Logo
image

‘ট্ৰেডিং প্ৰশিক্ষক’ স্বপ্ননীলক গ্ৰেপ্তাৰ, থানাত সমৰ্থকৰ ভিৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ ছেপ্টেম্বৰ :  অতি কমেও হাজাৰজন লোকক উদ্যোগী কৰি তোলা সপোন লৈ সুদৰ শিৱসাগৰৰ পৰা গুৱাহাটীলৈ অহা স্বপ্ননীল দাস নামৰ ২৬ বছৰীয়া যুৱকজনলৈ মুহূৰ্ততে দুঃস্বপ্ন নমাই আনিলে মহানগৰ আৰক্ষীয়ে৷  কিয়নো ‘স্বয়ম্ভূ ট্ৰেডিং গুৰু’ স্বপ্ননীল দাসক প্ৰৱঞ্চনাৰ গোচৰত মঙলবাৰে গ্ৰেপ্তাৰ কৰে৷ গুৱাহাটীৰ দিছপুৰ থানাৰ আৰক্ষীয়ে৷ একে দিনাই অনলাইন ট্ৰেডিঙৰ জৰিয়তে লাখ লাখ টকা উপাৰ্জন কৰা বুলি একাংশ তথাকথিত ইউটিবাৰ আৰু পডকাষ্টাৰৰ জৰিয়তে প্ৰচাৰ চলাই অনলাইন ট্ৰেডিং প্ৰশিক্ষণ ইনষ্টিটিউট খুলি প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ অভিযোগ উঠিছিল স্বপ্ননীল দাসৰ বিৰুদ্ধে৷ ৱাচিম আলম আব্বাচ নামৰ এজন ব্যক্তিয়ে স্বপ্ননীল দাসৰ প্ৰৱঞ্চনাত ভুল গৈ ২৪ লাখ টকা পানীত পেলোৱাৰ অভিযোগ কৰি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল৷ কেইমাহমান পূৰ্বেই এই প্ৰৱঞ্চনাৰ সন্মুখীন হৈছিল যদিও ভুক্তভোগী লোকজনে পলমকৈ দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত উক্ত এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে দণ্ডবিধিৰ ৪২০/৪০৬ ধাৰাৰ লগতে বি ইউ ডি এছ এক্ট-২০০৯ৰ ২১(১)/২১(২)/২১(৩)/২২/২৩ ধাৰাৰ অধীনত ৯৩৪/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ অৱশেষত সেই গোচৰৰ ভিত্তিতে সোমবাৰে মাজ নিশা বেলতলাৰ ৱায়াৰলেছৰ বশিষ্টপুৰ এক নং উপ-পথৰ এটা বিলাসী ফ্লেটৰ পৰা স্বপ্ননীল দাসক আৰক্ষীয়ে আটক কৰে৷ অনলাইন ব্ৰ’কাৰজনক দিন জোৰা জেৰাৰ অন্তত মঙলবাৰে নিশালৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰে৷ আৰক্ষীয়ে স্বপ্ননীলৰ বেলতলাৰ  ফ্লেটৰ পৰা দুখন বিলাসী বাহনো জব্দ কৰে৷ ইয়াৰে এখন বাহনৰ মূল্য ডেৰ কোটি টকা হ’ব বুলিও জানিবলৈ দিছে৷ উল্লেখ্য, অ’ এন জি চিৰ লোভনীয় চাকৰি ত্যাগ কৰি উদ্যোগী হোৱাৰ সপোন লৈ  প্ৰথমে শিৱসাগৰৰ নিজা বাসভৱনত অনলাইন ট্ৰেডিঙৰ এখন প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ খুলিছিল স্বপ্ননীল দাসে৷ স্বপ্ননীলৰ এই প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কথা কেইবাজনো ইউটিউবাৰ পডকাষ্টাৰে মোটা অংকৰ ধন লৈ প্ৰচাৰ চলাইছিল৷ কি দৰে ট্ৰেডিং কৰি স্বপ্ননীলে ৩০ লাখ টকাৰ বাইক, বিলাসী, মাৰ্চিডিছ আৰু প্ৰায় ডেৰ কোটি টকাৰ মূল্যৰ বিলাসী বাহন ক্ৰয় কৰিছে৷ তাৰ বৰ্ণনা দি স্বপ্ননীলৰ ওচৰত ট্ৰেডিং প্ৰশিক্ষণৰ বাবে আগ্ৰহী কৰি তুলিছিল একাংশ লোকক৷ আনকি এদিনত সৰ্বাধিক ১৩ লাখ টকাৰ পৰা মাহত ৰ কোটি টকাপৰ্যন্ত ট্ৰেডিঙৰ জৰিয়তে স্বপ্ননীলে আহৰণ কৰা বুলিও সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল তথাকথিত ইনফ্লুৱেঞ্চাৰসকলে৷ এই প্ৰচাৰৰ ফলত লাহে লাহে শিক্ষাৰ্থী আৰু বিনিযোগকাৰী সংখ্যা বৃদ্ধি পোৱাত স্বপ্ননীলে চলিত বৰ্ষত গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত টি এফ এ এল নামৰ শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰে৷


