Logo
image

চৰকাৰৰ বিশেষ অনুষ্ঠান, কংগ্ৰেছৰো গুৰুপ্ৰণাম

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ছেপ্টেম্বৰ : ৰাজ্যজুৰি আজি পালন কৰা হয় শিক্ষক দিৱস৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত  বিশ্ববিখ্যাত দাৰ্শনিক, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু এগৰাকী মহান শিক্ষক ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিৱস উপলক্ষে উচ্ছ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ আজিৰ এই অনুষ্ঠানতে তেওঁ প্ৰধানমন্ত্ৰী-উচ্ছতৰ শিক্ষা অভিযান আঁচনিখনো ৰাজ্যত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ তদুপৰি, তেওঁ ১৩গৰাকী কৃতী শিক্ষকক ৰাজ্যিক বঁটা প্ৰদান কৰাৰ লগতে ‘নাক’ৰ মূল্যায়নত A++, A+ তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰপৰা স্বায়ত্তশাসিত মযাৰ্দা লাভ কৰা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ উপৰি পেটেন্ট লাভ কৰা মহাবিদ্যালয়সমূহৰ শিক্ষকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে আজিৰ এই অনুষ্ঠানতে আভাসীয় ব্যৱস্থাৰে পিএম-ঊষা (মেৰু) অনুদানেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্মাণ হ’বলগীয়া এটা নতুন ছাত্ৰী নিৱাসৰো আধাৰশিলা স্থাপন কৰে৷ শিক্ষক দিৱসৰ আজিৰ এই পৱিত্ৰ দিনটোত মহান শিক্ষক, বিশিষ্ট দাৰ্শনিক তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজিৰ দিনটো গুৰুবন্দনাৰ দিন বুলি মন্তব্য কৰে৷ সবাৰ্ংগ-সুন্দৰ সমাজ গঢ়াৰ মহান কৰ্মযজ্ঞত আত্মনিয়োগ কৰা প্ৰতিগৰাকী স্বনামধন্য শিক্ষাগুৰুলৈ গভীৰ প্ৰণিপাত জনাই মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ কৃতী শিক্ষকৰ বঁটাপ্ৰাপক শিক্ষাগুৰুসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷ অসমত আজিৰেপৰা শুভাৰম্ভ হোৱা প্ৰধানমন্ত্ৰী-উচ্ছতৰ শিক্ষা অভিযান আঁচনিখনৰ সন্দৰ্ভত  মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিক্‌দৰ্শী নেতৃত্বত আজি ভাৰতবৰ্ষই অমৃতকালৰ মাজৰে আগবাঢ়িছে আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাত শিক্ষা আৰু শৈক্ষিকজগত মূলস্তম্ভ হিচাপে পৰিগণিত হৈছে৷



বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এইবাৰ ১০০ কোটি টকা ভাৰত চৰকাৰৰপৰা লাভ কৰিবলৈ সক্ষম হৈছে৷ লিংগ সমতা আৰু অন্তৰ্ভুক্তি পদক্ষেপৰ অধীনত উচ্ছ শিক্ষানুষ্ঠানৰসমূহৰ বাবে জিলাভিত্তিত মুঠ ২০ কোটি টকাৰ পুঁজি আবণ্টন দিয়া হৈছে৷ বাক্সা জিলাৰ ৫ খন শিক্ষানুষ্ঠান ক্ৰমে, গোৰেশ্বৰ মহাবিদ্যালয়, বৰমা মহাবিদ্যালয় আৰু বি বি কিষাণ মহাবিদ্যালয়লৈ ৩ কোটি টকাকৈ, জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয়লৈ ৯৬.৪০লাখ টকা আৰু শালবাৰী মহাবিদ্যালয়লৈ ৩.৬০লাখ টকাৰ পুঁজি আৰু কাছাৰ জিলাৰ ৯ খন মহাবিদ্যালয় ক্ৰমে– জনতা মহাবিদ্যালয় কাছাৰলৈ ৪ কোটি, গুৰুচৰণ মহাবিদ্যালয়লৈ ৩ কোটি, পশ্চিম শিলচৰ মহাবিদ্যালয়লৈ ১.৫০ কোটি, বৰখলা চৰকাৰী আদৰ্শ মহাবিদ্যালয়লৈ ৪০ লাখ, শিলচৰ মহাবিদ্যালয় আৰু শিলচৰ কন্যা মহাবিদ্যালয়লৈ ৩০ লাখ টকাকৈ, কাছাৰ মহাবিদ্যালয়লৈ ২৫লাখ, জে এম সিং মহাবিদ্যালয়লৈ ২০লাখ, এম চি দাস মহাবিদ্যালয়লৈ ৫ লাখ টকাৰ পুঁজি আগবঢ়োৱা হৈছে বুলিও তেওঁ সদৰি কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মহাবিদ্যালয় সবলীকৰণ অনুদানৰ সহায়ত ৰাজ্যৰ ১৪খন প্ৰাদেশীকৃত মহাবিদ্যালয়ত প্ৰায় ৭০কোটি টকাৰ পুঁজি আবণ্টন দিয়া হৈছে৷ ইয়াৰে শ্ৰীমন্ত শঙ্কৰ মাধৱ মহাবিদ্যালয়, কে চি দাস বাণিজ্য মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, কন্যা মহাবিদ্যালয়, আৰ কে নগৰ মহাবিদ্যালয়, সাপেখাতী মহাবিদ্যালয়, এছ কে ৰয় মহাবিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, বৰপথাৰ মহাবিদ্যালয়, ধেমাজি ছোৱালী মহাবিদ্যালয়, লক্ষীপুৰ মহাবিদ্যালয়, মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয় আৰু থং নকবে মহাবিদ্যালয়লৈ প্তকোটি টকাকৈ আৰু বামুন্দি মহাবিদ্যালয়লৈ ৪.৯৫কোটি টকাৰ পুঁজি আবণ্টন দিয়া হৈছে৷ 

