Logo
image

চুলি সংৰোপণ কৰি আপুনি সলনি কৰিব পাৰে নিজৰ ইমেজ

ক’লা চুলি একোছাৰ অধিকাৰী হ’বলৈ কাৰণো বাৰু মন নাযায়৷ মূৰৰ চুলি নোহোৱা মানুহে নিজকে তপা বুলি বৰ হীনমান্যতাত ভোগে৷ চুলিকোছা সযতনে ৰাখিবলৈ মানুহে কিমান কিনো নকৰে৷ মূৰৰ চুলিৰ ঘনত্ব বেছি দেখুৱাবৰ কাৰণে মানুহে বিভিন্ন পন্থা অৱলম্বন কৰে৷ কোনোৱে আনৰ চুলিৰ ওপৰত ভৰষা কৰি উইগ পিন্ধে, কোনোৱে আকৌ ‘হেয়াৰ ট্ৰান্সপ্লাণ্ট’ অৰ্থাৎ পুনৰ সংৰোপণ কৰাৰ চিন্তা-ভাৱনা কৰে৷ বলীউডৰ গ্লেমাৰ জগতৰ বনি কাপুৰ, হূত্বিক ৰোছন, ৰণবীৰ কাপুৰ কিংবা ক্ৰিকেট তাৰকা মহম্মদ ছামিয়ে চুলি সংৰোপণ পদ্ধতিৰে নিজৰ চেহেৰাই সলনি কৰি পেলালে৷ ৬৭ বছৰ বয়সত বলীউডৰ ছবি প্ৰযোজক বনি কাপুৰৰ মূৰৰ চুলি নাইকীয়া হোৱাত তপা বুলি সমস্যাত ভুগিছিল৷ চুলি সংৰোপণৰ পাছত তেওঁৰ বয়স ধৰাৰ উপায় নাছিল৷ ক্ৰিকেট তাৰকা মহম্মদ ছামিৰ নতুন হেয়াৰ ষ্টাইলে পুৰুষ-নাৰী সকলোকে আকৰ্ষণ কৰে৷ লক্ষাধিক টকা খৰচ কৰি ছামিয়ে চেলিব্ৰিটী হেয়াৰ ষ্টাইলিষ্ট আলিম হাকিমৰ দ্বাৰা চুলি সংৰোপণ কৰাইছিল৷



১) কিদৰে কৰা হয় চুলি  সংৰোপণ?

আজিকালি গ্লেমাৰ জগতৰ তাৰকাসকলে চুলি সংৰোপণৰ দ্বাৰা নিজৰ ইমেজ সলনি কৰি লয়৷ প্ৰশ্ন হ’ল কিদৰে কৰা হয় হেয়াৰ ট্ৰান্সপ্লাণ্ট৷ মূৰৰ যি অংশত চুলিৰ ঘনত্ব বেছি সেই অংশৰ পৰাই ফলিকল আৰু চুলি সংগ্ৰহ কৰা হয়৷ তাৰ পাছত তপা অংশত চুলি সংৰোপণ কৰা হয়৷ হেয়াৰ ট্ৰান্সপ্লাণ্ট পদ্ধতিৰে মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে মূৰৰ চুলিয়ে নহয় ভূৰ, চকুৰ পতা আদিৰো সংৰোপণ কৰিব পাৰি৷ সংৰোপিত চুলিৰ শ্ৰীবৃদ্ধিও হয় সাধাৰণ চুলিৰ দৰেই৷ চুলি সংৰোপণ কৰাৰ পাছত চুলি কটা বা ৰং কৰাৰ ক্ষেত্ৰত কোনো সমস্যা নহয়৷

 ২) হেয়াৰ ট্ৰান্সপ্লাণ্ট পদ্ধতিত  বিপদৰ আশংকা আছে নেকি?

চিকিৎসকৰ মতে চুলি সংৰোপণৰ কাৰণে যি ধৰণৰ অস্ত্ৰোপচাৰ কৰা হয় সি সম্পূৰ্ণ শংকাহীন৷ এই পদ্ধতিত কোনো বিপদৰ আশংকা নাই৷ আন অস্ত্ৰোপচাৰৰ দৰে এই পদ্ধতিটো ব্যৱহাৰ কৰা হয় এণ্টিবায়টিক৷ প্ৰক্ৰিয়াটোত এমাহমান সময় কিছু বাধা নিষেধ মানি চলিব লাগে৷ সেই সময়ত কোনো ৰসায়নিক প্ৰসাধনী দ্ৰব্য ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে৷

৩) হেয়াৰ ট্ৰান্সপ্লাণ্ট কৰোতে কিমান খৰচ হয়

তপা মূৰত চুলি সংৰোপণ প্ৰক্ৰিয়াটো বেছ খৰছী কাৰবাৰ৷ অৱশ্যে ই নিৰ্ভৰ কৰে ৷ চুলি কটা স্থান আৰু লগোৱা স্থানৰ ওপৰত৷ মূৰৰ ক্ষেত্ৰত চুলি সংৰোপণ কৰিলে প্ৰায় ৰ লাখ মান টকা খৰচ হয়৷