Logo
image

২ দিনৰ আৰক্ষীৰ জিম্মালৈ স্বপ্ননীল দাস

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৫ ছেপ্টেম্বৰ : বিলাসী গাড়ী, বিলাসী কাৰ্যালয় আৰু বিলাসী জীৱন কটোৱা প্ৰৱঞ্চক স্বপ্ননীল দাসক আদালতে  দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে৷ দিছপুৰ আৰক্ষীয়ে আজি প্ৰৱঞ্চক স্বপ্ননীল দাসক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই সাত দিনৰ বাবে আৰক্ষী জিম্মালৈ দিবলৈ প্ৰাৰ্থনা জনায়৷ আদালতে দুয়ো পক্ষৰ অধিবক্তাৰ যুক্তি তৰ্ক শুনি প্ৰৱঞ্চক স্বপ্ননীল দাসক আদালতে স্বপ্ননীল দাসক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ ইপিনে, দিছপুৰ আৰক্ষীৰ প্ৰাথমিক তদন্তত ওলাইছে ট্ৰেডাৰ স্বপ্ননীলৰ ন ন বহু কলা অধ্যায়৷ ডুবাইত একাউণ্ট, দিছপুৰত কাৰ্যালয় আৰু অনলাইন ট্ৰেডিং থকাৰ তথ্য লাভ কৰিছে আৰক্ষীৰ প্ৰাথমিক তদন্তত৷ উল্লেখ্য যে, প্ৰবঞ্চনাৰ গোচৰত মঙলবাৰে দীৰ্ঘসময় ধৰি জেৰা চলাই নিশা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ট্ৰেডাৰ স্বপ্ননীল দাসক ৷ ৰাজধানী দিছপুৰত বিলাসী কাৰ্যালয় তথা প্ৰতিষ্ঠান খুলি ট্ৰেডিঙৰ প্ৰশিক্ষণ দিয়া স্বপ্ননীলক বুধবাৰে আদালতত হাজিৰ কৰায় তদন্তৰ বাবে আৰক্ষীয়ে লৈছে নিজৰ জিম্মাত৷ স্বপ্ননীলক মঙলবাৰে আটক কৰাৰ সময়ৰে পৰা বহু ছাত্ৰই সমৰ্থন জনাই আহিছিল স্বপ্ননীলক৷ পিছে ছেবীৰ গাইডলাইন সম্পূৰ্ণৰূপে অবজ্ঞা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বপ্ননীলক৷ কেবল এয়াই নহয়, নীতি বহিৰ্ভূতভাৱে শৈক্ষিক প্ৰতিষ্ঠান খোলাৰো অভিযোগ স্বপ্ননীলৰ বিৰুদ্ধে৷ লগতে আশ্ৰাফুল হক নামৰ লোকজনৰ পৰা ট্ৰেডিঙৰ নামত ধন লৈ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷



এই সন্দৰ্ভত ট্ৰেডাৰ স্ব›Ÿনীলৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে৷ ইতিমধ্যে আৰক্ষীয়ে স্বপ্ননীলৰ কেইবাটাও বেংক একাউণ্ট জব্দ কৰিছে৷ স্বপ্ননীলৰ ডুবাইতো দুটাকৈ একাউণ্ট থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ তদুপৰি স্বপ্ননীলে ৪৭ লাখ টকাৰ চেয়াৰ ক্ৰয়ৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ স্বপ্ননীলৰ মাতৃৰ নামত কেইবাটাও ১০ লাখ টকাৰ এফডিও পাইছে আৰক্ষীয়ে৷  ইফালে স্বপ্ননীলৰ বিৰুদ্ধে ১৭ লাখ টকা আত্মসাতৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰা আশ্ৰাফুল হকে বুধবাৰে মুখ খুলিছে সংবাদ মাধ্যমৰ আগত৷ বিভিন্ন লোভ দেখুৱাৰ লগতে ধন বিনিয়োগ কৰিবলৈ ছাত্ৰসকলক বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন কৰে আশ্ৰাফুল হকে৷  ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে স্বপ্ননীলৰ বিলাসী কাৰ্যালয়ত অভিযান চলাইছে ৷ অভিযান কালত বিভিন্ন সামগ্ৰী কাৰ্যালয়টোৰ পৰা জব্দও কৰিছে দিছপুৰ আৰক্ষীয়ে৷ ড্ৰেডিঙৰ জৰিয়তে কোটিপতি হোৱা স্বপ্ননীলৰ ৪ কোটি টকীয়াদুখন মাৰ্চিডিছ আৰু এখন ৭ কোটি টকাৰে মডিফাই কৰা ৰেঞ্জ ৰভাৰ গাড়ীও জব্দ কৰিছে আৰক্ষীয়ে৷  ইফালে আন একাংশৰ অভিযোগ মতে স্বপ্ননীলে ক’ত ধন বিনিয়োগ কৰিব লাগে সেয়া ট্ৰেডিঙৰ সময়ত জনাই গৈছিল ছাত্ৰসকলক৷ কেতিয়া চেয়াৰ ক্ৰয় কৰিব লাগে, কেতিয়া বিক্ৰী কৰিব লাগে সেয়াও কৈছিল বহুজনক৷ স্বপ্ননীলে একাংশ সন্দেহজন এপ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল বহুজনক৷ তেনে বহু এপত স্বপ্ননীলৰ মালিকীস্বত্ব থকাৰো অভিযোগ উত্থাপন হৈছে৷ পিছে প্ৰশ্ন হৈছে ট্ৰেডিঙৰ নামত প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হোৱা স্বপ্ননীল সঁচাকৈয়ে প্ৰবঞ্চক নে? আৰক্ষীৰ তদন্তত হে সকলো কথা পোহৰলৈ আহিব বুলি সচেতন মহলে ধাৰণা কৰিছে৷