বিশ্ববিদ্যালয় সবলীকৰণ অনুদানৰ সহায়ত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ ২০কোটি টকাকৈ সৰ্বমুঠ ৪০কোটি টকা পঁুজিৰ আবণ্টন দিয়া হৈছে৷ মুখ্যমন্ত্ৰীয়ে এই পঁুজিৰ সদব্যৱহাৰ সুনিশ্চিত কৰিবলৈ আহ৩ান জনাই কয় যে তেতিয়া অনাগত দিনত ৰাজ্যখনৰ আৰু বহু মহাবিদ্যালয়ে এই অনুদান লাভ কৰিবলৈ সক্ষম হ’ব৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে অসমৰ সমাজ তথা শৈক্ষিক জীৱনলৈ কেইবাগৰাকীও মহান শিক্ষাগুৰুৱে আগবঢ়োৱা অসামান্য অৱদানৰ বিষয়েও আলোকপাত কৰে৷ দক্ষতা আৰু উদ্যমিতাক পাঠ্যক্ৰমৰ  এক অংশ হিচাপে লোৱাৰ সময় আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উদ্যমিতা অবিহনে বিদ্যাৰ্থীসকলক উপযুক্তধৰণে গঢ় দিবপৰা নাযায়৷ বিদ্যালয়ৰ শিক্ষাক উদ্যমিতাৰ সৈতে সংযোজিত কৰিব পাৰিলে বহুদূৰ আগুৱাই যোৱাটো সম্ভৱ হৈ উঠিব৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰতিখন চাহ বাগিচাত উদ্যমিতা কেন্দ্ৰ গঢ়ি তোলাৰো পোষকতা কৰে৷ সম্প্ৰতি দেশ দ্ৰুতগতিত আগবাঢ়িছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান জনসাধাৰণৰ জীৱনৰ যি গতি তাতকৈ সমাজ তীব্ৰগতিত আগুৱাই গৈছে৷ উদ্যোগ ৪.০১ সৈতে পৰিচয় কৰোৱাই দিয়াৰ সময় সমাগত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভৱিষ্যতৰ উদ্যোগৰ সৈতে আমি জড়িত হ’ব লাগিব৷ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এই সুযোগ প্ৰদান কৰিছে বুলিও তেওঁ কয়৷ আজিৰ  এই অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, গৃহ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী অশোক সিংঘাল, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, শ্ৰম আদি বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ ৰামেশ্বৰ তেলী, কামাখ্যা প্ৰসাদ তাছা, বিধায়কসকল প্ৰশান্ত ফুকন, তেৰছ গোৱালা, তৰংগ গগৈ, মানৱ ডেকা, পোনাকণ বৰুৱা, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জিতেন হাজৰিকা, বিদ্যালয় শিক্ষা বিভাগৰ সচিব এছ এন চৌধুৰী প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

