Logo
image

পেটৰ মেদ কমাবলৈ এই খাদ্যাভাস কৰক

পেটৰ অতিৰিক্ত চৰ্বিক লৈ দুঃশ্চিন্তাৰ অন্ত নাই৷ কিদৰে পেটৰ চৰ্বি কমাব পাৰি তাৰ বিভিন্ন কৌশল অৱলম্বন কৰা হয়৷ বয়সৰ কোনো ব্যৱধান নথকাকৈ বিভিন্ন সময়ত মানুহৰ পেটত মেদ জমা হয় আৰু এই মেদবহুলতাই লিভাৰত প্ৰভাৱ পেলাব পাৰে৷ যাৰ বাবে লিভাৰে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ পৰে৷

১) পানী : পানীয়ে মাত্ৰ তৃষ্ণা দূৰ কৰাই নহয়, ই শৰীৰৰ পৰা বিষাক্ত উপাদানবিলাক দূৰ কৰি ক্ষুধা নিয়ন্ত্ৰণত ৰাখে৷ পেটৰ মেদ  কমোৱাৰ সহজলভ্য  আৰু উৎকৃষ্ট উপাদান হ’ল পানী৷

২) তিয়ঁহ আৰু আদা : প্ৰাচীন কালৰে পৰা আদা ঔষধি উপাদান হিচাপে ব্যৱহাৰ হৈ আহিছে৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, এন্টিপ্ৰদাহ আৰু গেষ্ট্ৰ'’ইণ্টেষ্টাইনাল জাতীয় সমস্যাৰ পৰা সকাহ পোৱাত আদা বেছ উপকাৰী উপাদান হিচাপে বিবেচিত৷ আদা আৰু তিয়ঁহ মিশ্ৰিত পানীয়ই পেটৰ চৰ্বি নাইকিয়া কৰাত মেজিকৰ দৰে কাম কৰে৷ গৰম কালত পুৱাই উঠি তিয়ঁহৰ চৰ্বত খালে সুফল পোৱা যায়৷ তিয়ঁহৰ চৰ্বতত নেমু, আদা, আদি মিশ্ৰণ কৰি দিব পাৰে৷ তিয়ঁহত প্ৰচুৰ ফাইবাৰ পোৱা যায়৷ প্ৰতিদিনে তিযঁহৰ পানীয় খালে বিপাকক্ৰিয়া ভাল হয়৷ এইবিধ পানীয়ই শৰীৰৰ অতিৰিক্ত মেদ, ওজন কমায় আৰু কোষ্ঠকাঠিন্য দূৰ কৰে৷

৩) আদাৰ সৈতে গ্ৰীণ টি : শৰীৰৰ বিপাকৰ ক্ষেত্ৰত বেছ ফলপ্ৰসূ পানীয় হ’ল গ্ৰীণ টি৷ গ্ৰীণ টিয়ে মস্তিষ্ক সচল আৰু সতেজ কৰি ৰাখে লগতে কৰ্কটৰ আশংকা কমায়৷ চৰ্বি শোষণৰ মাত্ৰা কমোৱাত সহায় কৰে গ্ৰীণ টিয়ে৷ গ্ৰীণ টিৰ লগত  আদা বা নেমু মিশ্ৰণ কৰি খাব পাৰি৷ এই পানীয় স্বাস্থ্যৰ কাৰণে বেছ উপকাৰী৷

৪) নেমু পানী : নেমুত ছাইট্ৰিক এচিড পোৱা যায়৷ ই লিভাৰ সুস্থ কৰি ৰখাৰ লগতে টক্সিন দূৰ কৰাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ নেমুৱে শৰীৰৰ পৰা বিষাক্ত উপাদান দূৰ কৰি ওজন কমোৱাত বিশেষভাৱে সহায় কৰে৷ নেমু পানী পেটৰ চবি কমোৱাত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷

৫) নাৰিকলৰ পানী : নাৰিকলৰ পানীত সকলোধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ থাকে৷ এইবিধ পানীয়ত কেলৰিৰ পৰিমাণ কম থাকে৷ ই পেটৰ চৰ্বি কমোৱাত ঔষধৰ দৰে কাম কৰে৷