Logo
image

ৰাজ্যই লোৱা ঋণ উন্নয়নত ব্যৱহাৰ হোৱা নাই : কেগ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ চেপ্টেম্বৰ : ‘বহনক্ষম সামৰ্থ্যতকৈ অধিক ধাৰ  লৈছে ৰাজ্য চৰকাৰে৷ ধাৰ লোৱা ধন মূলধন সৃষ্টি তথা উন্নয়নৰ স্বাৰ্থত ব্যৱহাৰ হোৱা নাই৷ ধাৰ লোৱা ধন অনৰ্থক কামত (কনজামচন) ব্যয় কৰা তথা ঋণৰ সুদ দিয়াত ব্যৱহাৰ কৰাটো শুভ লক্ষণ নহয়৷’– এই সকীয়নি কেগৰ৷ ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক চমুকৈ কেগে দাখিল কৰা প্ৰতিবেদন অনুসৰি যোৱা পাঁচ বছৰত ৰাজ্যৰ ধাৰ ১০৭.৩৪ শতাংশ বৃদ্ধি পাইছে৷ ২০১৮-১৯ বৰ্ষত ৰাজ্য চৰকাৰে ৫৯,৪২৫.৬১ কোটি টকা ধাৰ লোৱাৰ বিপৰীতে ২০২২-২৩ বৰ্ষত ধাৰ লোৱা ধনৰ পৰিমাণ ১,২৩, ২১৪৮০ কোটি টকালৈ বৃদ্ধি পাইছে৷ সামন্তৰালভাৱে ৰাজ্যত ধাৰৰ বিপৰীতে সুদৰ পৰিমাণ ১৪০.৫০ শতাংশলৈ বৃদ্ধি পাইছে৷ ২০১৮-১৯ বৰ্ষত ৰাজ্যৰ ধাৰৰ সুদ ১১,৭৫৪.৬৫ কোটি টকা হোৱাৰ বিপৰীতে ২০২২-২৩ বৰ্ষত ধাৰৰ সুদ ২৮,২৭০.০২ কোটি টকালৈ বৃদ্ধি পাইছে৷ ৰাজ্য চৰকাৰে নতুনকৈ লোৱা ধাৰৰ ২৫.৯৩ শতাংশ ধাৰৰ সুদ মাৰোতেই খৰচ হয়৷ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ১১.৯১ শতাংশ হোৱাৰ বিপৰীতে চৰকাৰৰ ধাৰৰ গড় বৃদ্ধিৰ হাৰ ২৩.৯২ শতাংশলৈ বৃদ্ধি পাইছে৷ ফলত অনাগত দিনত ধাৰৰ সুদ মৰাটোৱেই ৰাজ্য চৰকাৰৰ বাবে ডাঙৰ বোজা হৈ পৰিব৷ ২০২১-২২ বৰ্ষৰ তুলনাত ২০২২-২৩ বৰ্ষত ৰাজহ মাটি ৩০,২০৪.৮৮ কোটি টকা বৃদ্ধি পাইছে৷ এনে প্ৰেক্ষাপটত কেগে ৰাজ্য চৰকাৰক নিজাকৈ ৰাজহ বৃদ্ধি কৰিবলৈও পৰামৰ্শ দিছে৷ যোৱা পাঁচ বছৰত ৰাজ্যত দৰমহা, পেন্সনকে ধৰি ইত্যাদি শিতানৰ খৰচ ব্যাপক হাৰত বৃদ্ধি পাইছে৷


২০২২-২৩ বৰ্ষত এই খৰচৰ পৰিমাণ হৈছেগৈ ৫৫,১২২.৭২ কোটি টকা৷ এয়া ৰাজ্যৰ মুঠ নিজা উপাৰ্জনৰ ৬১.৪২ শতাংশ৷ ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ এনপিএছৰ বাবে ৰাষ্ট্ৰীয় পেন্সন আঁচনিত জমা দিবলগীয়া ধনৰো ২৮৪.৬৭ কোটি টকা অনাদায় হৈ আছে৷ কেগে ২০২৩১ ৩১ মাৰ্চত সমাপ্ত হোৱা বছৰটোৰ বাবে কালি বিধানসভাত দাখিল কৰা তথ্য অনুসৰি ৰাজ্যত বিত্তীয় ঘাটি ৫২.০৫ শতাংশ বৃদ্ধি পাইছে৷ চৰকাৰৰ অতিৰিক্ত ব্যয়ো বৃদ্ধি পাইছে৷ ২০২২-২৩ বৰ্ষত চৰকাৰে অপ্ৰয়োজনীয়ভাৱে উলিয়াই নিলে ৮,৩০৫.৬৭ কোটি টকা৷ ২০২৩ চনৰ ৩১ মাৰ্চলৈকে চৰকাৰে দিয়া নাই ৬৭,৯৯১.৭১ কোটি টকাৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ৷ ৰাজ্যত ৰাজহ ঘাটি ৩৪১.৭৬ শতাংশলৈ বৃদ্ধি পাইছে৷ আয়-ব্যয়ৰ মাজত দেখা গৈছে ব্যাপক বিসংগতি৷ ইফালে কেগে দাখিল কৰা মতে অসম চৰকাৰৰ ৫৩টা বিভাগে ২০২৩ চনৰ ৩১ মাৰ্চলৈকে ৩৭,৯৯১.৭০ কোটি টকাৰ পুঁজি ব্যয়ৰ প্ৰমাণ-পত্ৰ কেন্দ্ৰ চৰকাৰৰ ওচৰত দাখিল কৰা নাই৷ ১৪,১৫৯খন ব্যৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল কৰিবলৈ আছে৷ তদুপৰি ২০২৩ চনৰ ৩১ মাৰ্চলৈকে বিভাগসমূহে ৮৯৯.৫৯ কোটি টকাৰ ১,৪১৯ খন এচি বিলৰ বিপৰীতে ডিচিচি বিল দাখিল কৰা নাই৷