Logo
image

৯ খন জিলা নিয়ন্ত্ৰিত হ’ব ডিব্ৰুগড়ৰ পৰা

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৭ ছেপ্টেম্বৰ : চৰকাৰী কাম-কাজৰ বাবে এতিয়াৰ পৰা উজনি অসমৰ মানুহ দিছপুৰলৈ নগ’লেও হ’ব৷ দিছপুৰৰ সমপৰ্যায়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি কৰা হ’ল ডিব্ৰুগড়ত৷ ফলত ডিব্ৰুগড়ৰ পৰাই কাৰ্যতঃ নিয়ন্ত্ৰিত হ’ব উজনি অসমৰ ৯ খন জিলা৷ এই জিলাকেইখনৰ সকলো কাম ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত সম্পন্ন হ’ব৷ মুখ্যমন্ত্ৰী নিজেই মাহত চাৰিদিনকৈ বহিব ডিব্ৰুগড়স্থিত উজনিৰ সচিবালয়ত৷ ইতিপূৰ্বে হিমন্তবিশ্ব শৰ্মা চৰকাৰে কৰা ঘোষণা অনুসৰিয়েই ডিব্ৰুগড়লৈ সম্প্ৰসাৰিত হ’ল মুখ্যমন্ত্ৰীৰ সচিবালয়৷ উজনি অসমৰ ৯ খন জিলাক সামৰি ডিব্ৰুগড় চহৰৰ মাইজানৰ জলসম্পদ বিভাগৰ অতিথিশালাত স্থাপন কৰা মুখ্যমন্ত্ৰীৰ সচিবালয়টো আজি উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ এই উপলক্ষে সচিবালয় চৌহদত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিজৰ ভাষণত কয় যে ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকতে সচিবালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছিলোঁ৷ এই সচিবালয় স্থাপন কৰাৰ যি সপোন আছিল আজি বাস্তৱত পৰিণত হ’ল৷ এই সচিবালয়ৰ জৰিয়তে ৯ খন জিলাৰ প্ৰশাসনিক কাম-কাজ ডিব্ৰুগড়ৰ পৰা নিৰীক্ষণ কৰাৰ প্ৰয়াস আৰু প্ৰচেষ্টা চলাম৷ এই ৯ খন জিলাত অসমৰ কেইবাখনো বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, উদ্যোগৰ লগতে আছে বহুকেইখন চাহ বাগিচা৷ অসমৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক পটভূমিৰ ফালৰ পৰা এই সচিবালয়টো অতিশয় গুৰুত্বপূৰ্ণ৷ এই মুখ্যমন্ত্ৰীৰ সচিবালয়, আমি দিছপুৰৰ সচিবালয়ৰ লগত কাৰিকৰীগতভাৱে লাইফ ৰিলেশ্যন স্থাপন কৰা হৈছে৷ ইয়াৰ ফলত মুখ্যমন্ত্ৰীজনে ডিব্ৰুগড়ত থাকিলেও সচিবালয়ৰ কাম নিৰন্তৰ গতিত চলি থাকিব৷ এটা সময়ৰ বাবেও অসম সচিবালয়ত এনেকুৱা এটা ধাৰণা নহ’ব যে মুখ্যমন্ত্ৰী চাৰিদিন অনুপস্থিত আছে৷ অৰ্থাৎ ডিব্ৰুগড় আৰু গুৱাহাটীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী বহাৰ মাজৰ পাৰ্থক্য নাথাকিব৷ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন হোৱাৰ লগে লগে ডিব্ৰুগড়ৰ গুৰুত্ব বৃদ্ধি কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সচিবালয়ত কম সময়ৰ ভিতৰত মন্ত্ৰীসভাৰ সদস্যসকল বহিব পৰাকৈ মন্ত্ৰীসভা ভৱন নিৰ্মাণৰ কথা ঘোষণা কৰে৷



