Logo
image

চম্পাই ছোৰেণক বিজেপিলৈ আনিলে হিমন্তবিশ্বই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ আগষ্ট : ৰাজ্য এৰি আন ৬জন সতীৰ্থ জে এম এম বিধায়কৰ সৈতে দিল্লীত আশ্ৰয় লোৱাৰ প্ৰায় এসপ্তাহৰ পাছত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেণে বিজেপিত যোগদান কৰাটো নিশ্চিত হৈছে৷ সোমবাৰে মাজনিশা এই কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷   কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসভৱত চম্পাই ছোৰেণ, হিমন্ত বিশ্ব শৰ্মা আৰু স্বয়ং অমিত শ্বাহ একেলগে বহি থকা এখন ফটোসহ হিমন্ত বিশ্ব শৰ্মাই এই খবৰ এক্স হেণ্ডলত ঘোষণা কৰিছিল৷ চম্পাই ছোৰেণ প্ৰায় এসপ্তাহ অলিশ্চয়তাৰে নতুন দিল্লীত বাহৰ পাতি থকাৰ পাছত সোমবাৰে ছোৰেণে বিজেপিত যোগদান কৰা নিশ্চিত হয়, য’ত হিমন্ত বিশ্ব শৰ্মায়ো আলোচনাত ভাগ লোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে ঝাৰখণ্ডৰ সহ প্ৰভাৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা এই আলোচনাত থকা অৱধাৰিত৷ কিন্তু দুয়োপক্ষৰ আলোচনাৰ ফলপ্ৰসূ মীমাংসাত তেওঁৰ অবদান কেনে আৰু কিমান, সেয়া কোনো পক্ষই নিশ্চিত কৰা নাই৷



কিন্তু দিল্লীৰ পৰা, অমিত শ্বাহৰ বাসভৱনত একেলগে বহি ফটোসহ মাজনিশা চম্পাই ছোৰেণৰ বিজেপিত যোগদানৰ খবৰ প্ৰকাশ কৰালৈ চাই এই কৃতিত্ব হিমন্ত বিশ্ব শৰ্মাৰে বুলি অনেকেই দাবী কৰে৷যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা ৩ জুলাইলৈ চম্পাই ছোৰেণ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হৈ আছিল৷ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণক চিবিআয়ে গ্ৰেপ্তাৰ কৰাত বৰ্ষীয়ান নেতা চম্পাই ছোৰেণক মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছিল৷ হেমন্ত ছোৰেণ কাৰামুক্ত হোৱাত তেওঁ পুনৰ মুখ্যমন্ত্ৰীৰ আসন অধিকাৰ কৰে আৰু দায়িত্ব এৰিবলৈ কোৱাত চম্পাই ছোৰেণ ক্ষুণ্ণ হৈ পৰে৷ দুমাহতকৈ কম সময় নীৰৱে থকাৰ পাছত যোৱা সপ্তাহত তেওঁ ৬ সতীৰ্থ বিধায়কসহ নতুন দিল্লীলৈ ৰাওনা হয় আৰু দলৰ ভিতৰত তথা ৰাজ্যত তেওঁ অপমানিত হোৱা বুলি অভিযোগ তোলে৷ তেওঁ নিজে দল গঠন কৰাৰ কথাও কৈছিল৷ কিন্তু অৱশেষত বিজেপিতে যোগদান কৰে৷ চম্পাই ছোৰেণ হেমন্ত ছোৰেণৰ পিতৃ শিবু ছোৰেণৰ অনুজ সতীৰ্থ আছিল আৰু ঝাৰখণ্ড ৰাজ্য গঠনৰ বাবে একেলগে আন্দোলন কৰিছিল৷