Logo
image

ৰঙা-ক’লা পানী একাকাৰ হৈ মহানগৰীত হাহাকাৰ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২ ছেপ্টেম্বৰ : আজি পুৱাৰ ভাগত অহা এজাক বৰষুণৰ ফলত গুৱাহাটীত ভয়াবহ কৃত্ৰিম বান পানী সৃষ্টি হোৱাত মহানগৰবাসীৰ স্বাভাৱিক জীবন যাত্ৰা ব্যাহত হৈ পৰে৷ গুৱাহাটী মহানগৰীৰ ৰঙা-ক’লা পানীয়ে ঘাই পথ, উপ পথ, নলা নৰ্দমা একাকাৰ হৈ পৰাত ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ আনকি গুৱাহাটী মহানগৰীৰ মেৰুদণ্ড স্বৰূপ জি এছ ৰোডত  এক কঁকাল পৰ্যন্ত কৃত্ৰিম বান পানী সৃষ্টি হোৱাত বন্ধ কৰি দিব লগা হয় জিএছ ৰোডটো৷ ইপিনে, উজনি অসমৰ পৰা গুৱাহাটী মহানগৰীত প্ৰবেশ কৰা যোৰাবাটৰ পথচোৱাত এক কঁকাল কৃত্ৰিম বান পানী সৃষ্টি হোৱাত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ বহু সময় যান বাহন যোৰাবাটৰ কৃত্ৰিম বান পানীত আবদ্ধ হৈ থকাত সৰ্ব সাধাৰণ নাগৰিক জীয়াতু ভুগিব লগীয়া হয়৷ দেওবাৰে পুৱাৰ ভাগত অহা বৰষুণ জাকৰ ফলত মহানগৰীত কৃত্ৰিম বানে ভয়ংকৰ ৰুপ ধাৰণ কৰা পৰিলক্ষিত হয়৷ হাতীগাঁও, কক্মিণীগাঁও, পাঞ্জাবাৰী, গুৱাহাটী ক্লাব, চানমাৰি, মালিগাঁও, নুনমাটি, সাতগাঁওকে ধৰি মহানগৰীৰ অধিকাংশ অঞ্চলৰ বাট- পথত এক কঁকাল পৰ্যন্ত পানী জমা হোৱাত পুৱতি নিশালৈকে ৰাজপথত যান-বাহনসহ শ শ লোক আবদ্ধ হৈ থাকিবলগীয়া হয়৷ অৱশ্যে পৰৱৰ্তী সময়ত বৰষুণ নহাত কৃত্ৰিম বান স্বাভাবিক হয় যদিও ৰুক্মিণীগাঁও আৰু হাতীগাঁৱকে ধৰি ঠায়ে ঠায়ে আজিও কৃত্ৰিম বানত বুৰ গৈ আছে ৰাজপথ৷ অপৰিৱৰ্তিত কৃত্ৰিম বানৰ কবলত নাগৰিকে কক বকাই থাকিবলগীয়া হৈছে৷



জিএমচি আৰু এছডিআৰএফ বাহিনীয়ে মহানগৰীৰ বিভিন্ন স্থানত কৃত্ৰিম বানত আবদ্ধ হোৱা লোকক নাৱাৰে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ মাজতে আজি বিয়লি পুনৰ অহা বৰষুণজাকৰ ফলত ৰুক্মিণীগাঁও, হাতীগাঁওকে ধৰি বিভিন্ন স্থানত কৃত্ৰিম বানে ভয়াবহ ৰুপ ধাৰণ কৰে৷ ঘাইকৈ মেঘালয়ৰ পৰা যোৰাবাট-খানাপাৰা হৈ নামি অহা পানীৰ ধলে ছয়মাইল-পাঞ্জাবাৰী পথ বুৰাই পেলোৱাত পথছোৱাত যাতায়াত বিঘ্নিত হৈ পৰে৷ স্মাৰ্ট গুৱাহাটীত কৃত্ৰিম বানপানী এতিয়া যেন তেনে এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে৷ বৰষুণ আহিলে মহানগৰীৰ অধিকাংশ পথ ডুব যায় কৃত্ৰিম বানপানীত৷ সোমবাৰে দিনৰ ভাগত অহা এজাক বৰষুণত স্মাৰ্ট মহানগৰীৰ ৰাজপথ বুৰাই পেলাই কৃত্ৰিম বানপানীয়ে৷ আনকি এজাক মুষলধাৰ বৰষুণে উটুৱাই নিলে গুৱাহাটীৰ অভিজাত্য৷ দেওবাৰে কৃত্ৰিম বানপানীয়ে বুৰাই পেলাই সাতগাঁও থানা আৰু গীতানগৰ থানাৰ ভিতৰ বাহিৰ৷ সাতগাঁও থানা আৰু গীতানগৰ থানাৰ ভিতৰত একাঠু বৰষুণৰ পানী জমা হোৱাত বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ বিনষ্ট হয়৷ আনকি থানাৰ মাৰণাস্ত্ৰ সমূহ আৰক্ষীয়ে ওখ ঠাইত উঠাই থব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ কৃত্ৰিম বানপানীৰ বাবে থানাৰ কাম কাজ সম্পূৰ্ন ৰূপে বন্ধ হৈ পৰে৷ পিছত আৰক্ষীয়ে থানাৰ ভিতৰৰ পানী সমূহ সিচি পৰিষ্কাৰ কৰিব লগীয়া হয়৷

