Logo
image

সামৰিক শক্তিৰ শীৰ্ষত চীন, চতুৰ্থ স্থানত ভাৰত

আমাৰ অসম, ২২ মাৰ্চঃ সামৰিক শক্তিৰ দিশৰ পৰা বিশ্বৰ ভিতৰতে শক্তিশালী চীন৷ ইয়াৰ বিপৰীতে ভাৰতৰ সেনাবাহিনী আছে চতুৰ্থ স্থানত৷ এক সমীক্ষাত শেহতীয়াকৈ এই তথ্য প্ৰকাশ পাইছে৷ প্ৰতিৰক্ষা ৱেবছাইট মিলিটাৰী ডাইৰেক্টে চলোৱা সমীক্ষা অনুসৰি আমেৰিকা বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী দেশ হ’লেও সেনা-শক্তিৰ দিশৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্থান দ্বিতীয়৷ তৃতীয় স্থানত আছে ৰাছিয়া৷ আনহাতে ভাৰত চতুৰ্থ স্থানত৷ সমীক্ষাটোৰ পাছত প্ৰকিাশত প্ৰতিবেদনৰ প্ৰথম দহখন দেশৰ তালিকাৰ পঞ্চম স্থানত আছে ফ্ৰান্স৷ একেদৰে নৱম স্থানত উল্লেখ হৈছে ব্ৰিটেইনৰ নাম৷