ইয়াৰ লগে লগে অসমৰ আটাইকেইজন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সচিবালয়ত বহাৰ সুবিধা লাভ কৰিব৷ মুখ্য সচিব বহিব পৰাকৈ সচিবালয়ৰ আন এটা অংশ ইয়াত স্থাপন কৰা বুলি উল্লেখ কৰি জিলা আয়ুক্তৰ সন্মিলনৰ বাবে বৃহৎ কনভেনচন হল স্থাপনৰ কথা ঘোষণা কৰে৷ তদুপৰি কোনোধৰণৰ অসুবিধা নোহোৱাকৈ অসম চৰকাৰৰ ৰাজ্যিক অনুষ্ঠানসমূহ ডিব্ৰুগড়তে অনুষ্ঠিত কৰিব পৰাকৈ এহাজাৰ লোক বহিব পৰাকৈ আটকধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব মুখ্যমন্ত্ৰীৰ সচিবালয়ত৷ মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণ প্ৰসংগত কয়– গুৱাহাটীত উপলব্ধ হোৱা সকলোধৰণৰ সা-সুবিধা ডিব্ৰুগড়তো পোৱাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ ফলত ক্ৰমাম্বয়ে অসম তথা উত্তৰ ভাৰতৰ গুৰুত্বপূৰ্ণ এখন চহৰ হিচাপে ডিব্ৰুগড় উদ্ভাসিত হ’ব৷ স্বাভাৱিকতে গোটেই চৰকাৰখন যেতিয়া ডিব্ৰুগড়লৈ আহিব, ডিব্ৰুগড়ত আৰ্থ-সামাজিক, পৰিৱেশৰ পৰিৱৰ্তন হ’ব৷ আন্তঃগাঁথনিৰো উন্নয়ন হ’ব৷ দহখন জিলাত সিঁচৰতি হৈ থকা বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, উদ্যোগসমূহেও পাবলগীয়া গুৰুত্ব নীৰৱচ্ছিন্নভাৱে লাভ কৰিব৷  ফলত সৰু সৰু সমস্যাবোৰ সমাধানৰ বাবে বহুদিনলৈ অপেক্ষা নকৰি সচিবালয়তে নিৰন্তৰভাৱে আলোচনা কৰিব পাৰিব৷  অক্টোবৰ মাহৰ পৰা চাৰিদিন ধৰি মুখ্যমন্ত্ৰীৰ সচিবালয়ত থকাৰ সময়ছোৱাত তিনি ঘণ্টাকৈ এটা সমষ্টিৰ লগত জড়িত চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে বিধায়ক আৰু জিলা আয়ুক্তৰ উপস্থিতিত নিৰ্দিষ্ট সমষ্টিৰ বিষয়ে আলোচনা কৰিব মুখ্যমন্ত্ৰীয়ে৷ চাৰিদিনত তিনি ঘণ্টা কৰি ১২টা সমষ্টিৰ বিষয়ে আলোচনা কৰিব মুখ্যমন্ত্ৰীয়ে৷ সৰু সৰু সমস্যা, চৰকাৰী নিৰ্দেশনা নোপোৱালৈ ৰৈ থকা কাম-কাজ, সভা-সমিতিত স্থান নোপোৱা সমস্যাবোৰো সমাধান কৰিব পাৰিব এই আলোচনাত৷ ১৫ আগষ্টত হ’বলগীয়া স্বাধীনতা দিৱসৰ পতাকা মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত উত্তোলন কৰাৰ বিপৰীতে চ্ছ জানুৱাৰীত গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰিব ডিব্ৰুগড়ত৷ এটা সময়ত ক’ব নোৱাৰাকৈয়ে ডিব্ৰুগড়ে ৰাজ্যৰ আন এখন ৰাজধানীলৈ ৰূপান্তৰিত হ’ব৷ অসম সচিবালয়ৰ আন এটা অংশ অহা বৰ্ষৰ ডিচেম্বৰ মাহত ডিব্ৰুগড়লৈ অনাৰ কথা ঘোষণা কৰে তেওঁ৷ মন্ত্ৰী পৰিষদৰ বৈঠক নিৰন্তৰভাৱে অনুষ্ঠিত কৰিব পৰাকৈ মন্ত্ৰীসকলৰ কাৰ্যালয় স্থানান্তৰ কৰা হ’ব ডিব্ৰুগড়লৈ৷ গুৱাহাটীৰ কাৰ্যালয়ৰ লগতে ডিব্ৰুগড়ৰ পৰাও চৰকাৰী কাম-কাজৰ নিৰ্দেশনা ডিব্ৰুগড়ৰ পৰা কৰিব পৰা যাব৷   অৰুণাচল প্ৰদেশৰ লগতো মধুৰ সম্পৰ্ক স্থাপন কৰিব পৰা যাব৷ জিলা আয়ুক্তৰ মৰ্যাদা লাঘৱ নকৰাকৈ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰা হৈছে৷ ২ অক্টোবৰৰ পৰা প্ৰতিটো সমষ্টিতে সমজিলা স্থাপন প্ৰক্ৰিয়া আগবঢ়োৱা হ’ব৷ মহকুমাৰ বিপৰীতে ২ অক্টোবৰত নাহৰকটীয়াক উপ-জিলা হিচাপে স্থাপন কৰিব চৰকাৰে৷

