বজাৰত পোৱা বিভিন্ন ধৰণৰ নিমখৰ ভিতৰত কোনবিধ উপকাৰী
নিমখ অবিহনে পাকঘৰৰ ৰন্ধনকাৰ্য সম্পূৰ্ণ নহয়৷ সকলোধৰণৰ ৰন্ধনতে নিমখৰ প্ৰয়োজন অপৰিহাৰ্য৷ বজাৰত সাধাৰণতেবগা নিমখ উভৈনদী আৰু ইয়াৰ চাহিদাও বেছি৷ কিন্তু বগা নিমখৰ উপৰিও ক’লা, গোলাপী, টেবুল, কোশাৰ, স্মোকড, পাৰ্ছলেকে ধৰি ৮ বিধ নিমখ পোৱা যায়৷ এইবোৰৰ ভিতৰত প্ৰতিবিধৰে গুণাগুণ আৰু কাৰ্যকাৰিতা বেলেগ বেলেগ৷ ইয়াৰ ভিতৰত কোনবিধ নিমখ আটাইতকৈ বেছি উপকাৰী জানো আহক৷
১) টেবুল ছল্ট : টেবুল নিমখ হ’ল সহজলভ্য আৰু আটাইতকৈ বৈছি ব্যৱহূত৷ অনেক প্ৰক্ৰিয়াৰ মাজেৰে ইয়াক প্ৰস্তুত কৰা হয়৷ আজিকালি বজাৰত যিবিলাক টেবুল নিমখ পোৱা যায় তাৰ অধিকাংশই আয়ডিনযুক্ত নিমখ৷ যি থাইৰডৰ দৰে সমস্যা থাকিলে নিৰাময় কৰাত সহায় কৰে৷ আয়ডিন শিশুৰ কাৰণে উপযোগী আৰু মস্তিষ্কৰ বৃদ্ধিৰ কাৰণেও উপকাৰী বুলি জনা যায়৷ অৱশ্যে এই নিমখ অত্যাধিক ব্যৱহাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হ’ব পাৰে৷
২) ক’লা নিমখ : ই এবিধ হিমালয়ৰ নিমখ৷ যাক সাধাৰণ ভাষাত ক’লা নিমখ বুলি কোৱা হয়৷ এই ধৰণৰ নিমখ তৈয়াৰ কৰোতে অনেক ধৰণৰ মছলা, বীজ আৰু গছৰ ছাল ব্যৱহাৰ কৰা হয়৷ ক’লা নিমখ তৈয়াৰ কৰোতে জুই ব্যৱহাৰ কৰা হয়৷ যাৰ বাবে ই ক’লা ৰং পায়৷ ক’লা নিমখ পেটফুলা, কোষ্ঠকাঠিন্য, এচিডিটিৰ দৰে সমস্যাসমূহত ঔষধ হিচাপে ব্যৱহাৰ হয়৷
৩) গোলাপী নিমখ : গোলাপী নিমখ হিমালয়ৰ কোনো কোনো অংশত খনন কৰিলে পোৱা যায়৷ এইবিধ নিমখ আটাইতকৈ বিশুদ্ধ আৰু শ্ৰেষ্ঠ হিচাপে বিবেচিত৷ ই আমাৰ শৰীৰৰ কাৰণে খুব উপকাৰী৷ গোলাপী নিমখত ৮৪টা প্ৰয়োজনীয় খনিজ পদাৰ্থ পোৱা যায়৷ এইবিধ নিমখ খাদ্য তালিকাত অন্তভুৰ্ক্ত কৰিলে বহু শাৰীৰিক সমস্যা সুৰক্ষিত হৈ থাকে৷ গোলাপী নিমখে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখে৷ এইবিধ নিমখ ব্যৱহাৰ কৰি ৰন্ধাবঢ়া কৰিলে বেছ সুফল পাব৷