Logo
image

‘অলিম্পিক’ত জোৰদাৰ প্ৰতিদ্বন্দ্বিতা হিমন্ত-সৰ্বাপন্থীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ ছেপ্টেম্বৰ : অসম অলিম্পিক সংস্থাৰ পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংস্থাৰ সভাপতিৰ চকী বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক বিনা প্ৰতিদ্বন্দ্বিতাৰে এৰি দিবনে? নে অসম অলিম্পিক সংস্থাৰ আগন্তুক নিৰ্বাচনত সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব সৰ্বানন্দ সোণোৱালে? অসম অলিম্পিক সংস্থাৰ দীঘলীয়া পৰম্পৰা অনুসৰি ইয়াৰ সভাপতি ৰাজ্যৰ মুখ্যমন্ত্ৰীজন হৈ আহিছে৷ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰি যোৱাৰ পাছত কোনো প্ৰাক্তন মুখ্যমন্ত্ৰী অলিম্পিক সংস্থাৰ সভাপতি হৈ থকাৰ নজিৰ নাই৷ পৰৱৰ্তী মুখ্যমন্ত্ৰীজনৰ বাবে সভাপতিৰ চকীখন দিয়াৰ পৰম্পৰা চলি আহিছে অলিম্পিক সংস্থাত৷ সেয়ে সংস্থাৰ সভাপতি পদৰ বাবে বহুদিন অনুষ্ঠিত হোৱা নাই নিৰ্বাচন৷ সেই পৰম্পৰা অনুসৰিয়েই ড॰ হিমন্ত বিশ্ব শৰ্মা অসম অলিম্পিক সংস্থাৰ পৰৱৰ্তী সভাপতি হ’ব লাগে যদিও এইবাৰ এই পৰম্পৰা ভংগ হোৱাৰ দিশত আগবাঢ়িছে৷ উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সভাপতি হিচাপে হৈ ২০১৯ চনৰ ৯ নৱেম্বৰত অলিম্পিক সংস্থাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হৈছিল৷ সেই অনুসৰি বৰ্তমানৰ কাৰ্যনিৰ্বাহক খনৰ চাৰি বছৰীয়া কাৰ্যকাল ২০২৩ চনৰ ১০ নৱেম্বৰত অন্ত পৰে যদিও দুবাৰলৈ বৃদ্ধি কৰা হয় ইয়াৰ কাৰ্যকাল৷ শেহতীয়াভাৱে ২২ ছেপ্টেম্বৰত ডিব্ৰুগড়ত সংস্থাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সেই অনুসৰি আজি প্ৰকাশ কৰা হয় ২০০ জনীয়া ভোটাৰ তালিকা৷ ৫ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন৷ অলিম্পিক সংস্থাৰ সভাপতি পদত সোণোৱাল থকাৰ বিপৰীতে সম্পাদক পদত আছে তেওঁৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত লক্ষ্য কোঁৱৰ৷