বিভিন্ন কামৰ বাবে থানালৈ অহা বহু লোকে কৃত্ৰিম বানপানীৰ বাবে উভতি যাব লগীয়া হয়৷ এজাক বৰষুণৰ বাবে আৰক্ষীয়ে জিয়াতু ভুগিব লগীয়া হৈছে৷ এই কৃত্ৰিম বান পানীৰ বাবে যাতায়ত স্তব্ধ হৈছে বহুকেইটা মূল পথত৷ চানমাৰি, জু-ৰোড, ভিআইপি ৰোড, আমবাৰী, হাতীগাও, ৰুক্মনিগাঁও, অনিল নগৰ নবীন নগৰ, ছয়মাইল, আদাবাৰী, জি এছ ৰোড, হেঙেৰাবাৰী, পল্টন বজাৰ, ফাঁচী বজাৰ , ফটাশিল আমবাৰী, বেলতলা, বশিষ্ঠ, যোৰাবাট গড়চুক আদি এতিয়া পানীৰ তলত৷ বিয়লি কাৰ্যালয়ৰ পৰা ঘৰলৈ যোৱাত সমস্যাৰ সৃষ্টি হৈছে কৰ্মচাৰীৰ৷ একেদৰে টিউচনলৈ যোৱা ছাত্ৰ-ছাত্ৰীও পৰিছে অসুবিধাত৷ এক কঁকাল কৃত্ৰিম বান পানী হোৱাত বহু ঘাই পথত সৰ্ব সাধাৰণ জনতা পানীৰ মাজত দুই - তিনি ঘণ্টা পৰ্যন্ত আবদ্ধ হৈ থাকিব লগীয়া হয়৷ বহু যান বাহন পানীৰ কবলত পৰি বিকল হৈ পৰে৷ বান পানীৰ বাবে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে একাংশ এলেকাত  বিদ্যুৎত কৰ্তন কৰি দিয়ে৷ ফলত অঞ্চল বাসীয়ে জীয়াতু ভুগিব লগীয়া হয়৷ উল্লেখ্য যে, গুৱাহাটীৰ বানক লৈ আজৱ মন্তব্য কৰিছিল গুৱাহাটী নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে৷ বানৰ বাবে মহানগৰীৰ হাহাকাৰৰ মাজতে মন্ত্ৰী অশোক সিংহলে দিছিল অদ্ভুত মন্তব্য৷ মন্ত্ৰী অশোক সিংহলৰ মতে মেঘালয়ৰ বাবেহে মহানগৰীত হৈছে কৃত্ৰিম বান৷ ইমানেই নহয়, মহানগৰীত হোৱা পানীৰ ৰঙো চিনি পাইছে অশোক সিংহলে৷ মন্ত্ৰী অশোক সিংহলে কৈছিল যে মহানগৰীৰ পানী ক’লা, মেঘালয়ৰ পৰা অহা পানী ৰঙা৷ মেঘালয়ৰ পানীৰ ফলতহে মহানগৰীত সৃষ্টি হৈছে কৃত্ৰিম বান৷ কিন্তু এতিয়া গুৱাহাটী মহানগৰীৰ সৰ্বত্ৰ ৰঙা কলা পানী একাকাৰ হোৱা পৰিলক্ষিত হৈছে৷ আনহাতে, গুৱাহাটী মহানগৰীত কৃত্ৰিম বানে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে ইউ এছ টি এমক জগৰীয়া কৰিছিল৷ পাহাৰ কাটি এই শিক্ষা প্ৰতিষ্ঠানখন নিৰ্মাণৰ ফলতে গুৱাহাটীত কৃত্ৰিম বান হোৱাৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে৷ যাক লৈ সৰৱ হৈ পৰিছিল মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ প্ৰয়োজনত এনজিটিৰ কাষ চপাৰ কথাও প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ 

