Logo
image

অমিত শ্বাহৰ উপস্থিতিত ত্ৰিপুৰা শান্তি চুক্তি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ ছেপ্টেম্বৰ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি নতুন দিল্লীত ত্ৰিপুৰাৰ নিষিদ্ধ ঘোষিত সংগঠন ‘নেশ্বনেল লিবাৰেশ্বন ফণ্ট অৱ ত্ৰিপুৰা’ (এন এল এফ টি) আৰু অল ত্ৰিপুৰা টাইগাৰ ফ’ৰ্চৰ (এ টি টি এফ) মাজত শান্তি চুক্তি স্বাক্ষৰ হয়৷ অমিত শ্বাহৰ উপস্থিতিত শান্তি চুক্তি স্বাক্ষৰ কৰি দুয়োটা বিদ্ৰোহী সংগঠনে আজি ৩৫ বছৰীয়া সশস্ত্ৰ সংগ্ৰামী জীৱনৰ অন্ত পেলায়৷ চুক্তি স্বাক্ষৰ অনুষ্ঠনত বক্তব্য আগবঢ়ায় কেন্দ্ৰীয় গৃহমন্ত্ৰী  অমিত শ্বাহে কয়– এয়া সমগ্ৰ উত্তৰ-পূবৰ বিশেষকৈ ত্ৰিপুৰাৰ স্থায়ী শান্তিৰ বাবে মাইলৰ খুটি৷ চুক্তি অনুসৰি দুয়োটা বিদ্ৰোহী সংগঠনৰ ৩২৮জন কেডাৰে অস্ত্ৰ সম্বৰণ কৰি সমাজৰ মূলসূতিলৈ ঘূৰি আহিছে৷


তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২৫০ কোটি টকাৰ এক অনুদান আগবঢ়াইছে৷ শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত উত্তৰ-পূবৰ ১০ হাজাৰৰো অধিক বিদ্ৰোহী সংগঠনে অস্ত্ৰ সম্বৰণ কৰি মূলসূতিলৈ উভটি আহিছে৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাও চুক্তি স্বাক্ষৰ অনুষ্ঠানত  উপস্থিতি আছিল৷ এন এল এফ টিৰ হৈ সংগঠনটোৰ মুৰব্বী বিশ্বমোহন দেৱবাৰ্মা আৰু উপাধ্যক্ষ উপেন্দ্ৰ ৰিয়াঙে আৰু এ টি টি এফৰ হৈ অলিন্দ ৰিয়াঙে কেন্দ্ৰৰে চুক্তি স্বাক্ষৰ কৰে৷