সংস্থাৰ এক সূত্ৰৰ মতে পৰম্পৰা অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে সভাপতিৰ চকীখন তেওঁৰ উত্তৰসূচী ড॰ হিমন্ত বিশ্ব শৰ্মাক এৰি দিব লাগে যদিও পৰৱৰ্তী আৰু এটা কাৰ্যকালৰ বাবে অসম অলিম্পিক সংস্থাৰ সভাপতি হ’বলৈ বিচাৰিছে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল৷ মনৰ এই ইচ্ছা ইতিমধ্যে তেওঁ নিজৰ ঘনিষ্ঠ মহলক জনাইছে৷ কিন্তু ইয়াৰ বিপৰীতে তেওঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাও কৰিব বিচৰা নাই কৌশলগত কাৰণত৷ অলিম্পিক সংস্থাত থকা সোণোৱালপন্থী সকলে তেওঁ দ্বিতীয়টো কাৰ্যকালৰ বাবে যাতে সভাপতি হৈ থাকে তাৰ বাবে ইতিমধ্যে তৎপৰতা অব্যাহত ৰাখিছে৷ যিকোনো প্ৰকাৰে সোণোৱালক সন্মুখত ৰাখি অলিম্পিক সংস্থাত নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখিব বিচাৰিছে সোণোৱালপন্থী সকলে৷ অৱশ্যে এই ক্ষেত্ৰত ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া জানিব পৰা নাই যদিও হিমন্ত পন্থী সকলে বিচাৰিছে যে পৰম্পৰা ৰক্ষা কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মা অলিম্পিক সংস্থাৰ সভাপতি হ’ব লাগে৷ ইয়াৰ বাবে ইতিমধ্যে কুচকাৱাজো আৰম্ভ কৰিছে হিমন্তপন্থীয়ে৷ কেৱল সোণোৱাল নহয়, অলিম্পিক সংস্থাৰ সম্পাদক তথা সোণোৱালপন্থীৰ অন্যতম লক্ষ্য কোঁৱৰেও এৰিব বিচৰা নাই নিজৰ পদ৷ আৰু এটা কাৰ্যকালৰ বাবে সম্পাদক হৈ থাকিব বিচাৰিছে লক্ষ্য কোঁৱৰ৷ কিন্তু লক্ষ্য কোঁৱৰক তীব্ৰ বিৰোধিতা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ উল্লেখ্য যে মন্ত্ৰী বৰুৱাৰ উপৰিও মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু বিধায়কদ্বয় মানব ডেকা  আৰু দিগন্ত কলিতাৰ এইবাৰ প্ৰৱেশ ঘটিব সংস্থাৰ বিষয়ববীয়া হিচাপে৷ লক্ষ্য কোঁৱৰৰ এই ইচ্ছাৰ বিপৰীতে এইবাৰ অলিম্পিক সংস্থাৰ সম্পাদক পদৰ দৌৰত আছে অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শ দাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যানৰ সদস্য সচিব গীতাৰ্থ গোস্বামী, সৰ্বভাৰতীয় বক্সিং সংস্থাৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা আৰু বৰ্তমান কমিটীৰ কোষাধ্যক্ষ তপন দাস৷ সংস্থাৰ সম্পাদক বা কোষাধ্যক্ষ পদত বিধায়ক মানব ডেকাই প্ৰতিন্দ্বিতা কৰিব বিচাৰিছে৷

উল্লেখ্য যে শাসকীয় দল বিজেপিৰ লগতে ইয়াৰ মিত্ৰদলৰ মন্ত্ৰী, বিধায়ক আৰু নেতাৰে ভৰ্তি হৈ আছে অসম অলিম্পিক সংস্থা৷ বিধায়ক নৱ কুমাৰ দলে, ৰমন্দ্ৰে নাৰায়ণ কলিতা, দুৰ্গাদাস বড়ো, বলীন চেতিয়া, ৰূপম শৰ্মা, দ্বীপায়ন চক্ৰৱৰ্তী, ৰূপজ্যোতি কুৰ্মী, মানব ডেকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, নন্দিতা গাৰ্লোছা, পীয়ূষ হাজৰিকা, প্ৰাক্তন সাংসদ পল্লব লোচন দাস, তপন কুমাৰ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ ভূূবনেশ্বৰ কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, জয়ন্ত বসুমতাৰী আদি অলিম্পিক সংস্থাৰ ভোটাৰ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলীৰাম ৰাংহাঙো সংস্থাৰ ভোটাৰ৷ বিজেপিৰ মিত্ৰদল অগপৰ সাধাৰণ সম্পাদক ড॰ তপন দাস সংস্থাৰ বৰ্তমান কাৰ্য নিৰ্বাহকত যুটীয়া সম্পাদক পদত থকাৰ বিপৰীতে দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক অংশুমান দত্ত সংস্থাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে আছে৷ খেলুৱৈৰ পৰিৱৰ্তে ৰাজনৈতিক নেতা, মন্ত্ৰী -বিধায়ক, সাংসদৰ পয়োভব ঘটা অসম অলিম্পিক সংস্থাৰ পৰৱত¹ সভাপতি কোন হ’ব তাক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে নানা জল্পনা কল্পনাৰ৷ সোণোৱালৰ অনুৰোধ আৰু ইচ্ছাক সন্মান জনাই মুখ্যমন্ত্ৰীয়ে স্বেচ্ছাই সংস্থাৰ সভাপতি পদ সোণোৱালক এৰি দিব সাজু হৈছে৷ যদি সোণোৱাল দ্বিতীয়টো কাৰ্যকালৰ বাবে সংস্থাৰ সভাপতি হয় তেন্তে হিমন্তপন্থীৰ অন্যতম বিধায়ক মানব ডেকা সংস্থাৰ সম্পাদক বা কোষাধ্যক্ষ হোৱাটো নিশ্চিত৷