কিন্তু প্ৰশিক্ষণৰ অচিলাৰে স্বপ্ননীলে এই শৈক্ষিক প্ৰতিষ্ঠানখনতে ৱাছিম আলম আব্বাচ নামৰ লোকজনক অধিক লাভৰ প্ৰলোভন দি বিশেষ এপৰ জৰিয়তে অনলাইন ট্ৰেডিঙৰ ব্যৱস্থা কৰি দিয়াত ব্যক্তিজনে শেষত ২৪ লাখ টকা পানীত পেলাবলগীয়া হয়৷ যাৰ পৰিপ্ৰেক্ষিততে স্বপ্ননীলৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয় লোকজনে৷ অভিযোগ অনুসৰি এনে ট্ৰেডিং প্ৰশিক্ষণ খুলিবলৈ ছেবিৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন যদিও স্বপ্ননীল দাসে সেই গাইডলাইন ভংগ কৰাৰ অভিযোগ উঠিছে৷ অৱশ্যে এনে দৰে প্ৰৱঞ্চনাৰে স্বপ্ননীল দাসে কিমানৰ পৰা কিমান অংকৰ ধন লুণ্ঠন চলালে সেয়া আৰক্ষীৰ পৰৱৰ্তী তদন্ততহে স্পষ্ট হ’ব৷ অৱশ্যে স্বপ্ননীল দাসক আৰক্ষীয়ে আটক কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পাছতেই মঙলবাৰে দিছপুৰ থানাত ভিৰ কৰে স্বপ্ননীলৰ সমৰ্থক তথা প্ৰশিক্ষাৰ্থীয়ে৷ স্বপ্ননীল দাসৰ সমৰ্থনত ওলাই অহা এজন লোকে লোকৰ সংবাদ মাধ্যমক প্ৰশ্ন কৰি কয়– ‘তেওঁৰ নামত যে এটা কথা ওলাই আছে প্ৰৱঞ্চক, কিহৰ প্ৰৱঞ্চক তেওঁ? তেওঁ প্ৰৱঞ্চনা কি কৰিলে? আপোনালোকে জানেনে কিবা? নজনাকে এইটো শব্দ কিয় ব্যৱহাৰ কৰি আছে? তেওঁ এখন এডুকেশ্যনেল ইনষ্টিটিউট খুলিছে৷ ফিনেন্সিয়েল এৱাৰনেছ অসমত আনিছে, আমাক বুজাইছে৷ তেওঁটো আমাক মাতি মাতি অনা নাই, আমি নিজেই গৈছো তেওঁৰ ওচৰলৈ৷ ট্ৰেডিঙত আমাৰ জিৰো নলেজ আছিল, এতিয়া আমি যিখিনি শিকিছো তেওঁৰ পৰাই শিকিছো৷ তেওঁ নিজে ট্ৰেডিং কৰে৷ ট্ৰেডিং এপ নহয়৷ তেওঁ প্ত-৬ বছৰৰ পৰা ট্ৰেডিং কৰি আছে৷ তেওঁ বহুত ছাকছেছফুল৷ সেই কাৰণে আমি তেওঁৰ পৰা শিকিবলৈ আহিছো৷’স্বপ্ননীল দাসৰ সমৰ্থনত আন এজন ব্যক্তিয়ে কয়, ‘ট্ৰেডিঙত তেওঁ ছাকছেছ হৈছে৷ আমি যিখিনি মানুহে কেৱল ট্ৰেডিঙৰ নামটো শুনিছো কিন্তু ট্ৰেডিং কি নাজানিছিলো, সেইখিনি শিক্ষা তেওঁ আমাক দিছে৷ এজন ব্যক্তিয়ে জনা বিষয়টোত আন এজনক জ্ঞান দিয়াটো পাপ হ’ব নোৱাৰে৷ আৰক্ষীয়ে কিয় আটক কৰিলে সেইটো জানিবলৈয়ে আমি এতিয়া থানালৈ আহিছো৷ আৰক্ষীৰ কৰ্তব্য আৰক্ষীয়ে কৰিছে আৰু আমি আমাৰ কৰ্তব্য কৰিম৷’ আন এগৰাকী সমৰ্থকে কয়, ‘তেওঁ ক’ৰ্ছৰ নামত পইচা লৈছে সেইটো হয়৷ কিয়নো জ্ঞান আপুনি এনেয়ে নাপায়৷ তিনি মাহ তেওঁৰ লগত আছো, তেওঁ আমাক শিকাইছে আৰু আগবাঢ়িব পাৰিছো৷ ট্ৰেডিংটো মিছা নহয়৷ তেওঁ ট্ৰেডিং নহয়, ফিনেন্সিয়েল এৱাৰনেছহে দি আছে৷ ট্ৰেডিংটো হৈছে পাৰ্ট অব এৱাৰনেছ৷ মাৰ্কেটৰ নলেজ তেওঁ দি আছে৷ বাকী যিসকলে স্কেম কৰি আছে, যিসকলে বুজি নাপাই ক’ব যে সকলো একেই৷ আমি স্বপ্ননীল দাসৰ শিক্ষাৰ্থী৷ স্ব›Ÿনীল দাস এজন নিৰ্দোষী ব্যক্তি৷ মিছাতে আৰক্ষীয়ে আটক কৰি আনিছে৷ ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰা নাই স্বপ্ননীলে৷