Logo
image

মুখ্যমন্ত্ৰীৰ ‘বগাধন-ক’লাধন’ক লৈ সৰৱ ভূপেন, মীৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ সম্পত্তিক লৈ পুনৰ যেন আক্ৰমণাত্মক হৈ পৰিছে অসম কংগ্ৰেছ৷ ২০২৬ ৰ নিৰ্বাচনত চৰকাৰ গঠন কৰিলে মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তদন্ত কৰিবলৈ এছ আই টি গঠনৰ হুংকাৰ দিয়া কংগ্ৰেছ দলে এইবাৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মা আৰু তেওঁৰ পৰিয়ালে ইমান বৃহৎ পৰিমাণৰ ‘বগা ধন’ কৰ পৰা পালে বুলি প্ৰশ্ন উত্থাপন কৰিছে৷ আনকি মুখ্যমন্ত্ৰীৰ মাটিৰ ভোক লগা বেমাৰ হোৱা বুলিও কটাক্ষ কৰিছে কংগ্ৰেছ দলে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সোমবাৰে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয়–সকলোতকৈ ডাঙৰ কথা হৈছে যে এঘৰ মানুহৰ তাতে ইমান ‘বগা টকা’ কৰ পৰা ওলাইছে? ইমান বগা টকা ওলাইছে যে গোটেই অসম খন কিনিব পৰা হৈ গৈছে৷ আইন ৰৈ যায় এই পৰিয়ালটোৰ বাবে৷ মাজুলীৰ আইনখন ৰৈ গ’ল৷ কাৰণ মাটিৰ নথি পত্ৰ সাজু হোৱা নাই৷ চৰকাৰখন, চৰকাৰী ব্যৱস্থা, গোটেই প্ৰশাসন যন্ত্ৰটো ব্যৱহাৰ হৈছে এটা পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰাত৷ আৰু এই পৰিয়ালটোৰ ‘বগা টকা’ অভাবনীয়ভাৱে বৃদ্ধি পাইছে৷ কলা ধন তেওঁৰ ওচৰত নাইয়ে৷ তেওঁ হয়তো কলা ধন দেখাও নাই, চিনিও নাপায়৷ কলা ধন আমাৰ ঘৰতহে আছে৷ ইমান বগা ধন গঢ়াৰ কৌশল যদি অসমৰ অন্য মহিলাকো দিয়ে ভাল আছিল৷ অসমৰ অন্য যিসকল মহিলাই বিদ্যুতৰ মাছুল দিব নোৱাৰাৰ বাবে ককবকাই আছে, ল’ৰা-ছোৱালীৰ ভৰ্তি মাছুল দিব পৰা নাই, সেইসকল মহিলাক এই কৌশলটো শিকাই দিলে ভাল আছিল৷



এটা পৰিয়ালৰ বগা টকা ইমান বৃদ্ধি পোৱাৰ বিপৰীতে চাহ শ্ৰমিকৰ মজুৰি ৫০ টকাও বৃদ্ধি নাপায়৷ বেলেগে কিন্তু বগা টকা ব্যৱহাৰ কৰি বিঘাই বিঘাই মাটি কিনিব পাৰে৷ মুখ্যমন্ত্ৰীয়ে বগা টকা ঘটাৰ কৌশল অসমৰ পিছপৰা দুখীয়া মহিলাসকলক জনোৱাৰ বাবে এটা প্ৰশিক্ষণ শিবিৰ পাতিব লাগে৷ কংগ্ৰেছৰ মহিলা সকলকো পঠিয়াই দিম এই শিবিৰলৈ বগা টকা ঘটাৰ জ্ঞান ল’বলৈ৷ আনহাতে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰেও মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ আজি বিহালীত সৰব হৈ কয়–মুখ্যমন্ত্ৰীয়ে নিজৰ সকলো সম্পত্তি যে ৰিণিকি ভূঞাৰ নামত দিলে সেই কথা ভুলবশত মুখৰ পৰা ওলাই গ’ল৷ এতিয়া অসমৰ ৰাইজে তেওঁৰ পৰা সম্পত্তিৰ হিচাপ ল’ব৷ কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তিৰ তদন্ত হ’ব৷ ফলত মুখ্যমন্ত্ৰীয়ে মানসিক সন্তুলন হেৰুৱাইছে৷ ৰিণিকি ভূঞা শৰ্মাই যে মাজুলীত ১৭ বিঘা মাটি ল’লে সেইটো কি হ’ব? মাজুলীৰ ভূমি আইন কিয় নাহিলে? হিমন্ত বিশ্ব শৰ্মাৰ ভোক লগা বেমাৰ হৈছে৷ কৰবাত মাটি দেখিলেই ভোক লাগে৷ পৰিবাৰক সন্তুষ্ট কৰিবলৈয়ে তেওঁ আইন কৰে৷ হিমন্ত বিশ্ব শৰ্মাৰ ধবংসৰ আৰত তেওঁৰ পত্নীয়ে আছে যি গোগ্ৰাসে সম্পত্তি গ্ৰাস কৰিছে৷

