Logo
image

কিডনী বেয়া হ’লে কেনেকৈ জানিব

কিডনী বা বৃক্ক হৈছে শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ৷ পিছে বিভিন্ন কাৰণত কিডনী অকামিলা হ’ব পাৰে৷ কিডনীৰ ৰোগে নীৰৱে শৰীৰৰ ক্ষতি কৰি থাকে৷ এই ৰোগ জটিল পৰ্যায়ত উপনীত নোহোৱালৈকে ইয়াৰ লক্ষণসমূহ ভালদৰে প্ৰকাশ নাপায়৷ সেয়ে কিডনী ৰোগৰ প্ৰাথমিক লক্ষণসমূহ আগতীয়াকৈ জানি থোৱা ভাল৷ 

১) অনিয়ন্ত্ৰিত জীৱন-যাপন তথা দীৰ্ঘদিন ধৰি ডায়েবেটিছ অথবা উচ্ছ ৰক্তচাপ, প্ৰস্ৰাৱত সমস্যা আদি হ’লে কিডনীৰ ৰোগ হোৱাৰ আশংকা থাকে৷ অৱশ্যে জন্মগত কিছুমান সমস্যাৰ বাবেও কিডনীৰ ৰোগ হয়৷ 

২)  এজন সুস্থ ব্যক্তিৰ হঠাতে প্ৰচণ্ড বমি বা শৌচ পাতল হ’লে সেয়া কিডনী ৰোগৰ লক্ষণ হ’ব পাৰে৷ তদুপৰি বিষৰ টেবলেট নিয়মীয়াকৈ খালেও কিডনী ৰোগ হোৱাৰ আশংকা থাকে৷  

৩)  অত্যধিক মাছ-মাংস খালেও কিডনীৰ ক্ষতি হোৱাৰ আশংকা থাকে৷ উল্লেখ্য যে শৰীৰৰ পৰা অত্যধিক প্ৰ’টিন ওলাই গ’লে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে৷ ফলত ৰোগীৰ ভৰিত পানী জমা হ’বলৈ ধৰে আৰু ৰক্তচাপ বাঢ়ে৷

৪)  ৰাষ্ট্ৰীয় কিডনী ইনষ্টিটিউটৰ পঞ্জীয়ক ডাঃ হাছিনাতুল জান্নাতৰ মতে শৰীৰত থকা এলবুমিন নামৰ অপৰহিাৰ্য প্ৰ’টিনে টিছুৰ বা কলাসমূহৰ স্বাস্থ্য নিয়ন্ত্ৰণ কৰি ৰাখে৷ এইবিধ উপাদানে ৰক্তক্ষৰণ প্ৰতিৰোধ কৰে আৰু দেহত তৰল, ৰক্ত তথা অন্যান্য গুৰুত্বপূৰ্ণ টিছুসমূহ বজাই ৰখাত সহায় কৰে৷

কিডনী ৰোগৰ চিকিৎসা দীঘলীয়া হয়৷ সময়মতে এই ৰোগৰ চিকিৎসা নকৰিলে কিডনী নষ্ট হোৱাৰ আশংকা থাকে৷ 

কিডনী নষ্ট হ’লে কেনেদৰে বুজিব : 

৫)  ভৰি ফুলিবলৈ ধৰিলে সাৱধান হওক৷ চিকিৎসকৰ পৰামৰ্শ লওঁক৷

৬)  প্ৰস্ৰাৱত সমস্যা বা জ্বলাপোৰা নাইবা কমকৈ প্ৰস্ৰাৱ হ’লে সাৱধান হওক৷

৭)  খাদ্যত অৰুচি, বমি ভাৱ বা বাৰে বাৰে বমি হ’লে চিকিৎসকৰ পৰামৰ্শ লওক৷

৮)  ডায়েবেটিক ৰোগীসকলৰ ইনছুলিনৰ মাত্ৰা কমিলে সেয়াও কিডনী বেয়া হোৱাৰ লক্ষণ হ’ব পাৰে৷