পাথৰকোৱাৰী-সাতগাওঁ সংযোগী পথত একাঠু পানীত

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : আজি পুৱাৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণত পুনৰ উটি গল মহানগৰীৰ আভিজাত্য৷ চৰকাৰৰ বানমুক্ত গুৱাহাটীৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন কৰি কৃত্ৰিম বানত বুৰ গ’ল গুৱাহাটী মহানগৰীৰ বহু অঞ্চলৰ বাট-পথ৷ মহানগৰীৰ পাথৰকোৱাৰী-সাতগাওঁ সংযোগী পথত কৃত্ৰিম বানৰ ফলত ব্যাহত হৈ পৰে স্বাভাৱিক জীৱন যাত্ৰা৷ বিশেষকৈ সাতগাঁও এছ এফ এছ স্কুলৰ পৰা সাতগাঁও ৰেল লাইন লৈ প্ৰায় ডেৰ কিলোমিটাৰ পথচোৱা পুৱাৰ মুখলধাৰ বৰষুণৰ ফলত একাঠু পানীৰে উপচি পৰি এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়৷ মূলতঃ নলাৰ সমস্যাৰ বাবে বৰষুণৰ পানী ওলাই যাব নোৱাৰি এই সমস্যাৰ সৃষ্টি হয়৷ এজাক ধাৰাসাৰ বৰষুণতে সাতগাঁও-পাথৰকোৱাৰী সংযোগী পথছোৱা জলমগ্ন হৈ পৰে৷ কৃত্ৰিম বানৰ ফলত পথচাৰি সকলৰ লগতে যান-বাহন চালক সকল যাতায়াতৰ ক্ষেত্ৰত চৰম হাৰাশাস্তিৰ সন্মুখীন হব লগা হয়৷ কৃত্ৰিম বানৰ বাবে পুৱাৰ পৰা নিশাৰ ভাগলৈ উক্ত পথত যান বাহন আবদ্ধ হৈ পৰাৰ লগতে একাঠু পানীত বহু যান বাহন বিকল হৈ পৰাও দেখা যায়৷ সাতগাওঁ পূৱেৰুণ পথ, এছ এফ এছ স্কুল আৰু ৰুদ্ৰক্ষ এপাৰ্টমেণ্ট সন্মুখ, সোণাই মিকিৰ পথ আদিতো কৃত্ৰিম বানে সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি কৰে৷ একেই পৰিবেশৰ সৃষ্টি হয় সাতগাওঁ থানা চৌহদটো৷ থানা চৌহদত একাঠু পানী হোৱাত থানাৰ কৰ্মৰত আৰক্ষী-জোৱান সকলৰ বিলাই বিপত্তিৰ সীমা নোহোৱা হয়৷ তাৰে মাজতে থানাখনৰ কৰ্তব্যৰত আৰক্ষী-জোৱান সকলে গেলা পানীৰ মাজৰে নিজ নিজ কৰ্তব্য সম্পাদন কৰিবলগীয়া হয়৷ ইফালে কৃত্ৰিম বানৰ কবলত পৰে নাৰেংগী মঠঘৰীয়া সংযোগী মাদাৰ টেৰেছা ৰোড নাৰেংগী-চয়মাইল সংযোগী ভি আই পি ৰোড, ছয়মাইল-পাঞ্জাৱৰী ৰোড, সাতগাওঁ জুৰিপাৰ পথ, পাৰ্লিতল আদি অঞ্চল৷ পাথৰকোৱেৰী পেট্ৰল পাম্পৰ সন্মুখৰ ভি আই পি পথতো সৃষ্টি হয় একাঠু পানী৷ যাৰ ফলত যান বাহন চালক সকল কৃত্ৰিম বানৰ বাবে অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে তীব্ৰ যান জোঁটৰ সৃষ্টি হয়৷