Logo
image

নামাজ বাতিল ! ক্ষুন্ন এনডিএৰ নীতিশ কুমাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ আগষ্ট : প্ৰতিষ্ঠা কালৰে পৰা অসম বিধানসভাত চলি অহা শুকুৰবাৰৰ দুঘণ্টীয়া ‘নামাজ বিৰতি’ৰ ব্যৱস্থা বিলুপ্ত কৰাৰ পাছতে অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে তীব্ৰ সমালোচনা সন্মুখীন হ’বলগীয়া হৈছে এনডিএৰ মিত্ৰদলসমূহৰ পৰা৷ বৰ্তমানৰ মোদী চৰকাৰৰ অক্সিজেন স্বৰূপ নীতিশ কুমাৰৰ জে ডি [ইউ] আৰু চিৰাগ পাছোৱানৰ এল জে পিৰ সৈতে  ‘নামাজ বিৰতি’ৰ বিষয়টোক কেন্দ্ৰ কৰি বিজেপিৰ সম্পৰ্ক অবনতি ঘটনাৰ আশংকা প্ৰবল হৈ পৰিছে৷ কেন্দ্ৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপি দলক সমৰ্থন দিয়া এই দল দুটাই ইতিমধ্যে অসম বিধানসভাৰ এই সিদ্ধান্তক মুকলি বিৰোধিতা কৰিছে৷ বিহাৰৰ প্ৰাক্তন মন্ত্ৰী তথা জে ডি (ইউ)ৰ মুখ্য মুখপাত্ৰ নীৰজ কুমাৰে এই ক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–অসম চৰকাৰৰ এই সিদ্ধান্ত সংবিধান বিৰোধী৷ সকলো ধৰ্মৰে নিজৰ পৰম্পৰা আৰু ৰীতি-নীতিক জীয়াই ৰখাৰ অধিকাৰ আছে৷ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এই সিদ্ধান্তৰ দ্বাৰা বিধানসভাৰ কামৰ সময় বৃদ্ধি পাব৷ যদি সেইটোৱে হয় তেন্তে মই তেওঁক সুধিব বিচাৰিছো যে কামাখ্যা মন্দিৰত চলি অহা বলি প্ৰথা বন্ধ কৰাৰ ক্ষেত্ৰত তেওঁ সাহস কৰিব পাৰিবনে? কাৰো ধৰ্মীয় পৰম্পৰাক আঘাট কৰাৰ অধিকাৰ আমাৰ নাই৷ কামাখ্যা মন্দিৰ মুখ্যমন্ত্ৰীৰ সমষ্টিত পৰে৷ মন্দিৰৰ দুৱাৰ বলিৰ পাছতহে খোলা হয়৷ ধৰ্মীয় বিশ্বাসত আঘাট কৰাৰ অধিকাৰ কাৰোৰে নাই৷ ধৰ্মীয় বিশ্বাসত আঘাত কৰাৰ পৰিৱৰ্তে ৰাজ্যবাসীক যদি দৰিদ্ৰ সীমাৰেখাৰ ওপৰত লৈ যোৱাৰ বিষয়ে তেওঁ বেছি চিন্তা ভাবনা কৰিলেহে ভাল আছিল৷ তেওঁ দাৰিদ্ৰতা দূৰ কৰাৰ চেষ্টা কৰক, বানৰ সৈতে মোকাবিলা কৰাৰ কাম কৰক৷ আনহাতে জে ডি [ইউ]ৰ অন্য এজন শীৰ্ষ নেতা কে চি ত্যাগীয়েও এই সিদ্ধান্তত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়–ভাৰতৰ সংবিধানৰ প্ৰস্তাবনাত স্পষ্টভাৱে লিখা আছে যে সকলো লোকৰ নিজৰ ধৰ্ম আৰু পৰম্পৰা মানি চলাৰ অধিকাৰ আছে৷ সংবিধান প্ৰণেতা সকলে দেশৰ বৈচিত্ৰতা মনত ৰাখিয়ে এই প্ৰস্তাব সংযোজন কৰিছিল৷ সংবিধানৰ প্ৰস্তাবনাই চিন্তা, মত প্ৰকাশ, বিশ্বাস, আস্থা আৰু প্ৰাৰ্থনাৰ স্বাধীনতা সকলোকে দিছে৷