৩০টা সংগঠনৰ প্ৰস্তাৱত হতভম্ব বিৰোধী দলপতি

‘আমাৰ অসম’ৰ নাজিৰাৰ প্ৰতিবেদক : ৩১আগষ্টত শিৱসাগৰত ৩০জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত সভাত খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ৩০জাতীয় জনগোষ্ঠীয় সংগঠনে কৰি অহা সংগ্ৰামখনক মই বিধানসভা অধিৱেশনত অপমান কৰা বুলি অভিযোগ তুলি এই সন্দৰ্ভত কংগ্ৰেছ দলক স্থিতি স্পষ্ট কৰিবলৈ কৈ প্ৰস্তাৱ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ এক বিবৃতিত দেৱব্ৰত শইকীয়াই কয়,  এই প্ৰস্তাৱত অপমানসূচক মন্তব্যৰ বাবে ২৪ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ দাবী জনোৱাও পৰিলক্ষিত হৈছে৷ এই প্ৰস্তাৱৰ বিষয়ে অৱগত হৈ মই সঁচাকৈয়ে আ(ৰ্য অনুভৱ কৰিছোঁ৷ কিয়নো বিধানসভা অধিৱেশনত মই ৩০জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিৰুদ্ধে কোনো অপমানসূচক মন্তব্য আগবঢ়োৱা নাই৷ এই কথা বিধানসভাৰ কাৰ্যবিৱৰণী চালেই স্পষ্ট হৈ পৰিব৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লগতে কয় যে, যোৱা ২৭আগষ্টত বিধানসভাৰ মজিয়াত ৰাজ্যখনত আইন-শৃংখলাৰ অৱনতি ঘটিছে আৰু বৰ্তমানৰ চৰকাৰখনে ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে বুলি উল্লেখ কৰি সদনৰ অন্যান্য কাম-কাজ বাতিল কৰি এই সন্দৰ্ভত বিশেষ আলোচনা বিচাৰিছিলোঁ৷ লগতে ২০আগষ্টৰ পৰা ২৭আগষ্টলৈ সংঘটিত ২৫টা ঘটনাৰ বিষয়ে উল্লেখ কৰা বুলি তেওঁ কয় যে,  ইয়াৰ ভিতৰত শিৱসাগৰৰ ঘটনাটোও আছিল৷ এই সন্দৰ্ভত মই স্পষ্টভাৱে কৈছিলোঁ যে, দুই-তিনিজন দুস্কৃতিকাৰীৰ বিৰুদ্ধে চৰকাৰে সময়ত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই ৩০টা সংগঠন আগবাঢ়ি আহিবলগীয়া হৈছে আৰু শিৱসাগৰত কেতবোৰ অনা-অসমীয়া ব্যৱসায়ীয়ে আঁঠু কাঢ়িবলগীয়া হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে৷ ভালদৰে থিয় দিব নোৱৰা বয়োজ্যেষ্ঠ ব্যক্তিয়েও আঁঠু কাঢ়িবলগীয়া হোৱা এনে পৰিস্থিতি যে সংগঠনৰ প্ৰতিনিধিসকলেও বিচৰা নাছিল সেয়া তেওঁলোকে মঞ্চতে বাৰে বাৰে উল্লেখ কৰাৰ কথাও বিধানসভাৰ মজিয়াত কৈছিলোঁ৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লগতে কয় এই বক্তব্যত চৰকাৰৰ ব্যৰ্থতা উদঙাই দিয়াৰ বাহিৰে আৰু ঘটি যোৱা ঘটনাৰ বাবে চৰকাৰক দোষাৰোপ কৰাৰ বাহিৰে জাতীয় জনগোষ্ঠীয় সংগঠনসমূহক ক’ত অপমান কৰিলোঁ সেয়া বুজিবলৈ কষ্ট হৈছে বুলি বিৰোধী দলপতিজনে বিবৃতিটোত অনুভৱ ব্যক্ত কৰে৷ চৰকাৰে যদি আমাৰ খিলঞ্জীয়া যুৱতীগৰাকীক আক্ৰমণ কৰা সেই দুই-তিনিজন দুস্কৃতিকাৰীক