Logo
image

ৰঞ্জিত কাকতিয়ে ধন দিছিল মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিতো

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক,৫ ছেপ্টেম্বৰ : দীপাংকৰ, বিশাল, স্বপ্নিলৰ পাছত এইবাৰ মানি ট্ৰেডিঙৰ গোচৰত আৰক্ষীৰ জালত পৰিল ৰঞ্জিত কাকতি৷ ট্ৰেডিং এফ এক্সৰ নামত ৰঞ্জিত কাকতিয়ে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰপৰা প্ৰায় ১২০০কোটি টকা সংগ্ৰহ কৰিছিল৷ বিনিয়োগকাৰীসকলে ৰঞ্জিত কাকতিৰ বিৰুদ্ধে ২ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষী চকীত প্ৰথমখন এজাহাৰ দাখিল কৰিছিল৷ আন দুখন এজাহাৰ ডিব্ৰুগড় সদৰ থানাত দাখিল কৰিছিল বিনিয়োগকাৰীয়ে৷ ৰঞ্জিতৰ বিৰুদ্ধে ৩খনকৈ এজাহাৰ দাখিল কৰিছে ট্ৰেডিঙত ধন বিনিয়োগকাৰীয়ে৷ এই এজাহাৰখনৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে গোচৰ ৰুজু কৰি ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰস্থিত বাসগৃহৰপৰা মঙলবাৰে নিশা আটক কৰাৰ পাছত আজি গ্ৰেপ্তাৰ কৰে৷ ইতিমধ্যে ৰঞ্জিত কাকতিক মাৰাথন জেৰা চলাইছে ডিব্ৰুগড় আৰক্ষীয়ে৷ আৰক্ষীৰ জেৰাত ওলাইছে বহু ন ন তথ্য৷ তদন্তৰ খাতিৰত ডিব্ৰুগড় আৰক্ষীয়ে সংবাদ মাধ্যমৰ সন্মুখত মুখ খোলা নাই৷ আনহাতে, গ্ৰেপ্তাৰৰ পাছতে ট্ৰেডিং এফ এক্স নামৰ অনলাইন এপছৰ জৰিয়তে কোটি কোটি ধন সংগ্ৰহ কৰা ৰঞ্জিত কাকতিৰ দুখন বিলাসী বাহন জব্দ কৰিছে আৰক্ষীয়ে৷ অ’ডি আৰু এক্স ইউ ভি ৭০০নামৰ বিলাসী বাহন দুখনৰ লগতে মোবাইল, লেপটপ আৰু বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰিছে৷ ইফালে ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰৰ পাছতে বিনিয়োগকাৰীসকলে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ ট্ৰেডিং এফ এক্স নামৰ এপছৰ জৰিয়তে অসম তথা উত্তৰ-পূবৰ কেউখন ৰাজ্যৰ বিনিয়োগকাৰীসকলৰপৰা প্ৰায় ১২০০কোটি টকা সংগ্ৰহ কৰিছিল৷


প্ৰতিজন বিনিয়োগকাৰীৰপৰা ১০হাজাৰ টকাৰপৰা ৩০লক্ষাধিক টকালৈকে বিনিয়োগ কৰিছিল ট্ৰেডিং এফ এক্সত৷ ইয়াৰ বিনিময়ত মাহে ডেৰ কোটি টকা কমিছন লাভ কৰিছিল ৰঞ্জিতে৷ তদুপৰি, ৰঞ্জিত কাকতিৰ অধীনত আছে আঢ়ৈ লাখৰো অধিক বিনিয়োগকাৰী৷ এবছৰত তিনিগুণ মুনাফা দিয়াৰ প্ৰলোভনেৰে বিনিয়োগকাৰীসকলৰপৰা ৰঞ্জিতে সংগ্ৰহ কৰিছিল ধন৷ অভিযোগ অনুসৰি ট্ৰেডিং এফ এক্সৰ বিনিয়োগ কৰাসকলক জুলাই মাহৰপৰা ধন ওভতাই দিয়াৰ প্ৰক্ৰিয়া বন্ধ কৰি ৰাখিছে৷ যাৰ বাবে এতিয়া বিনিয়োগকাৰীসকলৰ মাজত হাহাকাৰ লাগিছে৷ ঘৰৰ সা-সম্পত্তি তথা গহনা-গাথৰি বিক্ৰী কৰি অনলাইন মানি ট্ৰেডিঙত ধন বিনিয়োগ কৰি সৰ্বস্ৰান্ত হৈ পৰিছে৷ মন কৰিবলগীয়া যে, নয়দাৰপৰা নিয়ন্ত্ৰিত হোৱা এই মানি ট্ৰেডিং কোম্পানীত স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে ধন বিনিয়োগ কৰিছিল বুলি জানিবপৰা গৈছে৷ ৰঞ্জিত কাকতি আৰু স্বাস্থ্য বিভাগৰ টেঙাখাটত কৰ্মৰত প্ৰফুল্ল বৰা নামৰ আন এজন অসমৰ এই এপৰ ফাউণ্ডাৰ সদস্য৷ কিন্তু উত্তৰ-পূবৰ দায়িত্বত আছিল ডিব্ৰুগড়ৰ ৰঞ্জিত কাকতিক৷ আনহাতে, ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰৰ পাছতে অসমৰ লগতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ বিনিয়োগকাৰীয়ে ধন বিচাৰি ভিৰ কৰিছে ডিব্ৰুগড় সদৰ থানাত৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈও ধন আগবঢ়াইছিল ৰঞ্জিত কাকতিয়ে৷ আজি সন্ধিয়াৰ ভাগত ৰঞ্জিত কাকতিক স্বাস্থ্য পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷ ইফালে ডিব্ৰুগড় আৰক্ষীয়ে বিশালৰ বিৰুদ্ধে প্ৰয়োগ কৰা ভাৰতীয় ন্যায় সংহিতাৰ একেটা ধাৰা সন্নিৱিষ্ট কৰিছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মানি ট্ৰেডিঙৰ গোচৰত বহু ব্যক্তি জালতপৰাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে আৰক্ষীয়ে প্ৰাথমিক তদন্ত প্ৰক্ৰিয়াত বহুজনক চিনাক্ত কৰাৰ কথা জানিবলৈ দিছে৷