আই চি চিৰ নতুন অধ্যক্ষৰ পৰা কি বিচাৰে পাকিস্তানে
অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চত পাকিস্তানত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ চেম্পিয়নছ ট্ৰফী৷ আয়োজক পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পি চি বি) ইতিমধ্যে টুৰ্নামেণ্টখন আয়োজনৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ কিন্তু তাৰ মাজতে এটা বিষয়ক লৈ পি চি বি শংকাত থাকিবলগীয়া হৈছে৷ সেয়া হৈছে টুৰ্নামেণ্টখনৰ বাবে ভাৰতীয় দলৰ পাকিস্তান ভ্ৰমণ৷ যদিও পাকিস্তানৰ পৰা ভাৰতীয় ক্ৰিকেটাৰৰ সকলো প্ৰকাৰৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, তথাপি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) স্পষ্টভাৱে জনাইছে যে চৰকাৰৰ পৰা অনুমোদন নোপোৱা পৰ্যন্ত ভাৰতীয় দলৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত একো ক’ব পৰা নাযায়৷ চেম্পিয়নছ ট্ৰফীত ভাৰতৰ খেলকেইখন নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰাৰ বাবেও আন্তঃৰাষ্ট˜ীয় ক্ৰিকেট কাউন্সিলক (আই চি চি) আহ৩ান জনাইছে৷ উল্লেখ্য, যোৱা বছৰ পাকিস্তানত অনুষ্ঠিত এছিয়া কাপতো ভাৰতৰ খেলকেইখন শ্ৰীলংকাত অনুষ্ঠিত কৰা হৈছিল৷ এছিয়া কাপত ভাৰতৰ খেলকেইখন নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সন্মত হ’লেও চেম্পিয়নছ ট্ৰফীৰ আটাইখেইখন পাকিস্তানত অনুষ্ঠিত কৰিব বিচাৰে পি চি বিয়ে আৰু দেশখনৰ ক্ৰিকেট ব’ৰ্ডে এই বিষয়টোত আই চি চিৰ নৱনিৰ্বাচিত অধ্যক্ষ জয় শ্বাহলৈ আশাৰে বাট চাইছে৷ কিন্তু ভাৰতীয় দলৰ পাকিস্তান ভ্ৰমণৰ বিষয়টোত শ্বাহৰ কৰিবলগীয়া বিশেষ একো নাই৷ কিয়নো আই চি চিৰ ফালৰ পৰা ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে যে ভাৰতীয় ক্ৰিকেট দল পাকিস্তানলৈ পঠোৱা-নপঠোৱাটো দেশখনৰ আভ্যন্তৰীণ বিষয় আৰু এইক্ষেত্ৰত আই চি চিক বাধ্য কৰাব নোৱাৰে৷ অৱশ্যে জয় শ্বাহে এই বিষয়টোত পিতৃ তথা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহক অনুৰোধ জনাব পাৰে৷ জয় শ্বাহে ৰ ডিচেম্বৰত আই চি চিৰ অধ্যক্ষৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ কথা৷ শ্বাহে ইতিমধ্যে ক্ৰিকেট প্ৰশাসক হিচাপে বিচক্ষণতাৰ পৰিচয় দিছে৷ বি চি চি আইৰ সচিব হিচাপেও তেওঁ সফলতা দাবী কৰিব পাৰে৷ এতিয়া বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থাটোৰ মুৰব্বী হিচাপে তেওঁ কেনেধৰণৰ পদক্ষেপ লয়, তাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব৷ শ্বাহে ইতিমধ্যে জনাইছে যে তেওঁৰ নেতৃত্বাধীন কমিটীয়ে তিনিটা লক্ষ্য আগত ৰাখি কাম কৰিব৷ সেয়া হৈছে টেষ্ট ক্ৰিকেটৰ জনিপ্ৰয়তা বৃদ্ধি, বিশ্বব্যাপী ক্ৰিকেটৰ প্ৰসাৰ আৰু মহিলা আৰু বিশেষভাৱে সক্ষমৰ ক্ৰিকেটৰ প্ৰসাৰ৷ কিন্তু চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত তেওঁ এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই৷ উল্লেখ্য, ভাৰতীয় ক্ৰিকেট দলে অন্তিমবাৰ পাকিস্তান ভ্ৰমণ কৰিছিল ২০০৮ চনৰ এছিয়া কাপৰ বাবে৷
দীৰ্ঘ সময় ধৰি দেশ দুখনৰ মাজৰ দ্বি-পাক্ষিক ক্ৰিকেট শৃংখলা বন্ধ হৈ আছে৷ কেৱল আন্তঃৰাষ্ট˜ীয় ক্ৰিকেট কাউন্সিল টুৰ্নামেণ্ট অথবা আন তেনে আগশাৰীৰ টুৰ্নামেণ্টত দুই চুবুৰীয়া দেশৰ ক্ৰিকেট দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে৷ ভাৰত আৰু পাকিস্তানৰ মাজৰ কূটনৈতিক সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ নহয় যদিও ভাৰতীয় ক্ৰিকেটাৰৰ বহু সংখ্যক অনুৰাগী পাকিস্তানত আছে৷ পাকিস্তানত যদি দল দুটাৰ মাজত প্ৰতিদ্বন্দ্বিতা হয়, তেন্তে সেই খেল চোৱাৰ বাবে ষ্টেডিয়াম যে দৰ্শকেৰে ভৰি পৰিব তাত সন্দেহ নাই আৰু এনে পৰিৱেশে নিঃসন্দেহে স্পনছৰকো উৎসাহিত কৰিব৷ পাকিস্তানত দীৰ্ঘদিন কোনো আগশাৰীৰ টুৰ্নামেণ্ট অনুষ্ঠিত হোৱা নাই৷ আনহাতে, দীৰ্ঘ সময় কোনো বিদেশী দলে দেশখন ভ্ৰমণ কৰাত আগ্ৰহ প্ৰকাশ নকৰাৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল পাকিস্তান ক্ৰিকেট ব’ৰ্ড৷ সেয়েহে চেম্পিয়নছ ট্ৰফীক লৈ দেশখনৰ ক্ৰিকেট ব’ৰ্ডৰ বহু আশা৷ কিন্তু বৰ্তমানৰ স্থিতিত বিষয়টো নিৰ্ভৰ কৰিছে ভাৰত চৰকাৰৰ ওপৰত৷ ১৫-১৬ অক্টোবৰত ইছলামাবাদত অনুষ্ঠিত হ’ব ছাংহাই কো-অপাৰেশ্বন অৰ্গেনাইজেশ্বনৰ [এছ চি অ’] সদস্য ৰাষ্ট˜বোৰৰ চৰকাৰৰ মুৰব্বীসকলৰ সন্মিলন৷ উক্ত সন্মিলনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আমন্ত্ৰণ জনোৱা হৈছে৷ মোদীয়ে পাকিস্তান ভ্ৰমণ কৰিলে চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ পাকিস্তান ভ্ৰমণৰ বিষয়টোত আলোচনা হোৱাৰ আশা ৰাখিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে৷ কিন্তু মোদীয়ে উক্ত সন্মিলনত ভাগ লোৱাটো এতিয়ালৈকে নিশ্চিত হোৱা নাই৷ ভাৰতীয় ক্ৰিকেট দলৰ পাকিস্তান ভ্ৰমণৰ বিষয়টোত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আশা এৰি দিয়া নাই আৰু এই বিষয়টোত আই চি চিৰ অধ্যক্ষ হিচাপে জয় শ্বাহ তেওঁৰ পূৰ্বৰ মতত অটল থাকে নে মনোভাব সলনি হয় সেয়া হ’ব লক্ষণীয়৷