আইন প্ৰণেতা সকলে সংবিধানৰ মূল লক্ষ্য আৰু লোকৰ ধৰ্মীয় অনুভূতিত আঘাট হানিব পৰা কোনো কাম কৰা অনুচিত৷ আমি ধৰ্মীয় বিষয়ত হস্তক্ষেপ কৰা অনুচিত৷ জে ডি [ইউ]ৰ সমান্তৰালভাৱে কেন্দ্ৰত এইবাৰ মোদী চৰকাৰ গঠনৰ ক্ষেত্ৰত অন্যতম ভূমিকা গ্ৰহণ কৰা চিৰাগ পাছোৱান নেতৃত্বাধীন এল জে পিও অসম বিধানসভাৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে৷ দলটোৰ দিল্লীৰ সভাপতি ৰাজু তিৱাৰীয়ে কয়–বিভিন্ন সংস্থাৰ বিৰোধিতা স্বত্ত্বেও বহু মন্দিৰত বলি প্ৰথা চলি আছে৷ ইয়াৰ পাছতো ইয়াক বন্ধ কৰা হোৱা নাই বা বন্ধ কৰিব পৰা নাই৷ নামাজ এটা বিশ্বাসৰ বিষয় আৰু ধৰ্মৰ সৈতে সম্পৰ্ক থকা এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা অনুচিত৷ বিহাৰৰ আৰ জে ডি নেতা তেজস্বী যাদবেও অসম বিধান সভাৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰি কয়–অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সস্তিয়া জনপ্ৰিয়তা অৰ্জনৰ  স্বাৰ্থত আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোদী আদিত্য নাথক নকল কৰিবলৈ গৈ সকলো জানি শুনিও মুছলমানক অসুবিধা দিব পৰা কাম কৰি আহিছে৷ উল্লেখ্য যে বৰ্তমান জে ডি [ইউ] আৰু এলজেপি এনডি এৰ অন্যতম অংশীদাৰ৷ কেন্দ্ৰীয় চৰকাৰত এই দল দুটাৰ গুৰুত্ব অপৰিসীম৷ বিহাৰতো নীতিশ কুমাৰে বিজেপিৰে সৈতে চৰকাৰে চলাই আছে৷ ইয়াৰ পাছতো অসমৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা ‘নামাজ বিৰতি’ প্ৰথা বিলুপ্তিৰ ক্ষেত্ৰত আৰজে [ডি]ৰ স্থিতি সম্পূৰ্ণ ৰূপে সুকীয়া৷ এই দল দুটাৰ হেঁচাত ইতিমধ্যে মোদী চৰকাৰে অতি কম সময়ৰ ভিতৰত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হৈছে৷

অসমত থলুৱাৰ হাতৰ পৰা ওলাই গৈছে ভূমিৰ অধিকাৰ : অজাপ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক : ভূমি সম্পৰ্কীয় নতুন আইন প্ৰণয়নেৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজকে খিঞ্জীয়াৰ ত্ৰাণকৰ্তা হিচাপে অভিহিত কৰাৰ সময়তে মুখ্যমন্ত্ৰী ড॰ শৰ্মা আৰু তেওঁৰ চৰকাৰৰ সততা আৰু আন্তৰিকতাৰ ওপৰতে প্ৰশ্নৰ অৱতাৰণা কৰিছে অসম জাতীয় পৰিষদে৷ শনিবাৰে দলটোৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত ভাগ লৈ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু উপ সভাপতি চন্দ্ৰকান্ত দাসে কয় মুখ্যমন্ত্ৰীয়ে যিবোৰ কামৰ জৰিয়তে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সংৰক্ষিত হ’ব বুলি কৈ আহিছে, প্ৰকৃততে সেইবোৰ এক ভেঁকোভাওনাহে৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যদি