১৩কৃতী শিক্ষকক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা  

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ ষ্টাফ ৰিপ’ৰ্টাৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত ৰাজ্যিক শিক্ষক দিৱসত মুঠ তেৰগৰাকী উচ্ছ মাধ্যমিক আৰু উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতী শিক্ষক-শিক্ষয়িত্ৰীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ সম্বৰ্ধিত শিক্ষক-শিক্ষয়িত্ৰীসকল হৈছে ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ বিউটি লেখাৰু শইকীয়া, আমোলাপট্টি জুনিয়ৰ বেচিক স্কুলৰ সংগীতা দেৱী, যোৰহাট জিলাৰ যোৰহাট চৰকাৰী বালিকা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ মণি দত্ত, বৰহোলা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰশান্ত কুমাৰ মহন্ত, লখিমপুৰ জিলাৰ ঢকুৱাখনা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ কল্পনা গগৈ, তিনিচুকীয়া জিলাৰ ছৈখোৱা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ  মিনুৰাণী বৰা,  বিশ্বনাথ জিলাৰ চেঙামাৰি হাইস্কুলৰ ৰিপুঞ্জয় বৰদলৈ, কামৰূপ জিলাৰ পুঠিমাৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ হিৰেন কুমাৰ দাস,  শিৱসাগৰ জিলাৰ খনাখোকোৰা হাইস্কুলৰ হিৰেন কুমাৰ নেওগ, ১৮ নং কাঠপাৰ এলপি স্কুলৰ লোহিত চেতিয়া, ধেমাজি জিলাৰ মাটিখোলা এমভি স্কুলৰ গকুল চুতীয়া, কাছাৰ জিলাৰ ১৫ জয়কুমাৰ বালিকা বিদ্যালয়ৰ অতনু চৌধুৰী আৰু  দৰং জিলাৰ ১৭৭ নং বি জে গাৰ্লছ জে. বি. স্কুলৰ ৰিজু ৰেখা দেৱী৷ ইয়াৰ লগতে উক্ত অনুষ্ঠানতে এইবাৰ স্বায়ত্তশাসিত কলেজ ক্ৰমে কামৰূপ মেট্ৰ’ৰ বি বৰুৱা কলেজ, ধুবুৰীৰ ভোলানাথ কলেজ, গোলাঘাটৰ দেৱৰাজ ৰয় কলেজৰ অধ্যক্ষসকলক, ‘নাক’ৰ দ্বাৰা এ প্লাছ গ্ৰেডপ্ৰাপ্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে কামৰূপ মেট্ৰ’ৰ বি বৰুৱা কলেজ (এডাবোল প্লাছ), গোলাঘাটৰ ডেৰগাঁও কমল দুৱৰা কলেজ (এ প্লাছ), গোৱালপাৰাৰ গোৱালপাৰা কলেজ (এ প্লাছ)ৰ অধ্যক্ষসকলক  মান-পত্ৰ আৰু ফুলাম গামোচাৰে মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে৷ তদুপৰি, পেটেন্ট লাভ কৰা বাঙাইগাঁৱৰ অভয়াপুৰী কলেজৰ ড॰ শান্তনু কোঁৱৰ, ড॰ দীপশিখা গগৈ, শদিয়া কলেজৰ ড॰ সুদৰ্শন গগৈ, জেবি কলেজৰ ড॰ জীৱন শইকীয়া, নৰ্থ গুৱাহাটী কলেজৰ ড॰ হিমাদ্ৰী বৰা, লামডিং কলেজৰ ড॰ ৰিণ্টুমণি শৰ্মাক মুখ্যমন্ত্ৰীয়ে ফুলাম গামোচা আৰু মান-পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সকলোকে অভিনন্দন জ্ঞাপন কৰি বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে মন্ত্ৰী বিমল বৰা, অতুল বৰা, অশোক সিংঘাল, জয়ন্তমল্ল বৰুৱা, সঞ্জয় কিষাণ, কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জিতেন হাজৰিকা, ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড॰ ৰবি কোটা, ‘ডি.এছ.ই’ৰ সঞ্চালক মমতা হোজাইকে ধৰি উজনিৰ বিধায়কসকল আৰু নিগম-নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষসকল আৰু বিভিন্ন কলেজ-বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসহ সহস্ৰাধিক লোক উপস্থিত থাকে৷

ৰাজ্যজুৰি কংগ্ৰেছৰ ‘গুৰু প্ৰণাম’

