দাঁতৰ ক্ষয় ৰোধৰ পাঁচটা সহজ উপায়
হাঁহিলে মুকুতা সৰা দুপাৰি সুন্দৰ বগা মজবুত দাঁতৰ গৰাকী হ’বলৈ কাৰনো বাৰু মন নাযায়৷ সুন্দৰ-নিমজ দাঁতযুক্ত মানুহে হাঁহিলে বেছ প্ৰাণৱন্ত হৈ উঠে৷ শৰীৰটো নিৰোগী কৰি ৰাখিবলৈ মানুহে দাঁত দুপাৰিও ভালে ৰখা উচিত৷ বহুতে দাঁত ক্ষয় যোৱাৰ সমস্যাত ভুগে৷ এই ক্ষেত্ৰত দাঁত দুপাৰি যত্ন লোৱাতো নিতান্তই প্ৰয়োজন৷ দাঁত ক্ষয় ৰোধৰ বাবে কেইটামান কৰণীয় কাম–
১) ভেষজ পেষ্ট : সাধাৰণতে দাঁত ব্ৰাছ কৰাৰ ক্ষেত্ৰত আমি পেষ্টক সিমান গুৰুত্ব নিদিওঁ৷ যিকোনো ধৰণৰ পেষ্ট হ’লেই কাম চলি যায়৷ কিন্তু দাঁত ক্ষয় ৰোধৰ কাৰণে বিশেষভাৱে খেয়াল ৰাখিব লাগে৷ ভেষজ পেষ্ট ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে৷ তেহে ভালে থাকে দাঁত সাধাৰণতে মান সম্পৰ্কে নিশ্চিত নোহোৱাকৈ যিকোনো পেষ্ট ব্যৱস্থাৰ কৰিব নালাগে৷
২) কেলচিয়াম সমৃদ্ধ খাদ্য : যিবিলাক উপাদানে দাঁত ভালে ৰখাত সহায় কৰে তাৰ ভিতৰত এক উল্লেখযোগ্য উপাদান হ’ল কেলচিয়াম৷ নিয়মিত কেলচিয়াম সমৃদ্ধ খাদ্য খাব লাগে৷ তেতিয়াহে দাঁত শক্তিশালী আৰু মজবুত হ’ব৷ দাঁতৰ ক্ষয় ৰোধ কৰা সম্ভৱ হ’ব৷ খাদ্যৰ তালিকাত গাখীৰ, দৈ ইত্যাদি ৰাখক৷
৩) নিমখীয়া পানী ব্যৱহাৰ : দাঁত ভালে ৰখাত নিমখীয়া পানীয়ে বিশেষভাৱে মহৌষধৰ দৰে কাম কৰে৷ নিমখীয়া পানীয়ে গাৰ্গল কৰিলে দাঁতৰ ক্ষয় বহু পৰিমাণে ৰোধ হয়৷ এই ক্ষেত্ৰত কুহুমীয়া নিমখীয়া পানী অতি উত্তম৷
৪) দিনে দুবাৰকৈ দাঁত ব্ৰাছ কৰক : সকলোৱে সাধাৰণতে পুৱা শুই উঠি দাঁত ব্ৰাছ কৰে৷ কিন্তু মাত্ৰ পুৱাই নহয়, নিশা শুৱাৰ আগতেও দাঁত ব্ৰাছ কৰাতো জৰুৰী৷ নহ’লে দাঁতৰ ফাকত খাদ্যকণা জমা হৈ বীজাণুৱে স্থিতি ল’ব পাৰে৷ সেয়ে নিশাও দাঁত ব্ৰাছ কৰাৰ অভ্যাস কৰক৷
৫) দাঁতৰ ক্ষতিকৰ খাদ্য এৰাই চলক : দাঁত ভালে ৰাখিবলৈ কিছুমান খাদ্য বৰ্জন কৰিব লাগে৷ অতিৰিক্ত সোৱাদযুক্ত খাদ্য, মিঠা পানীয়, চকলেট, লজেন্স, ফাষ্টফুড যিমান পাৰে এৰাই চলক৷
৬) মাউথ ফ্ৰেছনাৰ ব্যৱহাৰ : বহু লোকৰ মুখৰ দুৰ্গন্ধৰ সমস্যা থাকে৷ এই সমস্যাৰ পৰা অনেক লোক বিব্ৰত হয়৷ এই ক্ষেত্ৰত পৰিত্ৰাণ পাবলৈ দাঁত ভালদৰে ব্ৰাছ কৰাৰ লগতে মাউথ ফ্ৰেছনাৰ ব্যৱহাৰ কৰক৷ মুখৰ দুৰ্গন্ধ আঁতৰ কৰাৰ লগতে দাঁত ভালে ৰাখিবলৈ লং-ইলাচী ব্যৱহাৰ কৰিব পাৰে৷