প্ৰকৃতপক্ষে খিলঞ্জীয়াৰ হিত বিচাৰে, তেনেহ’লে অসম চুক্তিৰ ৬নং দফা আৰু ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ পৰাৰ্শাৱলী ৰূপায়িত কৰক৷  অসম বিধান সভাৰ শেহতীয়া অধিৱেশনত ভূমি সম্পৰ্কীয় এখন নতুন আইন পাৰিত কৰোৱাই মুখ্যমন্ত্ৰী শৰ্মাই এইবুলি কৈছিল যে এই আইনখনে ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ ভূমি বহিৰাগতৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিব৷ কিন্তু প্ৰকৃতপক্ষে বিজেপি চৰকাৰে ইয়াৰ বহু পূৰ্বেই খিলঞ্জীয়াৰ মাটি পুঁজিপতি বণিয়া গেষ্ঠীৰ হাতত তুলি দিয়াৰ আইনগত সুবিধা কৰিয়ে থৈছে৷  অসমৰ থলুৱাৰ হাতৰ মাটি যাতে কোনো ডাঙৰ উদ্যোগপতি-ধনী ব্যক্তিয়ে কিনি থলুৱা কৃষকক লাওলোৱাত পৰিণত কৰিব নোৱাৰে, তাৰ বাবে বৃটিছৰ দিনৰে পৰা এটা নিয়ম চলি আহিছে৷ সেয়া হ’ল কোনো কৃষকৰ মাটি অনা কৃষকে কিনিব নোৱাৰিব বা কৃষি ভূমি ঔদ্যেগিক ভূমিলৈ পোনপটীয়াভাৱে পৰিৱৰ্তন কৰিব নোৱাৰিব৷ তেনে কৰিবলৈ হ’লে জিলা উপায়ুক্তৰ অনুমোদন লব লাগিব৷ কিন্তু তৰুণ গগৈ চৰকাৰৰ দিনত গুৱাহাটীৰ পৰা উত্তৰ পাৰে টিহুলৈ আৰু দক্ষিণপাৰে কুকুৰমাৰালৈ ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো কাষৰ মাটিখিনি ঔদ্যোগিক এলেকালৈ ৰূপান্তৰ কৰাৰ ফলত এতিয়া শ্ৰীৰামপুৰৰ পৰা তিনিচুকীয়ালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষৰ বেছিভাগ মাটি বহিৰাগত বণিয়া গোষ্ঠীয়ে কুক্ষিগত কৰি পেলালে৷ অসম জাতীয় পৰিষদ ভৱিষ্যতলৈ ক্ষমতাৰ অংশীদাৰ হ’লে প্ৰথম কেবিনেটতে উল্লিখিত সিদ্ধান্ত প্ৰত্যাহাৰ কৰি পূৰ্বৰ নিয়ম ঘূৰাই আনিব৷  সদ্য সমাপ্ত অসম বিধানসভাত জনসাধাৰণৰ জীৱন-জীৱিকাৰ বিষয়বোৰ আলোচনা হোৱাৰ সলনি ‘‘মিঞাৰে আৰম্ভ হৈ নামাজেৰে শেষ’’ হৈছে৷  মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিব খোজা হ’লে ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শাৱলী ৰূপায়ণ কৰিলেহেতেন৷ কাৰণ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনতহে অসমীয়া মানুহৰ সামাজিক আৰু ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ সাংবিধানিক বিধি ব্যৱস্থা প্ৰণয়নৰ ৰূপৰেখা দিয়া হৈছিল৷ অথচ উক্ত প্ৰতিবেদনখন দিল্লীলৈ প্ৰেৰণ কৰাই নাই বুলি বিধান সভাত চৰকাৰে উত্তৰ দিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে অসমীয়া জাতিৰ ত্ৰাণকৰ্তা হিচাপে প্ৰদৰ্শন কৰিব বিচাৰিছে৷ কিন্তু সেই হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ২৩ বছৰীয়া দিছপুৰীয়া ৰাজনৈতিক যাত্ৰাত একো এটা নকৰিলে৷ বৰং তেওঁৰ চৰকাৰৰ দিনতহে অসমীয়া মানুহৰ মাটি-ভেটি আটাইতকৈ বেছি সংকটত পৰিছে৷ আনহাতে সংবাদ মেলত পৰিষদৰ উপদেষ্টা বসন্ত ডেকা আৰু সম্পাদক জিয়াউৰ ৰহমান উপস্থিত থাকে৷

