অসমীয়াৰ মুক্তি
বৰ্তমান অসমত অসমীয়া জাগিছে৷ জাতীয়তাবাদৰ শ্লোগানে কোলাহল সৃষ্টি কৰিছে উজনিৰ ৰাজপথ৷ উজনিৰ ধর্মীয় সংখ্যালঘু নাগৰিকক আখ্যা দিয়া হৈছে ‘মিঞা’ বুলি৷ নগাঁও জিলাৰ ধিঙৰ এগৰাকী নাবালিকাক মিঞাই ধৰ্ষণ কৰা বুলি প্ৰচাৰিত বাতৰিয়ে হঠাৎ সলনি কৰিলে অসমৰ পৰিৱেশ৷ প্ৰবাহিত শ্লোগানবোৰৰ পৰা এটা কথা স্পষ্ট হৈছে যে অসমৰ ভূমিত স্থান নাই মিঞা নামৰ এইসকল নাগৰিকৰ৷ আপোনাৰ-মোৰ দৰে এওঁলোকৰ হাতত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড কিম্বা ভোটাৰ তালিকা থাকিব পাৰে যদিও আজি তেওঁলোকলৈ দিয়া হৈছে এক মুকলি নিৰ্দেশ– ‘ত্যাগ কৰক উজনি অসম’৷ সাতামপুৰুষীয়া হিন্দু-মুছলমানৰ একতাৰ এনাজৰীডাল আজি ছিগো ছিগো অৱস্থা৷ শংকৰ-আজানৰ দেশ বুলি পৰিচিত অসমত আজি ধৰ্মৰ জুইকুৰা পুনৰ জ্বলিছে৷ এনে এক ক্ষণত সংঘটিত কিছুমান সংঘৰ্ষই হয়তো পুনৰ খলকনি তুলিব দেশৰ আইন-আদালতত আৰু বিছ-ত্ৰিছটামান বছৰৰ পাছত আদালতে খাৰিজ কৰিব তথ্য-প্ৰমাণবিহীনভাৱে দাখিল কৰা সংঘৰ্ষৰ গোচৰ৷নগাঁও জিলাৰ ধিঙৰ নাবালিকাগৰাকীৰ প্ৰতি ন্যায় দিবলৈ যদিহে এই ধম¹য় যুদ্ধখনৰ সূচনা কৰা হৈছে, তেনেহ’লে নিশ্চিতভাৱে অন্যায় কৰা হ’ব ভুক্তভোগী নাবালিকাগৰাকীৰ প্ৰতি৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰা ধৰ্ষণৰ পৰিসংখ্যাবোৰে প্ৰকৃততে কিহৰ ইংগিত দিছে? একালত এটা পাৰ চৰাই হত্যা কৰিবলৈ যাওঁতে হাত কঁপা অসমীয়াৰ আজি পৰিৱৰ্তন হৈছে৷ প্ৰতিটো দিনতেই আজি অসমত পুৰুষৰ কামনাৰ বলি হৈছে মহিলা৷ অসমত আজি প্ৰতিখন গাঁৱতে আছে বিদ্যালয়, অথচ জ্ঞানৰ প্ৰসাৰৰ পৰিৱৰ্তে প্ৰসাৰিত হৈছে অপৰাধৰ প্ৰৱণতা৷ ধিঙৰ অপৰাধীজনৰ অপমৃত্যুত আমি আনন্দিত হৈছোঁ, কিন্তু প্ৰকৃততে আমি আস্থাহীনতাৰ শাৰীলৈ লৈ গৈছোঁ দেশৰ ন্যায়ব্যৱস্থাটোক৷ আইন-আদালতৰ প্ৰতি প্ৰদৰ্শন কৰা আস্থাহীনতাই প্ৰকৃততে অস্থিৰ কৰিব সমাজ ব্যৱস্থাত৷ প্ৰতিজন মিঞাকেই যদি ধৰ্ষণকাৰী বুলি গণ্য কৰোঁ, তেনেহ’লে নিশ্চিতভাৱে মৃত্যুমুখলৈ লৈ যাব অসমীয়া জাতিক৷ অপৰাধীৰ ধৰ্মৰ বিচাৰ কৰা এনেবোৰ ক্ষণে দুৰ্বল কৰিব অসমীয়াৰ মন৷সমাজত এটা জাতিৰ উত্থানৰ প্ৰধান কাৰক হৈছে অৰ্থনৈতিক কৰ্ম৷ সত্যটো হৈছে, অসমত তথাকথিত মিঞাৰ উত্থানৰ প্ৰধান ৰহস্য হৈছে তেওঁলোকৰ অৰ্থনৈতিক কৰ্ম৷