সচিবালয় উদ্বোধনৰ দিনাই ১৬টা ফাইলত স্বাক্ষৰ মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : সচিবালয় উদ্বোধনৰ দিনাই মুখ্যমন্ত্ৰীৰ কাৰ্যালত প্ৰৱেশ কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ কাৰ্যালয়ৰ চকীত বহিয়েই কেইবাটাও গুৰুত্বপূৰ্ণ ফাইলত স্বাক্ষৰ কৰে তেওঁ৷ মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় সচিবালয়ৰ পৰাই ১৬ টাকৈ গুৰুত্বপূৰ্ণ ফাইলত স্বাক্ষৰ কৰে৷ বিশেষকৈ ১৪ ছেপ্টেম্বৰত কৰম পূজাত পেইড হলি ডে’, জলজীৱন মিছন সম্পৰ্কীয় এখন পত্ৰত স্বাক্ষৰ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীলৈ পত্ৰ, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিবলগীয়া ডি অ’ সম্পৰ্কীয় পত্ৰত স্বাক্ষৰ, অসম ৰাজ্যিক সংগ্ৰহালয় পৰিচালনা সমিতি গঠনৰ আদেশ জাৰি, সেৱা সেতুৰ বিশ্বমানৰ এপ উন্নীতকৰণৰ বাবে বিনামূলীয়া আৰু ন্যায্য প্ৰক্ৰিয়াৰ জৰিয়তে আই টি কোম্পানীসমূহক জড়িত কৰোৱাৰ সিদ্ধান্ত, ডিফু চিকিৎসা মহাবিদ্যালয়ত ২৯টা পেয়িং কেবিন নিৰ্মাণৰ বাবে ১০.৪৮ কোটি টকা মুকলি, আদৰ্শ বিদ্যালয় সংগঠনৰ অধ্যক্ষ পদত ড॰ ননীগোপাল মহন্তক দায়িত্ব অৰ্পনৰ সিদ্ধান্ত বাহাল ৰখা, ১৯খন জিলাৰ আয়ুক্তক বদলি, ঢকুৱাখনাৰ এছডিপিঅ’ আৰু নতুন অ’চিৰ বদলি, প্ৰাক্তন সাংসদ নাৰায়ণ চন্দ্ৰ বৰকাকতিক SITAৰ উপাচাৰ্য হিচাপে নিযুক্তি, জোনাইত নতুন মহাকুমাধিপতি [সদৰ] আৰু শিৱসাগৰত নতুন অতিৰিক্ত জিলা আয়ুক্তক বদলি, লোকনিৰ্মাণ বিভাগৰ ১৭জন সহকাৰী অভিযন্তাসহ ৩ জন কনিষ্ঠ অভিযন্তাক বদলি, আন্তঃৰাষ্ট্ৰীয় সীমান্তত অনুপ্ৰৱেশকাৰীক কৰায়ত্ত কৰিবলৈ অ’ এমৰ অনুমোদন, চৰকাৰী বিভাগৰ দ্বাৰা ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক নিৰ্দেশনা পালনত অনুমোদন, বটদ্ৰৱা থানৰ পৰা প্ত কিলোমিটাৰ দূৰত্বত ভূমি বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি, ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন সন্দৰ্ভত জাৰি কৰা অধিসূচনাত স্বাক্ষৰ কৰিছে৷

এইবাৰ মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত গণৰাজ্য দিৱস পাতিব ৰাজ্য চৰকাৰে৷ ২০২৫ চনৰ ২৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব৷ অৱশ্যে ১৫ আগষ্টৰ স্বাধীনতা দিৱসত দিছপুৰত মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰিব৷ ডিব্ৰুগড়ৰ মাইজানত মুখ্যমন্ত্ৰীৰ সচিবালয় উদ্বোধন কৰাৰ পিছতে আজি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে তেওঁ৷ আনহাতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি এই সন্দৰ্ভত এক অধিসূচনাও জাৰি কৰে৷ উল্লেখ্য, ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ে তিনিচুকীয়া, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাক সামৰি লোৱা হৈছে৷ অসমত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি তথা প্ৰকল্পসমূহৰ নিৰন্তৰ নিৰীক্ষণ আৰু এই অঞ্চলৰ জনসাধাৰণৰ অভিযোগ, আৱেদন, স্মাৰক-পত্ৰ, সহায়ৰ বাবে অনুৰোধ আদিৰ দ্ৰুত সমাধানৰ পথ প্ৰশস্ত কৰিব৷ ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ অতিথিশালাত স্থাপন হোৱা ‘মুখ্যমন্ত্ৰীৰ সচিবালয়’ৰ ওপৰ মহলাত থাকিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ কাৰ্যালয়, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত প্ৰধান সচিবৰ কাৰ্যালয়, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ ব্যক্তিগত সচিবৰ কাৰ্যালয়, ভিডিঅ’ কনফাৰেন্সৰ সুবিধাৰ সৈতে সন্মিলন কক্ষ আৰু ভিভিআইপি, ভিআইপিৰ বাবে বিশেষ কোঠা৷ আনহাতে তলৰ মহলাত থাকিব যুটীয়া সচিবৰ কাৰ্যালয়,  উপ-সচিব-অবৰ সচিবৰ কাৰ্যালয়, শাখা বিষয়াৰ কোঠা, শাখা কাৰ্যালয়, অভ্যৰ্থনা ডেস্ক, দৰ্শনাৰ্থীৰ প্ৰতীক্ষা কক্ষৰ লগতে প্ৰয়োজনীয় আন কক্ষসমূহ৷ মুখ্যমন্ত্ৰীৰ সচিবালয়, ডিব্ৰুগড়ে অসম সচিবালয়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পোনপটীয়া তত্ত্বাৱধানত কাম চলাই যাব৷ মন কৰিবলগীয়া যে, অসম চৰকাৰৰ মুখ্যসচিব ৰবি কোটাই আদৰণি ভাষণ প্ৰদান কৰা আজিৰ উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰৰ জাহাজ, বন্দৰ আৰু জলপৰিবহণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, কৃষিমন্ত্ৰী অতুল বৰা, জলসিঞ্চন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছা,  ৰাজহমন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক প্ৰশান্ত ফুকন, পোণাকন বৰুৱা, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, টেৰছ গোৱালা, তৰংগ গগৈৰ লগতে উজনি অসমৰ আটাইকেইজন বিধায়ক উপস্থিত থাকে৷

প্ৰয়াত বিজেপি নেতা জয়ন্ত দত্তৰ নামত পথ মুকলি

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : দুটা দশকৰো অধিক পূৰ্বে সন্দেহযুক্ত আলফা উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰা ডিব্ৰুগড়ৰ প্ৰভাৱশালী তথা প্ৰয়াত বিজেপি নেতা জয়ন্ত দত্তক শ্ৰদ্ধা জনাই আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ নামকৰণ হোৱা ‘জয়ন্ত দত্ত পথ’ৰ শুভ উদ্বোধন কৰে৷ বিগত ২০০১ চনৰ ৰ মে’ত ডিব্ৰুগড়ত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা অৱস্থাত এক নিৰ্মম আক্ৰমণত নিহত হৈছিল দত্ত৷ পূৰ্বতে ক’ল ৰোড নামেৰে জনাজাত ৬২০ মিটাৰ দৈৰ্ঘ্যৰ এই পথটোৱে উত্তৰ দিশলৈ এ টি ৰোড আৰু দক্ষিণে আৰ কে বি ৰোড আৰু ডিব্ৰুগড় মহানগৰৰ ৰে’লৱে ষ্টেচন সংযোগ কৰিছে৷ আজিৰ এই অনুষ্ঠানত স্থানীয় বিভিন্ন নেতা-কৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে৷ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী অশোক সিংহাল, মন্ত্ৰী বিমল বৰা, মেয়ৰ ডাঃ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন আদিও উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে৷ অনুষ্ঠানৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰয়াত দত্তক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি দল আৰু অসমবাসীৰ প্ৰতি থকা দত্তৰ দাযৱদ্ধতাৰ কথা সোঁৱৰাই দি কয়– জয়ন্ত দত্ত কেৱল এজন নেতা নাছিল, তেওঁ আছিল বহুতৰে বাবে আশাৰ ৰেখা৷ জনসাধাৰণৰ সেৱাৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু প্ৰতিকূলতাৰ সন্মুখত তেওঁৰ বীৰত্বই আমাক অনুপ্ৰাণিত কৰি আহিছে৷ এই পথটোৰ নাম সলনি কৰাটো সন্মানৰ এক সৰু অংশ যদিও উল্লেখযোগ্য বুলি সদৰী কৰি তেওঁৰ স্মৃতি আৰু অৱদানসমূহৰ বিষয়ে মুখ্যমন্ত্ৰী শৰ্মাই বিৱৰি কয়৷ পথৰ নাম সলনি কৰাৰ উপৰিও জয়ন্ত দত্ত পথৰ উন্নয়নৰ বাবে ২৫ লাখ টকাৰ অনুদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক তথা ২০০১ চনৰ ডিব্ৰুগড়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী জয়ন্ত দত্তক নিৰ্বাচনী কাৰ্যালয়ত প্ৰৱেশ কৰাৰ সময়তে সন্দেহযুক্ত আলফা উগ্ৰপন্থীৰ নৃশংস আক্ৰমণৰ বলি হৈছিল৷ তেওঁৰ লগতে তেতিয়াৰ জিলা বিজেপিৰ সম্পাদক আৰু আন এজন দলীয় কৰ্মী নিহত হৈছিল আক্ৰমণকাৰীৰ  গুলীচালনাত৷ কিন্তু সিমানতে আলফাৰ হিংসাৰ অন্ত পৰা নাছিল৷ এই আক্ৰমণৰ কিছু সময়ৰ পাছতে সন্দেহযুক্ত আলফা উগ্ৰপন্থীয়ে ডিব্ৰুগড়ত থকা অসম গণ পৰিষদৰ চৌকিডিঙিস্থিত কাৰ্যালয়ত অগপ কৰ্মী থানেশ্বৰ বুঢ়াগোহাঁই আৰু এজন আৰক্ষী জোৱানক নিৰ্মমভাৱে হত্যা কৰিছিল৷

শিলচৰত সাত বছৰে নিৰ্মাণ নহ’ল মিনি সচিবালয়

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধি : ডিব্ৰুগড়ত মিনি সচিবালয় গঢ়ি উঠিছে যদিও যোৱা সাত বছৰে বৰাক উপত্যকাৰ শিলচৰত মিনি সচিবালয় নিৰ্মাণ হৈ নুঠিল৷ ২০১৬চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে বৰাকত মিনি সচিবালয় স্থাপন কৰিব বুলি ঘোষণা কৰিছিল৷ চৰকাৰ গঠনৰ পৰৱৰ্তী সময়ত ২০১৯চনৰ মাৰ্চ মাহত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলচৰত মিনি সচিবালয়ৰ আধাৰশিলা স্থাপন কৰিছিল৷ বৰাক উপত্যকাবাসীৰ দীৰ্ঘদিনীয়া সপোন আছিল এই মিনি সচিবালয়৷ সুদীৰ্ঘ ৭০বছৰ ধৰি পুহি ৰখা বৰাকবাসীৰ এই সপোন পূৰণ হোৱাৰ পথত আগবাঢ়িছিল৷ ২০১৯চনৰ মাৰ্চ মাহত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলচৰত