৈয়ে পূৰ্বৰে পৰা শৃংখল চলিহাৰ পৰা আঁতৰত আছে৷ দুয়োজন নেতাৰ মাজত যথেষ্ট ব্যৱধান দেখিবলৈ পোৱা গৈছে৷ শেহতীয়াভাৱে ধিং কাণ্ডই যে অধিক সুযোগ আনি দিলে বিজেপিক৷ বৰ্তমান বিজেপিৰ পৰিৱৰ্তে শৃংখল চলিহাৰ নেতৃত্বতে উজনী অসমত চলি আছে মিঞা বিৰোধী অভিযান৷ এই অভিযানৰ ক্ষেত্ৰতো চৰকাৰী পক্ষই ৰহস্যজনকভাৱে নীৰব ভূমিকা পালন কৰি শৃংখল চলিহাক পৰোক্ষভাৱে সমৰ্থন আগবঢ়াই আছে৷ শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ পাছতো চৰকাৰে এই ক্ষেত্ৰত নমনীয় স্থিতি গ্ৰহণ কৰি শৃংখল চলিহাক নিজৰ মিঞা বিৰোধী অভিযান অব্যাহত ৰখাৰ পূৰ্ণ সুযোগ প্ৰদান কৰিছে৷ উজনী অসমৰ এই মিঞা বিৰোধী অভিযানত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ দলে ৰাজ্যৰ অন্য অংশ ভোট বেংকৰ স্বাৰ্থত মুকলি মুৰীয়াভাৱে শৃংখলৰ হাতত হাত ধৰি ৰাজপথত নামি পৰা নাই৷ দল দুটাৰ বিৰুদ্ধে এই ক্ষেত্ৰত শৃংখল চলিহাক অতি কৌশলৰে ব্যৱহাৰ কৰিব বিচাৰিছে বিজেপি দলে৷ যাৰ বাবে শৃংখল চলিহা এতিয়া যেন অখিল গগৈ আৰু লুৰিণ জ্যোতি গগৈৰ বিৰুদ্ধে বিজেপিৰ এক ৰাজনৈতিক অস্ত্ৰ হৈ পৰিছে বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে৷ যাৰ বাবে বহিৰাগত আৰু মিঞা বিৰোধী অভিযানত শৃংখল চলিহাক মুকলিমুৰীয়াভাৱে আগবাঢ়ি যোৱাত বাধা দিয়া নাই ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে৷

নগাঁৱত শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ


‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ : বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু জাতীয় সংগ্ৰামী সেনাৰ চিতু বৰুৱাৰ বিৰুদ্ধে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নগাঁও সদৰ আৰক্ষী থানাত আজি গোচৰ তৰিছে৷ নেতাদ্বয়ৰ বিৰুদ্ধে উচতনিমূলক বক্তব্য দিয়াৰ অভিযোগ তুলি সংখ্যালঘু সংগ্ৰাম পৰিষদে এই গোচৰ তৰিছে৷ ধিং কাণ্ডৰ আলম লৈ এই দুজন নেতাই উজনি অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে বুলি সংখ্যালঘু সংগ্ৰাম পৰিষদে অভিযোগ কৰিছে৷ পৰিষদে মুছলমান শ্ৰমিকৰ ওপৰত চলোৱা অত্যাচাৰ বন্ধ কৰাৰ দাবী জনায়৷