Logo
image

আজমলক পাম্প দি ফুলোৱাত ব্যস্ত মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি, ৩১ আগষ্ট : ‘বৃটিছতকৈ বেছি বিভাজনৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাজন আৰু নিজক ধনী কৰাৰ ৰাজনীতিক আমি বিদায় দিম৷ যোৱা লোকসভা নিৰ্বাচনত ৰাইজে উচিত শিক্ষা দিছে৷ ‘নলবাৰীৰ কিউ গ্ৰীন হোটেলত কংগ্ৰেছৰ দুদিনীয়া প্ৰশিক্ষণত ভাগ লৈ এইদৰে মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে৷ ’চ্ছত চৰকাৰ কংগ্ৰেছৰে হ’ব বুলি দাবী কৰি তেওঁ কয়– ‘অসমত শান্তি বিঘ্নিত হোৱা পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে৷ মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াৰ সময় হ’ল৷ অসমৰ মানুহ সন্মানসহকাৰে একত্ৰিত হৈ থাকিব বিচাৰে৷ অসমীয়া হওক, মাৰোৱাৰী হওক, বাঙালী হওক, বিহাৰী হওক, কাৰ্বি, বড়ো, ৰাভা, মিচিং, দেউৰীয়ে হওক, সকলোৱে সন্মানসহকাৰে থাকিবলৈ বিচাৰে৷’ ইফালে, বদৰুদ্দিন আজমলক আকৌ ৰাজনৈতিকভাৱে কেনেকৈ থিয় কৰাবপাৰে তাৰ এটা পৰিৱেশ মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিছে বুলি মন্তব্য কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে দুয়োজনে মিলি ইজনে-সিজনক বচাবলৈ নিজৰ ধন আৰু ব্যক্তিগত ব্যৱসায় বচাবলৈ ইজনে-সিজনৰ লগত এটা গোপন চুক্তি কৰি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰাৰ বাবে চেষ্টা কৰি আছে৷’ কিছুদিন পিছতেই এআইইউডিএফ দলৰ আজমলে আৱেগিক মন্তব্য কৰিব বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ এআইইউডিএফ পামচাৰ হোৱা দল বুলি কটাক্ষ কৰি তেওঁ পুনৰ কয় যে আজমলক পাম্প দি ফুলোৱাত ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰী৷ তেওঁ কয়–  মুখ্যমন্ত্ৰীয়ে মূল অস্ত্ৰ এআইইউডিএফ দলটোক পুনৰ উজ্জীৱিত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি আছে৷ আৱেগিক কথাবোৰ কৈ আছে৷ যাৰ ফলত আজমলেও হিন্দু মানুহক কিছু আপত্তিজনক কথা কৈ দুইজনে ভাই-ককাইৰ দৰে ৰাজনৈতিক ভৱিষ্যত বচাবলৈ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে৷’



নলবাৰীত অনুষ্ঠিত যুৱ কংগ্ৰেছৰ সন্মিলনত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে কয়– ‘মল্লিকাজুৰ্ন খাৰ্গে, ৰাহুল গান্ধীয়ে এটাই বিচাৰিছে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ’ব লাগে৷ হাইকামাণ্ডে আমাক এটাই নিৰ্দেশ দিছে অহাবাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ’ব লাগে৷ অজুৰ্নৰ দৰে আমাৰো এইটোৱে লক্ষ্য৷ হাইকামাণ্ডে এটাই নিৰ্দেশ দিছে অসমৰ ৰাইজক ন্যায় দিব বিচাৰোঁ৷’ ইপিনে, যুৱ কংগ্ৰেছৰ উক্ত শিবিৰত অংশ লৈ সাংসদ ৰকিবুল হুছেইনে কয়-‘হিমাচলৰ নিৰ্বাচনৰ পাছত অসমৰ মুখ্যমন্ত্ৰী সলনি হ’ব৷ জনজাতিৰ লোকক প্ৰবঞ্চনা কৰি মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা৷ সংবিধানপ্ৰদত্ত মৌলিক অধিকাৰ খৰ্ব কৰিব বিচৰা হৈছে৷’ আনহাতে, গুৱাহাটীৰ কৃত্ৰিম বান ইউএছটিএমৰ বাবে হৈছে বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰীক নলবাৰী, ডিব্ৰুগড়ৰ কৃত্ৰিম বান কাৰ বাবে হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে সাংসদ হুছেইনে৷ মানুহক ঠগিবলৈ মুখ্যমন্ত্ৰীৰ ইচ্ছু্য নোহোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়- ‘মুখ্যমন্ত্ৰীয়ে পতা জালত মই ভৰি নিদিওঁ৷ চৰকাৰ সলনি হ’লে নিয়ম আকৌ সলনি হ’ব৷’