Logo
image

‘ডি লিট’ আৰু বান

অসমৰ নাগৰিকৰ বাবে সুখবৰটো প্ৰায় দহদিনমান পূৰ্বেই আহিছিল৷ সংগীতৰ সুৰেৰে প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু হোৱা শিল্পী জুবিন গাৰ্গলৈ মেঘালয়ৰ ব্যক্তিগত বিশ্ববিদ্যালয় ইউএছটিএমে আগবঢ়াইছে সন্মানীয় ‘ডি লিট’ উপাধি৷  ২৭ আগষ্টত বিশ্ববিদ্যালয়খনত আয়োজন কৰা দশম সমাৱৰ্তনত বহুতো ছাত্ৰ-ছাত্ৰীৰ লগতে শিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হ’ল ‘ডি লিট’ উপাধি৷ ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন বিশ্ববিদ্যালয়ে সমাজ জীৱনলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা ব্যক্তিক তেনে উপাধি প্ৰদানৰ পৰম্পৰা আছে৷ অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়েও সময়ে সময়ে সমাজৰ বিশিষ্ট ব্যক্তিলৈ তেনে উপাধি প্ৰদান কৰাৰ অনেক উদাহৰণ আছে৷ জুবিন গাৰ্গক প্ৰদান কৰা তেনে উপাধি একেখন মঞ্চতে প্ৰদান কৰা হৈছিল মেঘালয়ৰ শিল্পী লু মাজাওক৷ দুয়োজন শিল্পীৰ প্ৰতি বিশ্ববিদ্যালয়খনে প্ৰদৰ্শন কৰা মহানতাৰ বাবে কতৃৰ্পক্ষক ধন্যবাদ জ্ঞাপন কৰিছো৷ লগতে আশা কৰিছো উক্ত সন্মানে উৎসাহিত কৰক দুয়োজন শিল্পীক আৰু নতুন নতুন সৃষ্টিৰে আলোকিত কৰক সংগীতৰ ক্ষেত্ৰখনক৷সত্যটো হৈছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ইউএছটিএমে প্ৰদান কৰা ‘ডি লিট’ উপাধিটোক লৈ যেন মুকলিকৈ আনন্দ প্ৰকাশ কৰিব পৰা নাই অসমৰ নাগৰিকে৷ সামাজিক মাধ্যমতো প্ৰত্যক্ষ কৰা নাই অনুৰাগীৰ আনন্দ-উল্লাস৷ অসমৰ সীমাত থকা অথচ বিশ্ববিদ্যালয়খনৰ সকলো শিক্ষাৰ কাম গুৱাহাটী মহানগৰকেন্দ্ৰিক৷ বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰা আশী শতাংশ ছাত্ৰ-ছাত্ৰী অসমৰ৷ অসমৰ চৰকাৰী বিশ্ববিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ পৰা অৱসৰ লোৱা অধ্যাপকসকলৰ একাংশ আজি ইউএছটিএমত ঠিকাভিত্তিত নিয়োজিত৷ উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ পৰাও শিক্ষাগ্ৰহণৰ উদ্দেশ্যে আগমণ ঘটে বিশ্ববিদ্যালয়খনলৈ৷


বিশ্ববিদ্যালয় অনুদান আয়োগৰ লগতে ‘নাক’ৰ দ্বাৰা ‘এ’ গ্ৰেডপ্ৰাপ্ত বিশ্ববিদ্যালয়খনে খুব কম সময়ৰ ভিতৰতে লাভ কৰিছে অনেক সফলতা৷কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰত হোৱা কৃত্ৰিম বানৰ বাবে প্ৰধানকৈ দোষৰ আঙুলি টোঁৱাই বিশ্ববিদ্যালয়খনক দায়ী কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা স্বত্ত্বাধিকাৰী মহবুবুল হকৰ দ্বাৰাই কাটি পেলোৱা হৈছে মেঘালয়ৰ কেইবাটাও পাহাৰ৷ ফলত মেঘালয়ত হোৱা বৰষুণৰ পানী নিগৰি আহি প্লাৱিত কৰে গুৱাহাটী মহানগৰ– এই অভিযোগ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ৷ অসম চৰকাৰৰ মুৰব্বীজনৰ এনেবোৰ অভিযোগ প্ৰত্যাখ্যান কৰি বিশ্ববিদ্যালয়ৰ আচাৰ্য মহবুবুল হকে দাবী কৰে যে সম্পূৰ্ণ অসত্য অভিযোগ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে৷ অসম চৰকাৰৰ লগত বিশ্ববিদ্যালয়খনৰ আচাৰ্যজনৰ হোৱা বাক্‌যুদ্ধৰ মাজতে মেঘালয় চৰকাৰে মুক্তভাৱে পক্ষ লয় বিশ্ববিদ্যালয়খনৰ৷ পৰিস্থিতি এনে এক পৰ্যায় পাইছিল যে অসম চৰকাৰে যদিহে বিশ্ববিদ্যালয়খনৰ ওপৰত লোৱা আক্ৰোশমূলক স্থিতি সলনি নকৰে, তেন্তে মেঘালয়ৰ মাজেদি বৰাকলৈ যোৱা যাতায়াত ব্যৱস্থা বন্ধ কৰাৰ ভাবুকি দিলে মেঘালয় চৰকাৰে৷ বিশ্ববিদ্যালয়খনৰ আচাৰ্যজন আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ মাজত চলি থকা অভিযোগ তথা প্ৰতিঅভিযোগৰ মাজতে ঘোষণা কৰা হয় যে বিশ্ববিদ্যালয়খনৰ পৰা পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে লাভ নকৰিব অসম চৰকাৰৰ চাকৰি৷ ৰাজ্য চৰকাৰৰ মুৰব্বী ড॰ শৰ্মাৰ দ্বাৰা ঘোষিত উক্ত সিদ্ধান্তই যেন হাহাকাৰৰ সৃষ্টি কৰিলে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ মাজত৷ তেনে এক ক্ষণতে বিশ্ববিদ্যালয়খনে ঘোষণা কৰা জুবিন গাৰ্গৰ ‘ডিলিট’ উপাধিটোৱে মুকলি কৰিলে বহু প্ৰশ্নৰ৷যিসময়ত ৰাজ্য চৰকাৰ আৰু ইউএছটিএমৰ আচাৰ্যজনৰ মাজত বাক্‌যুদ্ধ চলি আছে, তেনে ক্ষণতে হঠাতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ কিয় মনত পৰিল আচাৰ্য মহবুবুল হকৰ? বিগত নটা সমাৱৰ্তনত কিয় ‘ডিলিট’ সন্মানৰ বাবে বিবেচনা কৰা নহ’ল জুবিন গাৰ্গৰ নাম? যদিহে সাম্প্ৰতিক চলি থকা  কথাবোৰৰ পৰা অসমৰ ৰাইজৰ দৃষ্টি আঁতৰাবলৈ  জুবিন গাৰ্গক টানি অনা হৈছে, ই নি(য় শিল্পীজনৰ প্ৰতি একঅন্যায়৷