Logo
image

কি এই ৰহস্যময় বিষাক্ত কীট

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ ছেপ্টেম্বৰ : ৰাজ্যত এতিয়া বিষাক্ত পোকৰ সংহাৰ ৰূপ ! গুৱাহাটীৰ গড়ভাঙাত সংবাদ পৰিৱেশনৰ বাবে যোৱা উৎপল বৰা নামৰ এজন যুৱ সাংবাদিকৰ বিষাক্ত পোকৰ দংশনত অকাল মৃত্যুৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ৰাজ্যৰ বিভিন্ন স্থানত বিষাক্ত কীটৰ দংশনৰ তথ্য পোহৰলৈ আহিছে৷ বিষাক্ত পোকৰ দংশনৰ বাবে চিকিৎসাধীন হ’বলগীয়া হৈছে বিভিন্নজনে৷ সামাজিক মাধ্যমতো একাংশ লোকে এনে পোকৰ চিকাৰ হোৱাৰ কথা ব্যক্ত কৰিছে৷ সংবাদ পৰিৱেশন কৰিবলৈ গৈ এটা নিজৰাত গা-ধুই থকা অৱস্থাতে Leptospira নামৰ এবিধ কীটৰ দংশনত সাংবাদিকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷ কিন্তু যুৱ সাংবাদিক উৎপল বৰাক প্ৰকৃততে কি পোকে দংশন কৰিছিল সেয়া সম্পূৰ্ণ স্পষ্ট নহ’ল যদিও এইবাৰ উজনি অসমৰ এজন সাংবাদিকে বিষাক্ত পোকৰ দংশনৰ বাবে হাস্পতালত ভৰ্তি হ’বলগীয়া হোৱাৰ  কথা সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰিছে৷ প্ৰশান্ত খাটোৱাল নামৰ সাংবাদিকজনে কিদৰে বিষাক্ত কীটৰ দংশনৰ বাবে প্ৰচণ্ড বিষ আৰু যন্ত্ৰণাত চিকিৎসাধীন হ’বলগীয়া হ’ল তাৰো বৰ্ণনা কৰিছে৷ সাংবাদিকজনে তেওঁক দংশন কৰা পোকটোৰ নাম 'Bald Faced Hornet' বুলি প্ৰকাশ কৰি পোকবিধৰ এখন ফটোও ৰাজহুৱা কৰিছে৷ মৌ-মাখি সদৃশ পোক বিধ বিশেষকৈ উত্তৰ-পূবত পোৱা যায়৷ যিবিধ পোক অতি আক্ৰমণাত্মক আৰু বিপদজনক৷ মৌ-মাখি বা আন পোক পৰুৱাই শুঙেৰে এবাৰ মানুহৰ দেহত বিন্ধি বিষ ঢালে যদিও এই পোক বিধে বাৰে বাৰে বিন্ধি বিষ ঢালে৷ ফলত এই দংশনত ভুক্তভোগী লোকজনে প্ৰচণ্ড বিষত চটফটাবলগীয়াৰ পৰিস্থিতিৰ সৃষ্টি হয়৷


আনকি দংশনৰ বলি হোৱা লোকজনে চিকিৎসকৰ পৰামৰ্শৰ বিকল্প নাথাকে৷ ভুক্তভোগী সাংবাদিকজনে ডিব্ৰুগড় ফিল’বাৰীৰ পৰা তিনিচুকীয়ালৈ মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত মাকুম উৰণ সেঁতুৰ সমীপত উৰি অহা পোক বিধে কাণৰ লতিত দংশন কৰা বুলি প্ৰকাশ কৰিছে৷ হঠাতে বিজুলী গতিত দংশন কৰাৰ পাছত বিষ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাত তাৎক্ষণিকভাৱে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনিটাকৈ বেজী লোৱাৰ পাছতহে বিষৰ উপশম পোৱা বুলি জানিবলৈ দিছে৷ কেৱল  এই সাংবাদিকজনেই নহয়, সামাজিক মাধ্যমত আৰ বৰা নামৰ  এগৰাকী মহিলায়ো বিষাক্ত কীটৰ দংশনৰ বাবে তিনিদিন ধৰি মূৰৰ বিষ, জ্বৰ আৰু বমিৰ লগতে উশাহ-নিশাহতো কষ্ট পোৱাৰ কথা প্ৰকাশ কৰিছে৷ কামোৰা অংশ ৰঙা পৰি খৰ সদৃশ ৰোগৰ দৰে হৈ পৰাত পাছত চিকিৎসকৰ পৰামৰ্শ লৈহে আৰোগ্য লাভ কৰাৰ কথা জানিবলৈ দিছে৷ সেয়ে অচিনাক্ত পোকে দংশন কৰিলে কোনেও যাতে সহজভাৱে নলয় আৰু চিকিৎসকৰ পৰামৰ্শ লয় তাৰ বাবেও মহিলাগৰাকীয়ে সামাজিক মাধ্যম যোগে আহ৩ান জনাইছে৷