Logo
image

‘বিপজ্জনক’ ঠাইৰ পৰা শিক্ষকক বদলি কৰি আনিব মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ছেপ্টেম্বৰ : চৰ আৰু মুছলমান অধ্যুষিত এলেকাক বিপজ্জনক বুলি ৰাজহুৱাভাৱে মন্তব্য কৰিছে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সোমবাৰে খানাপাৰাত উচ্ছ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত হৈ থকা ঠিকাভিত্তিক আৰু ষ্টেট পুলৰ শিক্ষকলৈ স্থায়ী নিযুক্তি প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই ‘বিপজ্জনক’ ঠাইৰ পৰা শিক্ষকক ভাল ঠাইলৈ বদলি কৰি আনিব বুলি কয়৷ তেওঁ এই প্ৰসংগত কয়– যিসকল টেট্‌ শিক্ষকে ধুবুৰী, দক্ষিণ শালমাৰাৰ দৰে বিপজ্জনক ঠাইত কাম কৰি আছে তেওঁলোকক তিনি বছৰৰ ভিতৰত ‘ভাল’ ঠাইলৈ লৈ আহিম৷ এইসকল শিক্ষকক বছৰি এক তৃতীয়াংশকৈ তিনিটা পৰ্যায়ত তিনি বছৰৰ ভিতৰত ভাল ঠাইলৈ লৈ আহিম৷ এতিয়াও কোনো টেট্‌ উত্তীৰ্ণই যদি নিজ ইচ্ছাৰে দূৰ দূৰণিলৈ গৈ শিক্ষকতা কৰিব ‘বিপজ্জনক’ ঠাইৰ পৰা শিক্ষকক বিচাৰে তেওঁলোকক অতিৰিক্ত নম্বৰ দিম৷ টেট্‌ উত্তীৰ্ণসকলৰ নিযুক্তি বিকশিত অসমৰ সপোন সাকাৰ কৰাৰ বাবে৷



তেওঁ আৰু কয়– ২০০৯  চনত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন হৈছিল৷ ২০১২ চনত উক্ত আইনৰ অধীনত টেট্‌ উত্তীৰ্ণসকলক নিযুক্তি দিয়া হৈছিল৷ এনে নিযুক্তি প্ৰদানৰ সময়ত নিজৰ চৰকাৰখনৰে ৰাজনৈতিক সমৰ্থন নাছিল৷ দিল্লীৰ পৰা আহি আশ্বৰ্াদ মদানিয়ে মুখ্যমন্ত্ৰীক নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিবলৈ কৈছিল৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিবলৈ হেঁচা দিছিল৷ বৰ্তমানৰ এজন নিৰ্দলীয় বিধায়কে সেই সময়ত কৈছিল যে যিদিনা হিমন্ত বিশ্ব শৰ্মা আঁতৰিব যিদিনাই এইবোৰ শিক্ষকৰ চাকৰি যাব৷ কিন্তু কাৰো চাকৰি নগ’ল৷ স্মৰ্তব্য, ২০১২ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টেট্‌ শিক্ষকসকলৰ নিয়মীয়া নিযুক্তি দিয়া বুলি কৈছিল৷ ইয়াৰ বিপৰীতে সেই সময়ত কৃষক নেতা বৰ্তমানৰ বিধায়ক অখিল গগৈয়েহে ফাদিল কৰিছিল যে টেট্‌ উত্তীৰ্ণসকলৰ ২০১২ চনত দিয়া নিযুক্তি আছিল ঠিকাভিত্তিক৷ ইয়াকে লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল৷