সিদ্ধান্ত, চুক্তি আৰু বাস্তৱ
নিজৰ অতি গুৰুতৰ সমস্যা এটাক হাঁহি-খিকিন্দালি, টুলুঙা মন্তব্য প্ৰদান আদিৰে উৰুৱাই দি নিজকে কিদৰে লোকৰ হাঁহিয়াতৰ পাত্ৰলৈ পৰ্যবসিত কৰিব পাৰি, তাৰ শেহতীয়া উদাহৰণ হৈছে বিগত মাহটোত গুৱাহাটীত হোৱা কৃত্ৰিম বান পৰিস্থিতি৷ মাক-দেউতাকৰ বান্ধোনত থকা কণ কণ ল’ৰা-ছোৱালীয়ে কেতিয়াবা তেওঁলোকৰ অজ্ঞাতে বৰষুণত তিতিবলৈ পাই অথবা বোকাত লুতুৰি-পুতুৰি হ’বলৈ পাই যিদৰে আনন্দত কিৰীলি পাৰে, সেইদিনা মহানগৰীত হঠাতে হোৱা বানত জেচিবিত উঠি যুৱক-যুৱতীৰ এচামেও তেনেদৰেই কিৰীলি পাৰিলে আৰু স্ফূৰ্তিতে কৈ উঠিল ‘হেপী বানপানী’৷ উদাসীন, একো কথাই গাত নলগাবিধৰ প্ৰজাক প্ৰতিনিধিত্ব কৰা এনে ভিডিঅ’বোৰ চাই ৰাজ্যখনৰ তথাকথিত দায়িত্বশীল মন্ত্ৰী দুগুণ উৎসাহিত হৈ উঠিল, ক’লে– ‘এনে ৰঙাপানী মেঘালয়ৰহে, গুৱাহাটীৰ নহয়৷’ মুখ্যমন্ত্ৰী আকৌ এঢাপ আগুৱাই ‘বান জেহাদ’ৰ কথা ক’লে৷ বাক-বিতণ্ডা, ঠাট্টা-বিদ্ৰুপ, নিন্দা-সমালোচনা, মুখ-চুপতি আদিৰ মাজতে এদিন খবৰ আহিল যে এইবাৰ গুৱাহাটীৰ কৃত্ৰিম বান প্ৰতিৰোধৰ বাবে নেদাৰলেণ্ডছৰ ‘ৰয়েল হছকনিং ডি এইচ ভি’ নামৰ প্ৰতিষ্ঠানৰ সৈতে অসম চৰকাৰে চুক্তি কৰিব৷ চালে-বেৰে কোবোৱা কথা কোৱাৰ পাছত চৰকাৰে সমস্যাটোৰ স্থিতি স্বীকাৰ কৰি এই ব্যৱস্থা লোৱাৰ কথা সদৰী কৰিলে৷ সিদ্ধান্ত কাৰ্যকৰী হ’লে বানত বলিয়া হোৱা গুৱাহাটীৰ এচামৰ স্ফূৰ্তি লাঘৱ হ’ব, কিন্তু সঁচাকৈয়ে যদি উক্ত প্ৰতিষ্ঠানটোৱে নলা-নৰ্দমাৰ পানী নিষ্কাশনৰ ব্যৱস্থা লয়, তেন্তে অনেক ‘অবিনাশ’ৰ হূদয় বিদাৰক অপমৃত্যুৰ অন্ত পৰিব৷ নেদাৰলেণ্ডছৰ জল-ব্যৱস্থাপনা পৃথিৱী বিখ্যাত৷ প্ৰায় ১৪৩ বছৰীয়া এই অভিযান্ত্ৰিক ব্যৱস্থাপনা কোম্পানীৰ বিশ্বৰ শতাধিক দেশত কাম কৰাৰ উদাহৰণ আছে৷ ভাৰততেই প্ৰায় তিনিটা দশক ধৰি এই কোম্পানীয়ে কাম কৰি আহিছে৷ ভাৰতত বন্দৰ নিৰ্মাণকে ধৰি কেইবাটাও উল্লেখযোগ্য প্ৰকল্পৰ কাম সম্পন্ন কৰিছে৷ এনে এটা বৃহৎ কোম্পানীয়ে যদি সঁচাকৈয়ে গুৱাহাটীৰ নলা-নৰ্দমা, জাবৰ নিষ্কাশন, পয়-প্ৰণালী সমন্বিতে এক সমন্বিত প্ৰকল্পৰ কাম কৰে, তেন্তে ইয়াতকৈ আৰু কি উত্তম সমাধান কৃত্ৰিম বানৰ বাবে আমি আশা কৰিব পাৰোঁ? কিন্তু, সঁচাকৈয়ে ই সম্ভৱ হ’বনে/ কিয়নো, এনেবোৰ প্ৰতিশ্ৰুতিভৰা বাতৰি আগতেও প্ৰকাশ কৰা হৈছিল৷
কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই মন্ত্ৰী, উচ্ছ পৰ্যায়ৰ বিষয়াৰ সতীৰ্থ দল বিদেশলৈ যায় ৰাস্তা নিৰ্মাণ, বান নিয়ন্ত্ৰণ, নগৰীকৰণ আদিৰ প্ৰত্যক্ষ পাঠ ল’বলৈ৷ সৰ্বানন্দ সোণোৱালৰ দিনতো কিমান যে বাতৰি প্ৰচাৰ হ’ল বোলে নেদাৰলেণ্ডছ চৰকাৰ অসমৰ জল আৰু বান ব্যৱস্থাপনা, জল পৰিবহণ, কৃষি, সৌৰশক্তি উৎপাদন, গ্ৰাম্য বিদ্যুতীকৰণ আদি বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ উৎসাহী৷ কেশৱ মহন্ত জলসম্পদ মন্ত্ৰী হৈ থকা কালতো বান আৰু ভূমি…লন ব্যৱস্থাপনাৰ প্ৰকল্প ৰূপায়ণৰ বাবে নেদাৰলেণ্ডছ আগবাঢ়ি অহাৰ খবৰ বাতৰিকাকতত ওলাইছিল৷ আনকি, মহন্ত জলসম্পদ বিভাগৰ মন্ত্ৰী হৈ থাকোঁতে ফাইনাৰেও এখন আলোচনা-চক্ৰ পাতিছিল, য’ত মহন্তৰ উপৰি এতিয়াৰ গুৱাহাটী উন্নয়নৰ মন্ত্ৰী আৰু সেই সময়ৰ ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহলো উপস্থিত আছিল৷ তেওঁলোকে তেতিয়া সেই আলোচনা-চক্ৰৰ প্ৰসংগ উত্থাপন কৰি বাতৰিকাকতত বিবৃতি দিছিল যে নেদাৰলেণ্ড আৰু অসম চৰকাৰৰ মাজত বান, নদী পৰিবহণ, গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প আদিৰ কাম যৌথভাৱে সম্পন্ন কৰাৰ বাবে আলোচনা চলি আছে৷ এইবোৰ প্ৰায় এক দশকৰ আগৰ কথা৷ তেতিয়া এই মেল-মিটিংবোৰলৈ নেদাৰলেণ্ড দূতাবাসৰ উচ্ছস্তৰৰ বিষয়াকো নিমন্ত্ৰণ কৰি অনা হৈছিল৷ ২০১৮ চনৰ ‘এড্ভাণ্টেজ-অসম’ৰ বৰ বৰ কথাবোৰতো আছেই৷ গতিকে, এইবাৰো আগৰকেইবাৰৰ দৰে কথাবোৰ গালো-বালো খোলকটিৰ তালহে মাথোন হ’বগৈ নালাগে৷ বিশাল ব্ৰহ্মপুত্ৰৰ জলসম্পদৰ বহন ক্ষমতাসম্পন্ন ব্যৱস্থাপনা, ভৰলু-বাহিনীৰ দৰে মৃত অথবা অৰ্ধমৃত জলাধাৰক গতিময়তা প্ৰদান, স্মাৰ্টচিটীৰ যোগ্য হ’ব পৰাকৈ গুৱাহাটী মহানগৰীৰ জাবৰ নিষ্কাশন, নলা-নৰ্দমাবোৰ উচিতভাৱে পুনৰ নিৰ্মাণ, পয়-প্ৰণালী ব্যৱস্থাপনা আদি কাম সুকলমে কৰাৰ যোগ্যতা থকা কোম্পানী ৰয়েল হছকনিং ডিভিএছ৷ কিন্তু, এইক্ষেত্ৰত এনে বিশ্ববিখ্যাত কোম্পানীবোৰে নি(য়কৈ নিজৰ চৰ্তমতে কাম কৰিব বিচাৰিব৷ আজি নিৰ্মাণ কৰি পৰহিলৈ ভাঙি যোৱা বিহাৰৰ দলঙৰ দৰে যদি কামবোৰ হ’বলৈ হয়, তেন্তে হয়তো আমি ভাল কিবা এটা হ’ব বুলি আশা নকৰাই ভাল৷ ইয়াৰ পূৰ্বতেও গুৱাহাটী স্মাৰ্টচিটী প্ৰকল্পৰ অধীনৰ কাম নেদাৰলেণ্ডৰ কোম্পানীয়ে, যিয়ে ভাৰতীয় কোম্পানীৰ সহযোগত কৰিবলৈ লৈছিল, আধাতেই এৰি থৈ যোৱাৰ নজিৰ আছে৷ এই কথাবোৰ এতিয়াও ৰাইজৰ দৃষ্টিগোচৰ হ’বলৈ দিয়া হোৱা নাই৷ যি নহওক, অসমৰ সচেতন ৰাইজে আশা কৰে যে চৰকাৰে অন্ততঃ এইবাৰ কিবা এটা কৰক৷ মিছা আশাত ৰাইজক বন্দী কৰি নাৰাখি, প্ৰয়োজন সাপেক্ষে ৰাইজৰো সহায়-সহযোগিতা বিচাৰি গুৱাহাটীক মানুহৰ বাসযোগ্য কৰি তোলক৷






