Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ পৰা আমি কি বিচাৰোঁ

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ে লাভ কৰিলে এজন নতুন উপাচাৰ্য৷  ২১ আগষ্টত  বিশ্ববিদ্যালয়খনত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰিলে  ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড॰ ননীগোপাল মহন্তই৷ ১৯৪৮ চনৰ চ্ছ জানুৱাৰীত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ প্ৰচেষ্টাত স্থাপন হোৱা গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকৃততে প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠুস্বৰূপ৷ স্থাপন হোৱাৰ দিন ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ে পালন কৰি অহা ভূমিকাৰ কথা মুকলিকৈ আলোচনা কৰে দেশৰ নাগৰিকে৷ বৰ্তমান প্ৰায় ৩৫০খন মহাবিদ্যালয়ৰ সাত লাখ ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ বিলোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰত প্ৰতিজন অসমীয়াৰ আছে অনেক আস্থা৷এনে এক শুভক্ষণত নতুন দায়িত্ব গ্ৰহণ কৰা উপাচাৰ্য ড॰ ননী গোপাল মহন্তৰ সন্মুখত আহি পৰিব অনেক প্ৰত্যাহ্বান৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে সততে অভিযোগ আহে পৰীক্ষাক কেন্দ্ৰ কৰি৷ নিৰ্দিষ্ট সময়ত পৰীক্ষা অনুষ্ঠিত কৰা আৰু ফলাফল ঘোষণা কৰা কৰ্মত যেন ব্যৰ্থ বিশ্ববিদ্যালয়খনৰ পৰীক্ষা বিভাগ৷ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত সম্পৰ্ক থকা পৰীক্ষাবোৰৰ ফলাফল ঘোষণাত থকা বিসংগতিবোৰ নিৰ্মূল কৰাত ব্যৰ্থ হোৱা বিশ্ববিদ্যালয়খনক পুনৰ এটা গতি দিয়াটো হ’ব ড॰ মহন্তৰ প্ৰধান প্ৰত্যাহ্বান৷ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ সম্পৰ্কত থকা আবেদনবোৰক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি শুদ্ধ ফলাফল দিয়াত ত্ৰুটি কৰিব নালাগিব বিশ্ববিদ্যালয়খনে৷



একেলগে তিনিটাকৈ ষান্মাসিকৰ পৰীক্ষা চলাব লগা হোৱা স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উপস্থিত থাকে, অথচ ফলাফলত দেখিবলৈ পায় অনুপস্থিত বুলি৷ মহাবিদ্যালয়ত সম্পন্ন হোৱা আভ্যন্তৰীণ পৰীক্ষাৰ নম্বৰসমূহ সঠিকভাৱে গ্ৰহণ কৰাত যেন কৃপণালি কৰে বিশ্ববিদ্যালয়ৰ পৰীক্ষা বিভাগে৷ ফলাফলৰ বিসংগতি হোৱা ছাত্ৰ-ছাত্ৰীসকলে এটা শুদ্ধ ফলাফলৰ আশাত বিশ্ববিদ্যালয়লৈ কিয় ঢাপলি মেলিব লাগে? প্ৰতিখন মহাবিদ্যালয়ৰ অধ্যক্ষসকলে কিয় ছাত্ৰ-ছাত্ৰীক প্ৰেৰণ কৰে বিশ্ববিদ্যালয়ৰ পৰীক্ষা বিভাগলৈ? প্ৰতিখন মহাবিদ্যালয়তে ছাত্ৰ-ছাত্ৰীৰ পৰা আবেদন গ্ৰহণ কৰি অধ্যক্ষসকলে ফলাফলৰ বিসংগতি দূৰ কৰাত কিয় সহায় নকৰে? পৰীক্ষাৰ বাবদ মাচুল পৰিশোধ কৰা ছাত্ৰ-ছাত্ৰীয়ে, বহীৰ পুনৰ মূল্যায়নৰ বাবে কিয় পুনৰ মাচুল দিব লাগে?গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে বৰ্তমান এক দায়িত্ব আহি পৰিছে অধীনস্থ মহাবিদ্যালয়সমূহত অনুষ্ঠিত হোৱা পৰীক্ষাবোৰৰ এক সংস্কাৰ সাধন কৰা৷ ৰাজ্যৰ বহুতা মহাবিদ্যালয়ত পৰীক্ষাৰ নামত চলা কুকৰ্মবোৰ নিৰ্মূল কৰাটো প্ৰয়োজন৷ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ বহীবোৰ নিৰীক্ষণৰ কৰ্মত কোনবোৰ অধ্যাপক নিয়োজিত হয় বা একোজন অধ্যাপকে কেইবাহাজাৰ বহী কেনেকৈ নিৰীক্ষণ কৰিব পাৰে তাৰো বিশ্লেষণৰ প্ৰয়োজন৷ বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহক ‘সোণৰ কণী পৰা হাঁহ’ হিচাপে গ্ৰহণ কৰা নীতিৰো পৰিৱৰ্তনৰ পোষকতা কৰো৷ মহাবিদ্যালয় সমূহে প্ৰতিটো বিষয়ৰ এফিলিয়েশ্বনৰ [Affiliation] নামত কিয় প্ৰতিটো বৰ্ষতে বিশ্ববিদ্যালয়ক মাচুল দিব লাগে? এটা বিষয়ৰ এফিলিয়েশ্বন এবাৰতেই সংগ্ৰহ কৰাৰ নীতি গ্ৰহণ কৰিলে উপকৃত হ’ব মহাবিদ্যালয়সমূহ৷ বৰ্তমান অসমৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষ পদৰ সাক্ষাৎকাৰ কমিটীৰ সভাপতি হয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজন৷ বিগত সময়ছোৱাত বিশ্ববিদ্যালয়ত অনুষ্ঠিত সাক্ষাৎকাৰবোৰত নিয়ম বহিৰ্ভূতভাৱে ৰাজনৈতিক নেতাৰ প্ৰৰোচনাত অদক্ষ ব্যক্তিক মহাবিদ্যালয়ৰ অধ্যক্ষ পদত নিযুক্তি দিয়া বহুতো অভিযোগ কাকতত প্ৰকাশ হৈছে৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজন যদি ৰাজনৈতিক নেতাৰ নিৰ্দেশত পৰিচালিত হয়, ইয়াতকৈ দুৰ্ভাগ্যৰ কথা একো নাই৷ আশা কৰো যাতে উপাচাৰ্য ড॰ মহন্তৰ কাৰ্যকালত এনেবোৰ অভিযোগৰ পৰা মুক্ত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়৷ সত্য আৰু ন্যায়ৰ তত্বত পৰিচালিত হওক গুৱাহাটী বিশ্ববিদ্যালয়৷