Logo
image

নূন্যতম জমাপুঁজি নাই সুদ ভৰিছে ৰাজ্যই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,২ ছেপ্টেম্বৰ : ৰাজ্যৰ ভয়াবহ বিত্তীয় সংকটৰ ছবি উন্মোচিত হৈছে কেগৰ প্ৰতিবেদনত৷ এফালে বহনক্ষম সামৰ্থ্যতকৈ ৰাজ্যৰ ধাৰ বৃদ্ধি পাইছে, আনফালে ধাৰৰ বিপৰীতে ভৰিবলগীয়া সুদো বাঢ়িছে৷ ইফালে পৰিস্থিতি এনে হৈছেগৈ যে ৰাজ্য চৰকাৰে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত জমা ৰাখিব লগীয়া নূ্যনতম ধনো ৰাখিব পৰা নাই৷ কেগে প্ৰকাশ কৰা অনুসৰি ৰাজ্য চৰকাৰে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত ১,২৪৩ কোটি টকাৰ নুন্যতম কেছ বেলেন্স ৰাখিব লাগে৷ ২০২২-২৩ বৰ্ষত বছৰটোৰ মাত্ৰ ৩০৫ দিনহে ৰিজাৰ্ভ বেংকে এই নূন্যতম কেছ বেলেন্স ৰাখিব পাৰিছিল৷ ৬০ টা দিনেই ৰাজ্য চৰকাৰে ৰিজাৰ্ভ বেংকত নূ্যনতম কেছ বেলেন্স ৰাখিব পৰা নাছিল৷ ফলত ১.৪৫ কোটি টকাৰ জৰিমনা বা সুদ ভৰিবলগীয়া হৈছিল৷ উল্লেখ্য যে দেশৰ প্ৰতিখন ৰাজ্যই ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত এক নুন্যতম কেছ বেলেন্স বা ৱেজ এণ্ড মিনছ এডভান্স ৰাখিব লাগে৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰসমূহে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ লগত চুক্তি স্বাক্ষৰ কৰিব লাগে৷ চুক্তি অনুসৰি ৰিজাৰ্ভ বেংকত ধন জমা ৰাখিব নোৱাৰাটোক এক প্ৰকাৰৰ অৰ্থ অশৌচ হিচাপেই গণ্য কৰা হয়৷ অসমৰ ক্ষেত্ৰত কাৰ্যতঃ এনে ঘটনাই ঘটিছে৷ ইফালে ধাৰ লৈ ৰাজ্য চৰকাৰে সেই পুঁজি মূলধন সৃষ্টি বা উন্নয়নৰ স্বাৰ্থত ব্যৱহাৰ কৰা নাই বুলি সকীয়নি দি কেগে উল্লেখ কৰিছে যে ধাৰ লোৱা ধন অহেতুক খৰচ কৰা আৰু ঋণৰ সুদ দিয়াত খৰচ কৰাটো শুভ লক্ষণ নহয়৷  কেগে  দাখিল কৰা প্ৰতিবেদন অনুসৰি যোৱা পাঁচ বছৰত ৰাজ্যৰ ধাৰ ১০৭.৩৪ শতাংশ বৃদ্ধি পাইছে৷