লগে লগে গ্ৰেপ্তাৰ কৰি উপযুক্ত আইনী শাস্তি বিহিলেহেঁতেন, তেতিয়াহ’লে ক্ষোভৰ উদ্‌গীৰণো নহ’লহেঁতেন আৰু প্ৰশাসনৰ উদ্যোগত আয়োজিত সভাত মন্ত্ৰীৰ সন্মুখতে কেতবোৰ অনা-অসমীয়া বয়োবৃদ্ধ লোকে আঁঠু কাঢ়িবলগীয়া পৰিস্থিতিৰো উদ্ভৱ নহ’লহেঁতেন৷ যি পৰিস্থিতি সংগঠনৰ প্ৰতিনিধিসকলেও বিচৰা নাছিল বুলি তেওঁলোকে বাৰম্বাৰ উল্লেখ কৰিছিল৷ বিধানসভাত আমাৰ বক্তব্য আছিল এয়াহে৷ য’ত জাতীয়- জনগোষ্ঠীয় দল-সংগঠনসমূহৰ প্ৰতি আমাৰ কোনো অৱজ্ঞা বা অপমান নাছিল৷ আনহাতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক্ষমা বিচৰাৰ প্ৰসংগত কয় যে, যদি খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সংগ্ৰাম কৰি অহা ৩০জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতি মোৰ সঁচাকৈ কিবা অৱজ্ঞা তথা অপমানৰ মনোভাৱ থাকিলহেঁতেন, যদি বিধানসভাৰ অধিৱেশনত হওক অথবা সংবাদ মাধ্যমৰ আগতেই হওক মই তেওঁলোকৰ প্ৰতি কিবা অপমানসূচক মন্তব্য আগবঢ়ালোঁহেঁতেন, তেতিয়া ক্ষমা খোজাৰ ক্ষেত্ৰতো মোৰ কোনো দ্বিধাবোধ নাই৷ মই যিহেতু তেনে কৰাই নাই, সংগঠনৰ প্ৰতিনিধিসকলে বিষয়টো সহানুভূতিৰে বিবেচনা কৰি ভুল বুজাবুজি আঁতৰ কৰিব বুলি আশা কৰিলোঁ বুলি বিবৃতিটোত উল্লেখ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷

স্মাৰ্ট মিটাৰকলৈ ৰাজ্যৰ বিৰোধী দলৰ নেতাৰ ভূমিকাত ক্ষুন্ন ৰমেন বৰঠাকুৰৰ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা  : স্মাৰ্ট মিটাৰকলৈ ৰাজ্যৰ বিৰোধী দলৰ নেতাৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰিছে জাগ্ৰতপ্ৰহৰী, অসমৰ সভাপতি তথা আপ, অসমৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে৷ সামাজিক মাধ্যমযোগে ৰমেন বৰঠাকুৰে নিজৰ অসন্তুষ্টি তথা ক্ষোভ প্ৰকাশ কৰি কৈছে যে বাস্তৱসময়ৰ তথ্যপ্ৰদান আৰু বিলিং প্ৰক্ৰিয়া সু-শৃংখলিত কৰিবপৰাকৈ ডিজাইন কৰা স্মাৰ্ট মিটাৰৰ আবিৰ্ভাৱক বিশ্বজুৰি বিভিন্নস্তৰৰ উৎসাহ আৰু প্ৰতিৰোধৰ সন্মুখীন হৈছে যদিও অসমত স্মাৰ্ট মিটাৰৰ প্ৰৱৰ্তনে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে৷ বিদু্যতৰ বিল বৃদ্ধি, মিটাৰ ৰিডিঙৰ ভুল, আৰু গ্ৰাহকৰ অধিকাৰৰ ওপৰত বহল প্ৰভাৱৰ উদ্বেগে বাসিন্দাসকলৰ মাজত ব্যাপক প্ৰতিবাদ আৰু অসন্তুষ্টিৰ সৃষ্টি কৰিছে৷ তেওঁ কয় যে তথাকথিত স্মাৰ্ট মিটাৰে ঘৰ খালী হ’লেও বিদু্যৎ খৰচ কৰে৷ সেয়েহে বিষয়টোৱে ইউটিলিটি বিলিঙৰ স্বচ্ছতা, সঠিকতা আৰু ন্যায়পৰায়ণতাৰ বিষয়ে বহল উদ্বেগক উজ্জ্বল কৰি তুলিছে৷  বিদু্যতৰ বিল যথেষ্ট বৃদ্ধি পোৱা আৰু মিটাৰ ৰিডিঙৰ সমস্যাই ইতিমধ্যে বাসিন্দাসকলৰ মাজত সঠিক অসন্তুষ্টিৰ সৃষ্টি কৰিছে৷  গতিকে, এই উদ্বেগসমূহৰ সমাধানৰ বাবে প্ৰতিবাদ, আলোচনা, আইনী