পৰিয়ালৰ স্বাৰ্থত বিধানসভাক ব্যৱহাৰ কৰিছে 

মুখ্যমন্ত্ৰীয়ে : ৰাইজৰ দল

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আজি সংবাদ মেল সম্বোধন কৰে দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, সাধাৰণ সম্পাদক চিন্ময় বড়া আৰু ৰাছেল হুছেইনে৷ সংবাদ মেল সম্বোধন কৰি কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই কয় যে অসম বিধানসভাত গৃহীত হ’ল অসম ভূমি আৰু ৰাজহ অধিনিয়ম [দ্বিতীয় সংশোধনী] বিধেয়ক, ২০২৪৷ যাৰ জৰিয়তে অসমৰ ঐতিহাসিক প্ৰত্নতাত্বিক স্থানসমূহৰ সমীপৱৰ্তী সংৰক্ষিত অঞ্চলত বাহিৰা লোকৰ বাবে ভূমি ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ উল্লেখযোগ্য, ঐতিহাসিক স্থানসমূহৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধত সেই অঞ্চলত তিনিটা প্ৰজন্ম বাস কৰা লোকেহে মাটি কিনা-বেচা কৰিব পাৰিব৷ কিন্তু মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ জিলাখনতে এই নিষেধাজ্ঞা বলবৎ হ’ব৷ কিন্তু শেষ মুহূৰ্তত কংগ্ৰেছৰ আপত্তিৰ দোহাই দি মাজুলীক এই সংশোধনীৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ল৷ অহা নবেম্বৰ পৰ্যন্ত মাজুলীত বলবৎ নহয় এই আইন৷ কিন্তু বিৰোধীৰ কোনো কথাকেই কেৰেপ নকৰা মুখ্যমন্ত্ৰীয়ে কিয় এবাৰতেই মানি ল’লে বিৰোধীৰ কথা৷ ইয়াতো জড়িত হৈ আছে ৰহস্যৰ৷ সংবাদ মেলৰ জৰিয়তে ভাস্কো ডি শইকীয়াই কয় যে, কেৱল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই বিধান সভাক ব্যৱহাৰ কৰিছে৷ যি সময়ত বাহিৰা মানুহৰ ভূমি ক্ৰয় নিষিদ্ধ হ’ব মাজুলীত সেই সময়তেই আগতীয়াকৈ মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰই ভূমি ক্ৰয় কৰাৰ তথ্য ফাদিল কৰি ভাস্কো ডি শইকীয়াই কয়– মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰৰ অংশীদাৰিত্ব থকা থকা ইষ্টেটাছ এল এল পিৰ নামত এই ভূমি ক্ৰয় কৰা হৈছে৷ অসম চৰকাৰৰ ভূমি অভিলেখাগাৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ২০২২ আৰু ২০২৩ চনত দুটা পৰ্যায়ত মুঠ ১৮ বিঘা ৪ কঠা ১৫ লেচা মাটি মাজুলীত ক্ৰয় কৰিছে৷ ইয়াৰে প্ৰথম পৰ্যায়ত ২০২২ চনত মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ক্ৰয় কৰিছে মুঠ ১৭ বিঘা ৩ কঠা ১৮ লেচা কৃষিভূমি৷ টটয়া গাঁৱৰে সুনীল নেওগ, ভবানন্দ নেওগ, বধীন নেওগ, মহেন্দ্ৰ নেওগ, মিনাক্ষী নেওগ, প্ৰফুল্লী নেওগ, সৰোজ নেওগ, দিলীপ নেওগ আৰু সবিতা নেওগৰ পৰা এই ১৭ বিঘা ৩ কঠা ১৮ লেচা মাটি ৰিণিকি ভূঞা শৰ্মাই একা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে৷ এই মাটিখিনিৰ দাগ নং ১৪৯৭ আৰু পট্টা নং ১৪২২৷ দ্বিতীয় পৰ্যায়ত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই একেখন গাঁৱৰে নাৰায়ণ পাচনীৰ পৰা ক্ৰয় কৰিছে এক বিঘা ১৬ লেচা মাটি৷ মাটিখিনিৰ দাগ নং ১০২৫ আৰু পট্ৰা নং ২৯৪৷ ২০২৩ চনৰ জ্ঝ জুনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে এক্কা ইষ্টেটছৰ নামত এই কৃষিভূমিখিনি ক্ৰয় কৰিছে৷ এনেকৈ মাজুলী বাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ৰিণিকি ভূঞা শৰ্মাই এক্কা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি৷ উল্লেখ্য যে মাজুলীত ১৮ বিঘা চ্ছ্ৰ কঠা ১৪ লেচা ভূমি ক্ৰয় কৰা একা ইষ্টেটছ এল এল পি হ’ল এটা ৰিয়েল ইষ্টেট কোম্পানী৷ যিটো গঠন হৈছিল ২৫ ডিচেম্বৰ, ২০২০ত৷ এই কোম্পানীত ৰিণিকি ভূঞা শৰ্মাৰ সৈতে অংশীদাৰীত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ৷ লগতে তেওঁ কয় যে, অসম ভূমি আৰু ৰাজহ অধিনিয়ম (দ্বিতীয় সংশোধনী) বিষেয়ক, ২০২৪ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ২৫০ বছৰ পুৰণি প্ৰত্নতাত্ত্বিক স্থানসমূহৰ ৫ কিলোমিটাৰ বাসাৰ্ধত বাহিৰা লোকৰ বাবে ভূমি ক্ৰয় বিক্ৰয় বন্ধ কৰা হৈছে৷ কিন্তু মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ জিলাখনৰ ক্ষেত্ৰতে এই নিষেধাজ্ঞা বলবৎ হ’ব৷ তিনিটা প্ৰজন্ম ধৰি মাজুলীত বাস কৰা লোকেহে এতিয়াৰ পৰা মাজুলীত মাটি কিনা বেচা কৰিব পাৰিব৷ মাজুলীৰ দলংখন হোৱাৰ পাছত মাজুলীত বহু ব্যৱসায়িক ঔদ্যোগিক প্ৰতিষ্ঠান গৈ তাৰ আধ্যাত্মিক পৰিবেশ বিনষ্ট কৰিব পাৰে৷ যাৰ বাবে মাজুলীৰ ক্ষেত্ৰত এই ব্যতিক্ৰম ব্যৱস্থাৰ সংযোজন কৰা হৈছে৷ কিন্তু শেষত দেখা গ’ল যে মাজুলীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য কৰা নহ’ল আৰু এইয়া কেৱল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক স্বাৰ্থত৷ উপযুক্ত তথ্য প্ৰমাণ পালেই মাজুলীত মুখ্যমন্ত্ৰী পৰিয়ালে ক্ৰয় কৰা আৰু মাটিৰ তথ্য ৰাজহুৱা কৰা হ’ব৷ এজন মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ধনৰ উৎস ৰাজহুৱা কৰিব লাগে যাতে অসমৰ ৰাইজে প্ৰকৃত কথাবোৰ গম পাব পাৰে৷ লগতে অসমবাসী ৰাইজকো আহ৩ান জনায় ২০২৬ত হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ৷ এনেকৈ আচলতে হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতৰ পাঁচখন ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য কৰিব নে নিজৰ পৰিয়ালৰ নাম দেশৰ ধনী মানুহৰ তালিকাত আনিব সেইয়াও সন্দেহ ব্যক্ত কৰে৷ 

মাজুলীৰ ভূমি মাজুলীৰ মানুহৰ হাততে থাকিব লাগিব : আছু

‘আমাৰ অসমৰ’কমলাবাৰীৰ প্ৰতিবেদক : সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি মাজুলী৷ জাতি-জনগোষ্ঠীৰ মিলনেৰে বিভিন্ন সংস্কৃতিৰ মেটমৰা সম্ভাৰেৰে ভৰপূৰ মাজুলী৷ এই মাজুলীৰ মাটিৰ অধিকাৰ সৰ্বকালৰ বাবে মাজুলী মানুহৰ হাতত থাকিব লাগিব৷ এই দাবী সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ৷ এক বিবৃতিত জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ক্ৰমে সূৰ্য কুমাৰ ভূঞা আৰু পবিত্ৰ গোস্বামীয়ে কয় যে- মাজুলী জিলা ছাত্ৰ সন্থাই দীৰ্ঘ দিনৰ পৰা দাবী কৰি অহা হৈছে যে- মাজুলীৰ মাটি কোনো কাৰণত বহিৰাগত বা বণিক শ্ৰেণীক বিক্ৰী কৰিব নোৱাৰিব৷ মাজুলীৰ মাটিৰ অধিকাৰ মাজুলীৰ মাজুলীৰ জনসাধাৰণৰ হাতত সৰ্বকালৰ বাবে থাকিব লাগিব৷ ইতিমধ্যে বিধান সভাতো এই বিষয় সন্দৰ্ভত এখন আইন প্ৰৱৰ্তনৰ যো-জা চলাইছিল মাজুলী, বৰদোৱা আৰু বৰপেটাৰ ভূমি সংৰক্ষণৰ বাবে৷ কিন্তু পৰিতাপৰ কথা এই যে- বৰদোৱা বৰপেটাৰ স্বাৰ্থত এই আইন বাহাল ৰাখি মাজুলীৰ ক্ষেত্ৰতত এই দফা বাতিল কৰাত জাঙুৰ খাই উঠিছে মাজুলী জিলা ছাত্ৰ সন্থা৷ এক সংবাদ মেল যোগে আছুৰ সাংস্কৃতিক সম্পাদক বিতোপন শৰ্মা আৰু কাৰ্যনিৰ্বাহক ৰংগৰস মহন্তই কয় যে- এই আইন মাজুলীৰ বাবেও বাহাল থাকিব লাগিব৷ এচামে এই আইন বিৰোধিতাৰ বাবে উঠি পৰি লাগিছে এই কথা কোনো কাৰণত মানি লোৱা নহ’ব৷ মাজুলীক সংৰক্ষণ দায়িত্ব সকলোৱে ল’ব লাগিব৷ মাজুলীক ভৌগোলিক স্থায়ী সুৰক্ষা, সাংস্কৃতিক সুৰক্ষা, আৰ্থসামাজিক উন্নয়নত সকলোৱে অগ্ৰনী ভূমিকা ল’ব লাগিব৷ মাজুলীৰ ক্ষেত্ৰতো এই দফা বাতিল নকৰি বাহাল ৰাখিবলৈ চৰকাৰলৈ সকীয়নি প্ৰদান কৰিছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰানজিৎ হাজৰিকা আৰু সাধাৰণ সম্পাদক দীপাংকৰ ৰাজখুৱাই৷ সংবাদ মেলত মাজুলী আছুৰ উপদেষ্টা অজিত হাজৰিকা, উপসভাপতি প্ৰাঞ্জল শইকীয়া আৰু সদস্য সকল উপস্থিত থাকে৷