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত বৃহস্পতিবাৰে ৰাজ্যজুৰি গুৰু প্ৰণাম কাৰ্যসূচী সফলভাৱে পালন কৰা হয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ নেতা-কৰ্মীসকলে নিজ নিজ অঞ্চলত শিক্ষাগুৰুৰ চৰণত সেৱা জনাই অনাগত দিনসমূহ সুখ আৰু শান্তিময় হ’বৰ বাবে আশীৰ্বাদ গ্ৰহণ কৰে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই লখিমপুৰ জিলাৰ বিহপুৰীয়াত তিনিগৰাকী শিক্ষাগুৰু ক্ৰমে উমেশ শাস্ত্ৰী, বদন বৰা আৰু থানেশ্বৰ কলিতাৰ ঘৰলৈ গৈ শিক্ষা জীৱনত তেওঁলোকে আগবঢ়োৱা অৱদানৰ বিষয়ে স্মৰণ কৰে আৰু শ্ৰদ্ধা নিবেদন কৰে৷ সাংসদ ৰকিবুল হুছেইনে বৰপেটা জিলাৰ মন্দিয়াত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনায়৷ ইফালে, ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ শিক্ষাগোটৰ তৰফৰ পৰা উলহ-মালহেৰে শিক্ষক দিৱস পালন কৰা হয়৷ শিক্ষাগোটৰ অধ্যক্ষ বিশ্বজিৎ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন মুকলি কৰি সাংসদ প্ৰদু্যৎ বৰদলৈয়ে সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ গুণ-গৰিমা ব্যাখ্যা কৰি কয় যে তেওঁ ভাৰতীয় সংসদীয় ব্যৱস্থাৰ ত্যাগৰ প্ৰতীক আছিল৷ ৰাজ্যসভাৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি তেওঁ সদনত হোৱা ভুলবোৰ আঙুলিয়াই দিছিল৷ আনকি সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱহাৰলাল নেহৰুকো সমালোচনা কৰিবলৈ এৰি দিয়া নাছিল৷ এইজন দাৰ্শনিক পণ্ডিতক স্মৰণ কৰিবলৈ পোৱাতো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলিও ভাষণত উল্লেখ কৰে৷ সভাত দীৰ্ঘদিন ধৰি শিক্ষা সেৱা আগবঢ়াই অসমৰ জাতীয় জীৱনক সজীৱ কৰি ৰখা ৬ গৰাকী শিক্ষক ক্ৰমে - বৰভাগ কলেজৰ প্ৰাক্তন অধ্যক্ষ ফনীধৰ ডেকা, গোৱালপাৰা আইন মহাবিদ্যালয়ৰ আনোৱাৰ হুছেইন, বৰহাট নিউ হাইস্কুল, চৰাইদেউৰ বীৰেণ বড়া, ড॰ ভীমৰাও আম্বেদকাৰ হাইস্কুল, বৰকলাৰ টংকেশ্বৰ দাস আৰু লাইলুৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খনীন্দ্ৰ কুমাৰ গোস্বামীক ফুলৰ থোপা আৰু গামোচাৰে সন্মান প্ৰদৰ্শন কৰা হয়৷ সভাত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা বিপুল গগৈ, বালিকা পেগু, ৰূপা দেৱীকে ধৰি কেবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে৷ ইফালে শিক্ষাবিদ ড॰ উদয়াদিত্য ভৰালী, অপূৰ্ব বৰুৱা, মনোৰমা শৰ্মা, ড॰ দয়ানন্দ পাঠক, ড॰ দীনেশ বৈশ্যক পৃথকে পৃথকে কংগ্ৰেছ নেতা-কৰ্মীসকলে ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে৷  ইফালে, কংগ্ৰেছ নেতা মেহদী আলম বৰা, ঋতুপৰ্ণ কোঁৱৰ, সম্বিত শৰ্মা, ইমদাদ হুছেইন, ছফি জামাল হুছেইনে পৃথকে পৃথকে শিক্ষাগুৰু সকলক গুৱাহাটীত সম্বৰ্ধনা জ্ঞাপন কৰে৷ একেদৰে শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে হাতত লোৱা ‘গুৰু প্ৰণাম’ কাৰ্যসূচীৰ অংশ হিচাপে ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড॰ অখিল ৰঞ্জন দত্ত, নৃতত্ত্ব বিভাগৰ অধ্যাপক ড॰ দ্বীপেন বেজবৰুৱা, ভূতাত্ত্বিক বিজ্ঞান বিভাগৰ অধ্যাপক ড॰ শৰৎ ফুকন, ইতিহাস বিভাগৰ অধ্যাপক ড॰ ৰাজীৱ সন্দিকৈ, আৰৱী বিভাগৰ অধ্যাপক ড॰ আবুল কালাম চৌধুৰী, ইংৰাজী বিভাগৰ অধ্যাপিকা ড॰ আশা কোঠাৰী চৌধুৰী, ছাত্ৰ কল্যাণ সঞ্চালক ড॰ ৰঞ্জন কুমাৰ কাকতিকে ধৰি কেইবাগৰাকী শিক্ষাগুৰুক প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰফুল্ল কুমাৰ দাসৰ নেতৃত্বত মুখপাত্ৰ ৰাকেশ চক্ৰৱৰ্তী আৰু মহছিন খানে গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে৷