আধাৰশিলা স্থাপন কৰাৰ পাছত একেটা বৰ্ষৰ ২০আগষ্টত ভূমিপূজন সম্পন্ন কৰা হ’ল বৰাকৰ বহু আকাংক্ষিত মিনি সচিবালয়ৰ৷ সম্পূৰ্ণ বৈদিক নীতি-নিয়মেৰে ভূমিপূজা কৰিছিল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ে৷ এই অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰায় দুই বছৰৰ ভিতৰত মিনি সচিবালয়ৰ কাম সম্পূৰ্ণ হ’ব বুলিও ঘোষণা কৰিছিল৷ তদুপৰি, ১৩৫.৭ কোটি টকা ব্যয় কৰি ছেক্ৰেটেৰিয়েট ব্লক, এছেম্বলি, অতিথিশালা, ষ্টাফ কোৱাৰ্টাৰ আৰু আনুষঙ্গিক সকলো কাম নিৰ্মাণ কৰা হ’ব বুলি কোৱা হৈছিল৷ ইয়াৰ লগে লগে বৰাকবাসীৰ এক দীৰ্ঘদিনীয়া দাবী পূৰণ হ’ল বুলি কোৱা হৈছিল৷ অৱশ্যে সেইসময়ত ২বছৰ পিছতেই এই সচিবালয় সম্পূৰ্ণ হৈ উঠিব বুলি কোৱা হৈছিল যদিও এতিয়ালৈ সম্পূৰ্ণৰূপে  কাৰ্যক্ষম হৈ উঠা নাই এই মিনি সচিবালয়৷ ইপিনে ২০২১চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পাছত ২০২১চনৰ ১৮ছেপ্টেম্বৰৰ দিনা শিলচৰ ভ্ৰমণলৈ আহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ দুদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকাত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীজন৷ এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে বহুকেইটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উপৰিও শিলচৰত নিৰ্মাণ কৰি থকা মিনি সচিবালয়ৰ কামৰ বুজ লয়৷ কাম-কাজৰ বুজ ল’বলৈ শনিবাৰে নিৰ্মাণস্থলীত উপস্থিত হ’লগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ নিৰ্মাণস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক তিনিবছৰত সম্পূৰ্ণ হৈ উঠিব নিৰ্মাণ কৰি থকা এই মিনি সচিবালয়৷ ইয়াৰ লগে লগে বৰাক উপত্যকাৰ প্ৰশাসনিক কাৰ্যকলাপৰ সুবিধা প্ৰদান কৰা হ’ব৷ চৰকাৰী কাম আৰু অনুমোদনৰ বাবে বৰাকবাসী গুৱাহাটীলৈ যাত্ৰাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল৷ কিন্তু বৰ্তমানেও নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল এই মিনি সচিবালয়ৰ৷ কিন্তু এই সময়ছোৱাত ডিব্ৰুগড়ৰ মিনি সচিবালয় নিৰ্মাণ হৈ উঠিল৷ উল্লেখ্য, বৰাক উপত্যকাৰ প্ৰশাসনিক কাম-কাজ আৰু উন্নয়নমূলক কাম-কাজ সহজ কৰি তুলিবলৈ শিলচৰত এই মিনি সচিবালয় স্থাপন কৰা হৈছিল৷ তদুপৰি, ৰাজধানী দিছপুৰক দক্ষিণ-পশ্চিম অঞ্চলৰ সাধাৰণ লোকসকলৰ কাষ চপাই নিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷ এই সচিবালয় নিৰ্মাণ কৰি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হোৱাৰ লগতে বৰাকবাসীয়ে কমসময়ৰ ভিতৰতে উন্নতমানৰ সেৱা লাভ কৰিবলৈ সক্ষম হ’ব বুলি কোৱা হৈছিল যদিও আশা অনুযায়ী নিৰ্মাণ কাম-কাজৰ অগ্ৰসৰ হোৱা নাই৷