ৰাজ্যৰ কৃষিখণ্ডটো আজি মিঞা মুছলমানৰ নিয়ন্ত্ৰণত৷ বছৰত তিনিটা খেতি কৰিব পৰাৰ দক্ষতা থলুৱা অসমীয়াৰ পৰিৱৰ্তে মিঞাৰ হাতত আছে৷ শ্ৰমিক শ্ৰেণীটো আজি মিঞাৰ দখলত৷ উজনিৰ থলুৱা কৃষকৰ পথাৰত কাম কৰিবলৈ আমদানি কৰা শ্ৰমিকসকল ধিং, ৰূপহীহাট, চামগুৰি [নগাঁও জিলাৰ] অঞ্চলৰ পৰাই অনা হয়৷ সম্প্ৰতি ৰাজ্যত চলা মৎস্য বিপ্লৱটোৰ শিপাডাল সংখ্যালঘু অধ্যুষিত এলেকাতেই বিৰাজমান৷ ঈদৰকেইদিনত ৰাজ্যৰ বজাৰসমূহত বিৰাজ কৰা শূন্যতাই আমাক দিয়ে সত্যৰ সন্ধান৷ মিঞাই লাভ কৰা কৰ্মদক্ষতাৰ পৰা আমি থলুৱা বাসিন্দাসকলে কিয় শিক্ষা ল’ব নাজানিলোঁ? সমগ্ৰ অসমত আজি পুৱাই পদূলিমুখত শাক-পাচলি, মাছ, মুগীৰ যোগান ধৰা মিঞাকেইজনৰ পৰা অসমীয়া যুৱক-যুৱতীয়ে কি শিক্ষা ল’লে? অসম আন্দোলনৰ সময়ত থলুৱা অসমীয়া যুৱক-যুৱতীয়ে আৰম্ভ কৰা স্বাৱলম্বিতাৰ দোকানবোৰ কিয় বন্ধ হৈ গ’ল? ক’ভিডৰ সংহাৰৰ মাজত ঘৰে ঘৰে শাক-পাচলি বিক্ৰী কৰা অসমীয়া যুৱকসকলে কিয় ত্যাগ কৰিলে নিজা ব্যৱসায়? প্ৰকৃততে অসমত থলুৱা অসমীয়া যুৱক-যুৱতীৰ মাজত আজি প্ৰতিযোগিতা চলিছে এটা চৰকাৰী চাকৰিৰ সন্ধানত৷ স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক-যুৱতীয়ে চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিকো গ্ৰহণ কৰিছে, অথচ নিজস্বভাৱে ব্যৱসায় কৰাৰ সপোন নেদেখে৷পৰিতাপৰ কথা যে ধিঙৰ ধৰ্ষণ-কাণ্ডৰ পাছত একাংশ নেতা-কম¹য়ে ভিৰ কৰিলে নিৰ্যাতিতাৰ বাসগৃহত৷ এইক্ষেত্ৰত এনেবোৰ উপস্থিতিয়ে নিৰ্যাতিতাগৰাকীক মানসিক শক্তি দিয়াতকৈ অধিক নিৰ্যাতন দিয়ে বুলিও ক’ব পাৰি৷ আৰু কেইদিনমানৰ পাছত ৰাইজে পাহৰি পেলাব নাবালিকাগৰাকীক, কিন্তু জীৱনৰ এটা বেয়া দিনৰ স্মৃতি মৃত্যুৰ সময়লৈকে কঢ়িয়াই নিব লাগিব ভুক্তভোগী কন্যাগৰাকীয়ে৷ প্ৰতিটো দিনতেই একাংশ পৰিচিত মানুহে তাইক সোঁৱৰাই থাকিব তাইৰ বেয়া দিনটোৰ কথা৷ আমাৰ সমাজতে বহুতো ছোৱালী আছে, যিসকলে ধৰ্ষণকাৰীৰ শাস্তিৰ দাবীত আদালতৰ মজিয়ালৈ সঘনে যাব লাগে৷ সমাজৰ বহুতো পাষণ্ড শিক্ষক আছে যিসকলে নিজৰ ছাত্ৰীক পত্নীৰূপত পাব বিচাৰে৷ নগাঁৱৰ ৰহাৰ এগৰাকী ছোৱালী আছে যিগৰাকীয়ে মহাবিদ্যালয় এখনৰ এজন অধ্যাপকৰ টিউচন চেণ্টাৰত লাভ কৰা যৌন নিৰ্যাতনৰ বাবে টিউচন চেণ্টাৰতেই আত্মহত্যাৰ অপচেষ্টা কৰিছিল৷ গোচৰ আদালতত বছৰৰ পাছত বছৰ ধৰি চলিয়েই আছে, কিন্তু তাইৰ বাবে আজিকোপতি নাহিল আদালতৰ ন্যায়৷ ছোৱালীজনীয়ে ইতিমধ্যে পাৰ কৰিলে বিবাহৰ বয়স আৰু ঘটনাৰ সময়ত ছোৱালীজনীৰ নাম-ফটো বাতৰিকাকতত সবিস্তাৰে প্ৰচাৰিত হোৱাৰ বাবেই আজিও তাই সমাজত উপেক্ষিত৷ মুঠতে কথাবোৰ সকলোৱেই অনুধাৱন কৰক৷ আমি থলুৱা অসমীয়াৰ মুক্তি বিচাৰোঁ নে ধৰ্ষিতাৰ মুক্তি বিচাৰোঁ?