ব্যৱস্থা, আৰু জনসচেতনতা জড়িত বহুমুখী পদ্ধতিৰ প্ৰয়োজন হৈছে৷ ফলপ্ৰসূ প্ৰতিবাদৰ আয়োজন কৰি, কতৃৰ্পক্ষৰ সৈতে জড়িত হৈ, আৰু কেৱল ব্যৱস্থাগত পৰিৱৰ্তনৰ পোষকতা কৰি অসমৰ জনসাধাৰণে এই সমস্যাসমূহ সমাধান কৰিব লাগিব আৰু গ্ৰাহক হিচাপে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত হোৱাটো নিশ্চিত কৰিব লগা হৈ পৰিছে৷ বৰঠাকুৰে আৰু কয় যে অসমৰ বিৰোধী দলসমূহে স্মাৰ্ট মিটাৰ বিতৰ্ক আৰু ইয়াৰ লগত জড়িত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে৷ অসমত স্মাৰ্ট মিটাৰ বিতৰ্কৰ সমাধানৰ বাবে বিৰোধী দলসমূহে প্ৰথমে শদিয়াৰপৰা ধুবুৰীলৈকে আৱাসীজনৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে৷ নিজৰ ক্ষোভ প্ৰকাশ কৰি জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে প্ৰশ্ন কৰে যে, সমগ্ৰ অসমতে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ বাবে কংগ্ৰেছ দলে পদযাত্ৰা কিয় আৰম্ভ নকৰে?  কেৱল স্মাৰ্ট মিটাৰৰ বাবে প্তষ্টাৰ হোটেলত মিটিং বা চেগা-চুৰুকাকৈ প্ৰতিবাদ কৰিলে জনসাধাৰণৰ মাজত কেতিয়াও সমস্যাটো সমাধান নহ’ব৷ ইতিমধ্যে ৰাজ্যত প্ৰতিবাদ যথেষ্ট হৈছে৷ এই প্ৰতিবাদক সংঘবদ্ধ প্ৰতিবাদলৈ ৰূপান্তৰ কৰিবপাৰিলে হে চৰকাৰক সেও মনাবপৰা যাব৷ তেওঁ কয় যে স্মাৰ্ট মিটাৰত অতিষ্ঠ হৈ ইতিমধ্যে ওড়িশাত স্মাৰ্ট মিটাৰ খুলি দলিয়াই পেলোৱা হৈছে৷

ইয়াৰ উপৰিও ৰমেন বৰঠাকুৰে উল্লেখ কৰে যে অসমত স্মাৰ্ট মিটাৰ সংস্থাপন কৰা বিজেপি চৰকাৰে যে অসমৰ ৰাইজক লুণ্ঠন কৰিছে সেয়া স্পষ্ট হৈ পৰিছে৷ ৰাজহ সংগ্ৰহৰ বাবে বিদু্যতৰ বিল বৃদ্ধি কৰাটো তেওঁলোকৰ অন্যতম অস্ত্ৰ হিচাপে লৈছে৷ ৰমেন বৰঠাকুৰে ৰাইজৰ মাজত চলি থকা কিছুমান কাৰুকাৰ্য দেখি কয় যে ধৰ্মীয় সংঘাত যে ৰাজনৈতিক নেতাৰ অস্ত্ৰ মাথোঁ সেই কথা অসমৰ ৰাইজে বুজি পোৱাৰ সময় আহি পৰিছে যিটো তেওঁলোকে ক্ষমতা হেৰুৱাবলৈ ওলোৱাৰ কথা উপলব্ধি কৰিলেই ব্যৱহাৰ কৰে৷ ধৰ্মীয় উৰণে কেতিয়াও জনসাধাৰণক লাভৱান কৰা নাই বৰঞ্চ কেৱল ক্ষমতাত থকা নেতাসকলৰহে লাভৱান কৰিছে৷  গতিকে চৰকাৰে আমাৰ অধিকাৰৰ শোষণক লৈ অসমৰ ৰাইজক ধৰ্মীয় আৱেগৰ লগত জড়িত নহ’বলৈ অনুৰোধ জনায় জ্যেষ্ঠ নেতা বৰঠাকুৰে৷ বৰঠাকুৰে কয় যে বিদু্যতৰ বিল বৃদ্ধি, গেলামালৰ বিল, গেছ চিলিণ্ডাৰৰ বিল, ৱাইনৰ দাম হ্ৰাস আৰু গাখীৰৰ মূল্যবৃদ্ধি আদিৰ ওপৰত আমাৰ মূল গুৰুত্ব হ’ব লাগে৷  ৰাজ্যত বৰ্তমানৰ পৰিস্থিতি নিৰীক্ষণ কৰাৰ পাছত উদ্বেগ প্ৰকাশ কৰি জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই হিন্দু-মুছলমান বা মিয়া-মুছলমান বিষয়টো উত্থাপন কৰি ৰাজ্যত চৰকাৰৰ বিৰুদ্ধে উত্থাপিত প্ৰতিবাদক সফলতাৰে পৰ্দাত আবদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে৷