Logo
image

জিএমচিত অসুস্থ অখিলৰ কাষত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ছেপ্টেম্বৰ : ৰাজনৈতিক পথাৰখনত সততে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে যুদ্ধংদেহী স্থিতি গ্ৰহণ কৰি অহা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ বুজ লয়৷ উল্লেখ্য, বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে বুধবাৰে পুৱা জ্ঝ বজাত হঠাৎ অসুস্থ হৈ পৰাত বিধায়ক গগৈক জি এম চি এইচত ভৰ্তি কৰোৱা হয়৷ আজি সন্ধিয়া স্বাস্থ্য বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মা জি এম চি এইচত চিকিৎসাধীন অৱস্থাত থকা বিধায়ক গগৈৰ কোঠাত উপস্থিত হৈ চিকিৎসাৰ দায়িত্বত থকা জ্যেষ্ঠ চিকিৎসকৰ পৰা বিধায়কজনৰ স্বাস্থ্যৰ শেহতীয়া পৰিস্থিতিৰ বিতংকৈ বুজ লয়৷ পাছত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–অখিল গগৈ মেডিকেল কলেজৰ পৰা যাব পাৰিব৷


চিকিৎসকে যিমান পাৰে ভালকৈ চিকিৎসা কৰিবলৈ চেষ্টা কৰি আছে৷ মোৰ লগত ভালকৈ কথা পাতিছে৷ ইয়াত অহাৰ দিনাখন শৰীৰৰ বাওঁফালে কষ্ট অনুভৱ কৰিছিল৷ এতিয়া লাহে লাহে বহুখিনি ভাল পাইছে৷ বেমাৰ দেখুৱাবলৈ দিল্লীত যাবলগীয়া বেমাৰ নহয়৷ অন্য কামত গ’লে দেখুৱাই আহিব পাৰে৷ ইয়াৰ পূৰ্বে অখিল গগৈয়ে তেওঁৰ স্বাস্থ্য সন্দৰ্ভত মত প্ৰকাশ কৰি কৈছিল– ‘মোৰ মগজুত তেজৰ গুটি উঠা বুলি চিকিৎসকে কৈছে৷ সেইটো অস্ত্ৰোপচাৰ কৰিব লাগিব৷ জটিল অস্ত্ৰোপচাৰ হ’ব৷ জি এম চি এইচ কতৃৰ্পক্ষই জনোৱা মতে মই এই অস্ত্ৰোপচাৰ বাহিৰত কৰিব লাগিব৷ কাইলৈ এম আৰ আই কৰাৰ পাছতহে এই বিষয়ে নিশ্চিত হম৷’