 

শোণিতপুৰৰ ৩৫গৰাকী শিক্ষকক সম্বৰ্ধনা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’টাৰ তেজপুৰ : মহান দাৰ্শনিক পণ্ডিত সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ৬৩সংখ্যক শিক্ষক দিৱস সম্পন্ন হয়৷ তেজপুৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত অনুষ্ঠিত শোণিতপুৰ জিলাৰ এই কেন্দ্ৰীয় অনুষ্ঠানত উচ্ছতৰ মাধ্যমিকৰপৰা প্ৰাথমিকপৰ্যায়লৈ ৩৫গৰাকী শিক্ষক-শিক্ষয়িত্ৰী বিভূষিত হয় জিলা কৃতী শিক্ষকৰ অভিধাৰে৷ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা শিক্ষা বিভাগৰ লগতে সকলো শিক্ষক সংগঠনৰ সহযোগত তেজপুৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শোণিতপুৰ জিলাৰ এই কেন্দ্ৰীয় শিক্ষক দিৱসৰ কাৰ্যসূচী পুৱা জ্জ্ববজাত অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ শিক্ষকৰ বাসগৃহলৈ গৈ শ্ৰদ্ধা জ্ঞাপনেৰে আৰম্ভ হয়৷ বাসগৃহত চাৰিকুৰি উৰ্ধৰ তেজপুৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা বিশিষ্ট লেখিকা মায়া শৰ্মাৰ লগতে বিহগুৰি কন্যা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৮৭ বছৰীয়া স্বৰ্ণ দেৱী বৰদলৈক উদ্‌যাপন সমিতিৰ তৰফৰপৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷ ইয়াৰ পিছতেই কেন্দ্ৰীয় অনুষ্ঠান আৰম্ভ হয় উদযাপন সমিতিৰ সভাপতি তথা শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ দ্বাৰা সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে৷ উদ্‌যাপন সমিতিৰ সভাপতি তথা জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ পৌৰোহিত্যত উদযাপন সমিতিৰ সম্পাদক তথা শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাসৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ দেবেন্দ্ৰ চন্দ্ৰ বৰুৱাই নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰি উপস্থিত সকলোকে উদ্বুদ্ধ কৰি তোলে৷ 

অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই পংকজ বৰুৱা আৰু ভূপেন বৰদলৈ সম্পাদিত ‘সম্বৰ্ধনা’ শীৰ্ষক পুস্তিকা উন্মোচন কৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ অনুষ্ঠানত কৃতী শিক্ষকৰ বঁটা লাভ কৰাসকল হ’ল- প্ৰণৱজ্যোতি মেধি, অধ্যক্ষ, বালিপৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয়,  জোনমণি বৰা, বিষয় শিক্ষয়িত্ৰী, তেজপুৰ বেঙ্গলী বালক উঃ মাঃ বিদ্যালয়, কাঞ্চন বৰা, বিষয় শিক্ষয়িত্ৰী, প্ৰজাপতি উঃমাঃ বিদ্যালয়, বিপুল কুমাৰ দত্ত, প্ৰদৰ্শক, শিলিখাবাৰী উঃমাঃ বিদ্যালয়,  ৰাণী দাস, সহকাৰী শিক্ষয়িত্ৰী, তেজপুৰ চৰকাৰী উঃমাঃ বিদ্যালয় মণ্টু বৰাল, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক, টুপীয়া পাঁচগাঁও একাডেমী, অমিয় কুমাৰ ভূঞা, সহকাৰী শিক্ষক, ফখৰুদ্দিন আলী আহমেদ উচ্ছ ইংৰাজী বিদ্যালয়, নন্দলাল দাস, সহকাৰী শিক্ষক, বিবেকানন্দ বিদ্যাপীঠ উঃ মাঃ বিদ্যালয, হলিৰাম নাথ, বিজ্ঞান শিক্ষক, বৰছলা উঃমাঃবিদ্যালয়, মনোৰঞ্জন দেৱ ভাগৱতী, প্ৰধান শিক্ষক, মিছামাৰী উঃমাঃ কন্যা বিদ্যালয়, প্ৰণৱ বৈশ্য, প্ৰধান শিক্ষক, মাজৰৌমাৰী উঃমাঃ বিদ্যালয়, ময়ূৰ কাঞ্চন বৰা, সহকাৰী শিক্ষক, ডেকাৰগাঁও উঃমাঃ বিদ্যালয়, নগেন্দ্ৰ শইকীয়া, সহকাৰী শিক্ষক, তেজপুৰ কলেজিয়েট উঃমাঃ বিদ্যালয়, দীপামণি বৰা, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, লোকনায়ক অমিয় কুমাৰ দাস উঃ মাঃ কন্যা বিদ্যালয়, মুকুট শইকীয়া, সহকাৰী শিক্ষক, শোণিতপুৰ বিদ্যাপীঠ উচ্ছ ইংৰাজী বিদ্যালয়, সুব্ৰত দাস, সহকাৰী শিক্ষক, নেতাজী বিদ্যা মন্দিৰ হাইস্কুল, ঢেকীয়াজুলি, দেবেন চন্দ্ৰ বড়ো, প্ৰধান শিক্ষক, বাতাচিপুৰ মিলন মধ্য ইংৰাজী বিদ্যালয়, মহিৰুদ্দিন আহমেদ, সহকাৰী শিক্ষক, ছবিলাল উপাধ্যায় মধ্য ইংৰাজী বিদ্যালয়, মঃ আবেদ আলি, প্ৰধান শিক্ষক, অকাবস্তি মধ্য ইংৰাজী বিদ্যালয়, ভাস্কৰ কুমাৰ শইকীয়া, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক, পাঁচমাইল ছোৱালী মধ্য ইংৰাজী বিদ্যালয়, টংকেশ্বৰ দাস, সহকাৰী শিক্ষক, আলিমাবাদ মধ্য ইংৰাজী বিদ্যালয়, মিণ্টু চক্ৰৱত্তৰ্ী, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক, নেতাজী মধ্য ইংৰাজী বিদ্যালয়, শিৱৰাম বসুমতাৰী প্ৰধান শিক্ষক, বগীজুলি এম.ভি. স্কুল, বিকাশ ৰাজখোৱা, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বাকোলা এম. ভি. স্কুল, দিলীপ বৰমুদৈ, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক, খনাগুৰি চৰকাৰী উচ্ছ বুনিয়াদী বিদ্যালয়, প্ৰণয় বৰা, প্ৰধান শিক্ষক, বাঁহবাৰী প্ৰাথমিক বিদ্যালয়, ভবিন্দ্ৰ ভূঞা, প্ৰধান শিক্ষক, নেহৰু প্ৰাথমিক বিদ্যালয়, কামাল উদ্দিন আকন্দ, প্ৰধান শিক্ষক, টেঙাখুঁটি প্ৰাথমিক বিদ্যালয়, সুখলাল চাহু, প্ৰধান শিক্ষক, ৭৪নং ঘোঁৰামাৰী প্ৰাথমিক বিদ্যালয়, গিৰীন্দ্ৰ কুমাৰ বৰা, প্ৰধান শিক্ষক, খনামুখ প্ৰাথমিক বিদ্যালয়, পৰমা শইকীয়া, প্ৰধান শিক্ষক, বৰভগীয়া প্ৰাথমিক বিদ্যালয়, ৰাণী ভট্ট, প্ৰধান শিক্ষয়িত্ৰী, ১৭৫ নং ঢেকীয়াজুলি নগৰ নিম্ন বুনিয়াদী বিদ্যালয়, স্বপ্ন কটকী, প্ৰধান শিক্ষয়িত্ৰী, প্ৰয়াত মানবেন্দ্ৰ শৰ্মা সোঁৱৰণী প্ৰাথমিক বিদ্যালয়, ৰাতুল চন্দ্ৰ বৰা, প্ৰধান শিক্ষক, পাঁচনৈ প্ৰাথমিক বিদ্যালয় আৰু ভৰত খৰ্কা, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক, লোকনায়ক অমিয় কুমাৰ দাস মজলীয়া বিদ্যালয়, পাণবাৰী৷