Logo
image

দৰমহা হ্ৰাস পালেও প্ৰায় ২৪ হাজাৰ ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি প্ৰদান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ছেপ্টেম্বৰ : এটা দহক পূৰ্বে ঠিকাভিত্তিত নিয়োগ কৰা ২৩,৯৫৯ গৰাকী টেট্‌ উত্তীৰ্ণ শিক্ষক আৰু ষ্টেটপুলৰ শিক্ষকক সোমবাৰে নিয়মীয়াভাৱে নিযুক্তি দিয়া হয়৷ কেইবালাখ টকা ব্যয় কৰি গুৱাহাটীৰ খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত বিশাল অনুষ্ঠানপাতি উক্ত শিক্ষকসকলৰ মাজত নিযুক্তি-পত্ৰ বিতৰণ কৰা হয়৷ নিয়মীয়াভাৱে নিযুক্তি লাভ কৰিলেও এইসকল শিক্ষকৰ দৰমহা পূৰ্বৰ দৰমহাতকৈ ১৫-১৬ হাজাৰ টকা হ্ৰাস পাব৷ ১২ বছৰ পূৰ্বে নিযুক্তি লাভ কৰা সূত্ৰে তেওঁলোকৰ দৰমহাৰ লগত যোগ হৈছিল কেইবাটাও ‘ইনক্ৰিমেণ্ট’৷ সোমবাৰে নতুনকৈ নিযুক্তিপত্ৰ লাভ কৰাৰ পাছতে তেওঁলোকৰ চাকৰিও সম্পূৰ্ণ নতুন হ’ব৷ কাজেই তেওঁলোকৰ পূৰ্বতকৈ দৰমহা হ্ৰাসহে পাব৷ আজি প্ৰদান কৰা নিযুক্তিপত্ৰৰ ফলত মুখ্যমন্ত্ৰী ড॰ শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ কাৰ্যকালত বৰ্তমানলৈকে প্ৰদান কৰা নিযুক্তিৰ সংখ্যা ৰ লাখ ৩৪৫ লৈ বৃদ্ধি পালে৷ উল্লেখ্য, বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ২০২১ বৰ্ষৰ শেষলৈকে ৪, ৭৭৯ গৰাকী, ২০২২ বৰ্ষত ৩৫, ১৩০ গৰাকী, ২০২৩ বৰ্ষত ৫৫, ৫৯৩ গৰাকী আৰু চলিত বৰ্ষত ২৬ আগষ্ট পৰ্য্যন্ত ৪, ৮৮৭ গৰকী প্ৰাৰ্থীক স্বচ্ছতাৰে সম্পূৰ্ণ মেধা আৰু যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰিছে৷ এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– আজি স্থায়ী নিযুক্তিপত্ৰ লাভ কৰা সকলে ইমান দিনে ঠিকাভিত্তিক নিয়োগ হৈ থকাৰ বাবে তেওঁলোকে অৱসৰৰ পিছত পেঞ্চনকে ধৰি কি কি সা-সুবিধা লাভ কৰিব সেই সন্দৰ্ভত অনি(য়তা ভোগ কৰি আছিল৷ এতিয়াৰে পৰা আজি নিযুক্তিপত্ৰ লাভ কৰা সকলে এন পি এছৰ অধীনত পেঞ্চন লাভ কৰিবলৈ সক্ষম হ’ব৷ ইয়াৰ ফলত অৱসৰকালীন জীৱনলৈ বহু পৰিমাণে নি(য়তা আহি পৰিব৷ এতিয়াৰে পৰা এই শিক্ষকসকলে কোনো বন্ধকী অবিহনে বেংকৰ পৰা গৃহ নিৰ্মাণৰ বাবে ঋণ লাভ কৰিবলৈ সক্ষম হ’ব৷ ইয়াৰ বাবে এই শিক্ষকসকলক অগ্ৰাধিকাৰ ভিত্তিত গৃহ নিৰ্মাণৰ বাবে ঋণ দিবলৈ ভাৰতীয় ষ্টেট বেংকক অনুৰোধ জনোৱা হ’ব৷


ৰাজ্য চৰকাৰৰ কোনো বিষয়া-কৰ্মচাৰীৰ চাকৰিকালতে বিয়োগ হ’লে তেনে বিষয়া-কৰ্মচাৰীজনৰ পৰিয়ালক তেওঁৰ অৱশিষ্ট চাকৰিৰ কালছোৱাত সম্পূৰ্ণ দৰমহা আদায় দিয়া হয়৷ আজি নিযুক্তিপ্ৰাপ্তসকলে এতিয়াৰে পৰা এই সুবিধা লাভ কৰিব৷ চাকৰি নিয়মীয়াকৰণৰ বাবে অভিজ্ঞতা পাঁচ বছৰ ধাৰ্য কৰাৰ বাবে একাংশ ঠিকাভিত্তিক শিক্ষক স্থায়ী নিযুক্তিপত্ৰ লাভৰ পৰা বঞ্চিত হৈ ৰৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ চাকৰি নিয়মীয়াকৰণৰ বাবে অভিজ্ঞতা পাঁচ বছৰৰ পৰিৱৰ্তে তিনি বছৰ কৰিবলৈ শিক্ষা বিভাগক আহ্বান জনায়৷ ইয়াৰ ফলত আগন্তুক বিত্তীয় বৰ্ষত সেইসকল শিক্ষকৰ চাকৰিও স্থায়ী কৰিব পৰা যাব৷ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়– ৰাজ্য চৰকাৰে এই বৰ্ষত প্ৰায় ৬ হাজাৰ বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ অনুমোদন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আজি স্থায়ী নিযুক্তিপত্ৰ লাভ কৰা সকলেও প্ৰধান শিক্ষক পদ লাভ কৰাৰ সুবিধা লাভ কৰিব৷ বিগত নিৰ্বাচনৰ সময়ত শাসনলৈ আহিলে ৰ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তিৰ প্ৰতিশ্ৰুতি চৰকাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে৷ স্বাধীনতাৰ পিছত কোনো এখন চৰকাৰেও এইদৰে ৰ লাখ নিযুক্তি দিবলৈ সক্ষম হোৱা নাছিল৷ আগন্তুক বৰ্ষৰ ভিতৰত নতুনকৈ ৫০ হাজাৰ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰচেষ্টাত ৰাজ্য চৰকাৰ অৱতীৰ্ণ হ’ব৷ সম্পূৰ্ণ স্বচ্ছতাৰে মেধা আৰু যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰি প্ৰদানৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি ৰাজ্য চৰকাৰে স্থাপন কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যৰ দূৰৱৰ্তী স্থানত অৱস্থিত শিক্ষানুষ্ঠানসমূহত শিক্ষকতা কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীসকলক অতিৰিক্ত নম্বৰ দিয়াৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰি কৰি তেওঁ সমাজখনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে নিজকে উৎসৰ্গিত কৰিবলৈ আজি স্থায়ী নিযুক্তিপত্ৰ লাভ কৰা শিক্ষকসকলক আহ৩ান জনায়৷ আজিৰ এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু, নন্দিতা গাৰ্লোচা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক হেমাংগ ঠাকুৰীয়া, সুশান্ত বৰগোহাঞি, লৰেঞ্চ ইছলাৰীৰ উপৰি অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, বিদ্যালয় শিক্ষা বিভাগৰ সচিব এচ এন চৌধুৰী প্ৰমুখ্যে শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