Logo
image

তৃণমূল এৰি ‘ঘৰৰ ল’ৰা ঘৰলৈ’ বুলি উভতিল ৰিপুণ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ছেপ্টেম্বৰ : দেওবাৰে আচম্বিতে তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে দলটোৰ অসমৰ দায়িত্বত থকা প্ৰাক্তন সাংসদ ৰিপুন বৰাই৷ সংখ্যা থকাৰ পাছতো ৰাজনৈতিক ষড়যন্ত্ৰ বলী হৈ ২০২২ চনৰ ৰাজ্যসভাৰ নিৰ্বাচনত পৰাজিত হৈছিল ৰিপুন বৰা৷ ইয়াৰ পাছতে তেওঁ কংগ্ৰেছ ত্যাগ কৰি মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত যোগদান কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে৷ কিন্তু দেওবাৰে আচম্বিতে তৃণমূল  কংগ্ৰেছৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰিলে ৰিপুন বৰাই৷ কিন্তু হঠাৎ ৰিপুন বৰাই কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে? প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বৰাই পুনৰ কংগ্ৰেছলৈ উভতি আহিব নেকি? ৰিপুন বৰাৰ পুনৰ কংগ্ৰেছলৈ প্ৰত্যাবৰ্তনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত আৰম্ভ হৈছে সৰব চৰ্চা৷ ৰাজীৱ ভৱনৰ সূত্ৰৰ মতে কংগ্ৰেছ হাইকমাণ্ডো বিচাৰিছে যে ৰিপুন বৰা পুনৰ কংগ্ৰেছলৈ উভতি আহক৷ যিহেতু এ আই চি চি অতি শীঘ্ৰে সাংগঠনিক পৰ্যায়ত ব্যাপক সালসলনি হ’ব সেয়ে এনে সময়ত ৰিপুন বৰাৰ পদত্যাগে বিশেষ ইংগিত বহন কৰিছে৷ এ আই চি চিৰ সাংগঠনিক স্তৰত সাল-সলনি হোৱা মানে অসমতো প্ৰদেশ কংগ্ৰেছত সালসলনি হোৱাটো নিশ্চিত৷ মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণৰ পাছত কংগ্ৰেছৰ সাংগঠনিক স্তৰত কোনো ধৰণৰ সালসলনি হোৱা নাই৷ পূৰ্বৰ কমিটীখনে এই পৰ্যন্ত বাহাল আছে৷ সেয়ে পূৰ্বৰ কমিটী ভংগ কৰি সম্পূৰ্ণ নতুনকৈ ইয়াক গঠন কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ এনে সময়তে তৃণমূল এৰি ‘ঘৰৰ ল’ৰা ঘৰলৈ’ বুলি আহিব বিচাৰিছে নেকি ৰিপুন বৰাই৷ উল্লেখ্য যে ৰিপুণ বৰাৰ লগতে অসম তৃণমূল কংগ্ৰেছ ত্যাগ কৰে দলটোৰ সাংগঠনিক সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা, প্ৰশাসনিক সাধাৰণ সম্পাদক গজেন্দ্ৰ প্ৰসাদ উপমন্যু আৰু সাধাৰণ সম্পাদক জুলফিকৰ হুছেইন৷ ৰিপুন বৰাই অসম তৃণমূল কংগ্ৰেছৰ সভাপতি পদৰ উপৰি দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰে৷ ৰিপুন বৰাই আজি তেওঁৰ পদত্যাগ পত্ৰ তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীলৈ প্ৰেৰণ কৰে৷ তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ পাছত কোন দলত যোগদান কৰিব সেই কথা ৰিপুন বৰাই স্পষ্ট কৰা নাই যদিও কংগ্ৰেছ দললৈ পুনৰ উভতি যোৱাৰ সম্ভাৱনা ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷


নিজৰ পদত্যাগ সন্দৰ্ভত ৰিপুন বৰাই কয়– ‘পশ্চিম বংগৰ দৰে অসমতো বিজেপিক প্ৰতিহত কৰাৰ এটা প্লেটফৰ্ম কৰিব পাৰিম বুলি আশা কৰিছিলোঁ৷ তেনেকুৱা সপোন লৈ তৃণমূল কংগ্ৰেছত যোগদান কৰিছিলোঁ৷ কিন্তু বিগত আঢ়ৈ বছৰ অসমত তৃণমূল কংগ্ৰেছৰ সংগঠন কৰিবলৈ গৈ দেখিলো যে অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছক গ্ৰহণ নকৰে৷ কাৰণ অসমৰ ৰাইজে ভাৱে যে এইটো এটা বেংগলৰ আঞ্চলিক দল৷ বেংগলৰ আঞ্চলিক দল এটাক অসমৰ মানুহে কিয় গ্ৰহণ কৰিব৷ আমি ৰাইজক বুজাবৰ চেষ্টা কৰিছিলো কিন্তু নুবুজিলে৷ গতিকে সিদ্ধান্ত ল’লো যে ৰাইজে যদি গ্ৰহণ নকৰে তেন্তে আমি আমাৰ মূল লক্ষ্যত উপনীত হ’ব নোৱাৰিম৷ ৰাইজে গ্ৰহণ নকৰিলে বিজেপিক কিদৰে প্ৰতিহত কৰিম৷ সময় আৰু শক্তিৰ অপব্যয় হ’ব৷ বহু চিন্তা কৰি মই দলটো ত্যাগ কৰিছো৷ মই কোনটো দলত যাম সেই কথা এতিয়া অহা নাই৷ মই এজন ৰাজনৈতিক ব্যক্তি হিচাপে থাকিম আৰু বিজেপি বিৰোধী শিবিৰত থাকিম৷ বিৰোধী ঐক্য মঞ্চৰ বিজেপি বিৰোধী যুঁজৰ অংশীদাৰ হৈ থাকিম৷ বেলেগ দলত যোগদান কৰাৰ কথা বত্তৰ্মান চিন্তা কৰা নাই৷ কংগ্ৰেছ মোৰ পুৰণি ঘৰ, সেয়ে ঘূৰি যোৱাত মোৰ কোনো আপত্তি নাই৷ অৱশ্যে কংগ্ৰেছ দলে বিচাৰিবও লাগিব৷’ উল্লেখ্য যে ২০২২ চনৰ ১৭ এপ্ৰিলত কংগ্ৰেছ ত্যাগ কৰিছিল দলটোৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰাই৷ দলৰ পৰা পদত্যাগৰ কথা উল্লেখ কৰি কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৰিপুন বৰাই৷ ১৯৭৬ চনৰ পৰা কংগ্ৰেছৰ লগত জড়িত থকা ৰিপুন বৰাই ৰাজ্যসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছতে দল ত্যাগৰ সিদ্ধান্ত লৈছিল৷ সেই সময়ত ৰিপুন বৰাই বিজেপিৰ বহু নেতাৰ লগত কংগ্ৰেছৰ বহু নেতাৰ হলি গলি থকা বুলি অভিযোগ কৰিছিল৷ ছোনিয়া গান্ধীলৈ দিয়া পত্ৰত ৰিপুন বৰাই বহু অভিযোগ উত্থাপন কৰিছিল৷ কংগ্ৰেছ দলৰ লগত সেই সময়ত মিত্ৰতা থকা এ আই ইউ ডি এফে দলেও ৰাজ্যসভা নিৰ্বাচনত তেওঁক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ আনিছিল ৰিপুন বৰাই৷ আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ৰিপুণ বৰাৰ স্থলাভিষিক্ত হোৱা ভূপেন বৰাৰ সৈতে বহু পুৰনি ৰাজনৈতিক শত্ৰুতা থকা বুলি সেই সময়ত আলোচিত হৈছিল৷ যাৰ বাবে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ দুই পৃষ্ঠাৰ দীঘলীয়া পদত্যাগ পত্ৰ পঠিয়াই কংগ্ৰেছ দলৰ পৰা বিদায় লৈ ৰিপুন বৰাই যোগ দিছিল তৃণমূল কংগ্ৰেছত৷