Logo
image

বিপন্ন আৱামী লীগৰ নেতাক সীমান্ত পাৰ কৰোৱাৰ দৰ উঠিছে ৫০ কোটি টকালৈ

ঢাকা, ১ চেপ্টেম্বৰ : বাংলাদেশৰ তথাকথিত গণ অভ্যুত্থানৰ পাছত দেশখনত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা সমৰ্থিত আৱামী লীগৰ নেতা তথা সমৰ্থকসকলে প্ৰাণৰ আশংকাত দেশ এৰি পলাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ বাবে একাংশই গোপনে সীমান্ত পাৰ হৈ ভাৰত অথবা চুবুৰীয়া দেশত আত্মগোপন কৰা আৰম্ভ কৰিছে৷ ইপিনে, এনে পৰিস্থিতিৰ সুযোগ ল’বলৈ শেহতীয়াকৈ তৎপৰ হৈ উঠিছে একাংশ মধ্যভোগী৷ এনে মধ্যভোগীসকলে বাংলাদেশৰ পৰা পলাই অহা আৱামী লীগৰ নেতাক সীমান্ত পাৰ কৰাই ভাৰতত আশ্ৰয় দিয়াৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰা আৰম্ভ কৰিছে৷ এটা সূত্ৰই দাবী কৰা মতে ভাৰতত আশ্ৰয় দিয়াৰ নামত এনে মধ্যভোগীসকলে একোজন প্ৰভাৱশালী বাংলাদেশী লোকৰ পৰা আদায় লোৱা ধনৰ পৰিমান ৫০ কোটি টকালৈকে উঠিছে৷ অৰ্থাৎ ভাৰতত আশ্ৰয় ল’বলৈ লোৱা ‘প্ৰভাৱশালী’ লোকজন যদি ৰাজনৈতিক নেতা হয় তেন্তে তেওঁৰ পৰা ৫০ কোটি টকালৈকে আদায় লোৱা হৈছে৷ আনহাতে সাধাৰণ লোকৰ পৰা আদায় লোৱা ধনৰ পৰিমাণ ১০ লাখৰ পৰা ১২ লাখ টকালৈকে হৈছে৷ শেহতীয়াকৈ প্ৰাপ্ত বাতৰি মতে বাংলাদেশৰ পৰা যাতে হাছিনাপন্থী বা হাছিনাৰ সমৰ্থক কোনো নেতা-কৰ্মী বা সাধাৰণ লোকে দেশ এৰি পলায়ন কৰিব নোৱাৰে তাৰ বাবে ছাত্ৰ আন্দোলনকাৰীসকলে বিশেষকৈ বিমানবন্দৰসমূহৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছে৷ কিন্তু ইয়াৰ মাজতে সীমান্ত পাৰ হৈ স্থল পথেৰে ভাৰত অথবা চুবুৰীয়া দেশসমূহলৈ আৱামী লীগৰ নেতা তথা সমৰ্থকসকলে পলায়ন অব্যাহত ৰাখিছে৷ ইপিনে, দেশখনত অব্যাহত থকা এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ মেঘালয়ত আৱামী লীগৰ ছাত্ৰ সংগঠনৰ এজন নেতা ইছাহাক আলী খান পান্নাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷



প্ৰাপ্ত তথ্য মতে যোৱা সোমবাৰৰ পৰা ছাত্ৰ লীগৰ নেতাজন সন্ধানহীন হৈ আছিল৷ কিন্তু ২৬ আগষ্টৰ দিনা বাংলাদেশ সীমান্তৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগৰ পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ দোনাভ ভয় নামৰ গাঁও এখনৰ এখন তামোলৰ বাগানত ছাত্ৰ নেতাজনৰ মৃতদেহ উদ্ধাৰ হয়৷ প্ৰায় গলিত অৱস্থাত উদ্ধাৰ হোৱা ছাত্ৰ নেতাজনৰ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত তেওঁক ডিঙি চেপি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে৷ উল্লেখ্য যে ৫ আগষ্টৰ পৰা ছাত্ৰ নেতাজন পলাতক অৱস্থাত আছিল৷ তেওঁৰ মৃতদেহটোৰ বিভিন্ন স্থানত কেইবাটাও আঘাতৰ চিন প্ৰত্যক্ষ কৰা হৈছে৷ এই ঘটনাৰ পাছত বাংলাদেশৰ পৰা পলায়ন কৰা আৰু বহু আৱামী লীগৰ নেতা-সমৰ্থক সীমান্ত পাৰ হৈ হত্যাৰ বলি হোৱাৰ সন্দেহ কৰা হৈছে৷ আনহাতে, দেশখনৰ পৰা পলায়ন কৰা ১১জন বাংলাদেশীক শেহতীয়াকৈ সুন্দৰবন উপকূল থানাৰ এলেকাৰ আৰক্ষীয়ে আটক কৰাৰ বাতৰি পোৱা গৈছে৷ ধৃতসকলৰ ভিতৰত কেইবাগৰাকী মহিলা তথা শিশু আছে৷ ইপিনে, ছাত্ৰ আন্দোলনৰ জৰিয়তে হোৱা তথাকথিত গণ অভ্যুত্থানৰ পাছত দেশখনৰ অন্তৱৰ্তী চৰকাৰৰ প্ৰধান উপদেষ্টা হোৱা মহম্মদ ইউনুছে দেশখনৰ পৰিস্থিতি স্থিতিশীল কৰাৰ যিমানেই চেষ্টা নকৰক কিয়, ক্ৰমাৎ পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰাহে পৰিলক্ষিত হৈছে৷ এটা সূত্ৰৰ মতে শেহতীয়াকৈ বাংলাদেশক ইছলামিক ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে তৎপৰ হৈ পৰিছে একাংশ মৌলবাদী সংগঠন৷ ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ মতে প্ৰধান উপদেষ্টা ইউনুছৰ সতীৰ্থসকলে এই বিষয়ে অৱগত হৈয়ো ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰি আছে৷ এনে অৱস্থাত ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে যদি দেশখনত এই পৰিস্থিতি অব্যাহত থাকে তেন্তে অদূৰ ভৱিষ্যতে বাংলাদেশত সুস্থ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাটো অসম্ভৱ হৈ পৰিব৷ এটা সূত্ৰৰ মতে যোৱা সপ্তাহত ঢাকাত এখন মাদ্ৰাছা শিক্ষাগুৰু সকলৰ বিশেষ বৈঠক অনুষ্ঠিত হয়৷ উক্ত বৈঠকখনৰ উদ্দেশ্যে আছিল বাংলাদেশত ক্ষমতা দখল কৰি কেনেদৰে দেশখনত ইছলামিক আইন বলবৎ কৰিব পৰা যায়৷