২০১৮-১৯ বৰ্ষত ৰাজ্য চৰকাৰে ৫৯,৪২৫.৬১ কোটি টকা ধাৰ লোৱাৰ বিপৰীতে ২০২২-২৩ বৰ্ষত ধাৰ লোৱা ধনৰ পৰিমাণ ১,২৩, ২১৪৮০ কোটি টকালৈ বৃদ্ধি পাইছে৷ সামন্তৰালভাৱে ৰাজ্যত ধাৰৰ বিপৰীতে সুদৰ পৰিমাণ ১৪০.৫০ শতাংশলৈ বৃদ্ধি পাইছে৷ ২০১৮-১৯ বৰ্ষত ৰাজ্যৰ ধাৰৰ সুদ ১১,৭৫৪.৬৫ কোটি টকা হোৱাৰ বিপৰীতে ২০২২-২৩ বৰ্ষত ধাৰৰ সুদ ২৮,২৭০.০২ কোটি টকালৈ বৃদ্ধি পাইছে৷ ৰাজ্য চৰকাৰে নতুনকৈ লোৱা ধাৰৰ ২৫.৯৩ শতাংশ ধাৰৰ সুদ মাৰোতেই খৰচ হয়৷ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ১১.৯১ শতাংশ হোৱাৰ বিপৰীতে চৰকাৰৰ ধাৰৰ গড় বৃদ্ধিৰ হাৰ ২৩.৯২ শতাংশলৈ বৃদ্ধি পাইছে৷ ধাৰৰ সুদ মৰাটোৱেই ৰাজ্য চৰকাৰৰ বাবে ডাঙৰ বোজা হৈ পৰিছে৷ ২০২১-২২ বৰ্ষৰ তুলনাত ২০২২-২৩ বৰ্ষত ৰাজহ ঘাটি ৩০,২০৪.৮৮ কোটি টকা বৃদ্ধি পাইছে৷ এনে প্ৰেক্ষাপটত কেগে ৰাজ্য চৰকাৰক নিজাকৈ ৰাজহ বৃদ্ধি কৰিবলৈও পৰামৰ্শ দিছে৷ যোৱা পাঁচ বছৰত ৰাজ্যত দৰমহা, পেন্সনকে ধৰি ইত্যাদি শিতানৰ খৰচ ব্যাপক হাৰত বৃদ্ধি পাইছে৷ ২০২২-২৩ বৰ্ষত এই খৰচৰ পৰিমাণ হৈছেগৈ ৫৫,১২২.৭২ কোটি টকা৷ এয়া ৰাজ্যৰ মুঠ নিজা উপাৰ্জনৰ ৬১.৪২ শতাংশ৷ ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ এনপিএছৰ বাবে ৰাষ্ট্ৰীয় পেন্সন আঁচনিত জমা দিবলগীয়া ধনৰো ২৮৪.৬৭ কোটি টকা অনাদায় হৈ আছে৷ কেগে ২০২৩১ ৩১ মাৰ্চত সমাপ্ত হোৱা বছৰটোৰ বাবে কালি বিধানসভাত দাখিল কৰা তথ্য অনুসৰি ৰাজ্যত বিত্তীয় ঘাটি ৫২.০৫ শতাংশ বৃদ্ধি পাইছে৷ চৰকাৰৰ অতিৰিক্ত ব্যয়ো বৃদ্ধি পাইছে৷ ২০২২-২৩ বৰ্ষত চৰকাৰে অপ্ৰয়োজনীয়ভাৱে উলিয়াই নিলে ৮,৩০৫.৬৭ কোটি টকা৷ ২০২৩ চনৰ ৩১ মাৰ্চলৈকে চৰকাৰে দিয়া নাই ৬৭,৯৯১.৭১ কোটি টকাৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ৷ ৰাজ্যত ৰাজহ ঘাটি ৩৪১.৭৬ শতাংশলৈ বৃদ্ধি পাইছে৷ আয়-ব্যয়ৰ মাজত দেখা গৈছে ব্যাপক বিসংগতি৷ ইফালে কেগে দাখিল কৰা মতে অসম চৰকাৰৰ ৫৩টা বিভাগে ২০২৩ চনৰ ৩১ মাৰ্চলৈকে ৩৭,৯৯১.৭০ কোটি টকাৰ পুঁজি ব্যয়ৰ প্ৰমাণ-পত্ৰ কেন্দ্ৰ চৰকাৰৰ ওচৰত দাখিল কৰা নাই৷ ১৪,১৫৯খন ব্যৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল কৰিবলৈ আছে৷ তদুপৰি ২০২৩ চনৰ ৩১ মাৰ্চলৈকে বিভাগসমূহে ৮৯৯.৫৯ কোটি টকাৰ ১,৪১৯ খন এচি বিলৰ বিপৰীতে ডিচিচি বিল দাখিল কৰা নাই৷