Logo
image

গায়ত্ৰীমন্ত্ৰ-প্ৰাণায়ামে নাইকিয়া কৰে কৰ’না!

আই চি এম আৰৰ তত্বাৱধনাত গৱেষণা

আমাৰ অসম’ ২২মাৰ্চঃ গায়ত্ৰী মন্ত্ৰ আৰু যোগ সাধনা কৰিলে কৰ’না আঁতৰে! কেন্দ্ৰীয় বিজ্ঞান মন্ত্ৰণালয়ৰ সহযোগত এই বিষয়ে এইম্‌ছত গৱেষণা চলি আছে৷ উল্লেখ্য যে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ অৰ্থাৎ আই চি এম আৰৰ তত্ত্বাৱধানত এই গৱেষণা চলিছে৷ ঋষিকেশত থকা এইম্‌ছত সম্প্ৰতি ২০জন ক’ভিড আক্ৰান্তক ইয়াৰ বাবে নিৰ্বাচন কৰি দুটা ভাগত ভগোৱা হৈছে৷ ইয়াৰে এটা ভাগত কৰ’নাৰ ৰোগীসকলক প্ৰথাগত পদ্ধতিৰে চিকিৎসা কৰাৰ উপৰি প্ৰতিজন ৰোগীক পুৱা আৰু সন্ধিয়া গায়ত্ৰী মন্ত্ৰ জপ কৰাৰ ব্যৱস্থা কৰিছে এইম্‌ছে৷ একেদৰে কৰা হৈছে এঘণ্টাৰ প্ৰাণায়ামৰ ব্যৱস্থা৷ দুসপ্তাহ অৰ্থাৎ ১৪ দিন ধৰি এই পৰীক্ষা চলিব৷ পৰৱৰ্তী সময়ত এই ব্যৱস্থাৰ জৰিয়তে লাভ কৰা তথ্য বিশ্লেষণ কৰি চোৱা হ’ব যে গায়ত্ৰী মন্ত্ৰ আৰু প্ৰাণায়ামৰ জৰিয়তে কৰ’না আক্ৰান্ত লোকসকল উপকৃত হৈছেনে নে নাই৷