Logo
image

‘ৰণুৱা’লৈ ৰাষ্ট্ৰীয় বঁটা, ‘আনুৰুৱাদ’ শ্ৰেষ্ঠ মিচিং ছবি

আমাৰ অসম, ২৩ মাৰ্চঃ ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে৷ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ঘোষণা কৰা অনুসৰি ২০১৯ বৰ্ষৰ বাবে চৰ্চিত অভিনেত্ৰী তথা ‘বলীউডৰ কুইন’ খ্যাত কংগণা ৰাণাৱাটে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা৷ ‘মণিকৰ্ণিকা–দ্য কুইন অৱ ঝান্সী’ আৰু ‘পাংগা’ ছবিত অভিনয়ৰ বাবে অভিনেত্ৰী কংগণা ৰাণাৱাটলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা৷ আনহাতে মনোজ বাজপেয়ী আৰু দাক্ষিণাত্যৰ ছবিৰ জনপ্ৰিয় অভিনেতা ধনুশে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা৷ ‘ভোশলে’ ছবিত অভিনয়ৰ বাবে মনোজ বাজপেয়ী আৰু ‘অসুৰণ’ [তামিল] ছবিত অভিনয়ৰ বাবে ধনুশে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে৷ ইফালে ৰহস্যজনক পৰিস্থিতিত আত্মহত্যা কৰা সুদৰ্শন অভিনেতাৰ সুশান্ত সিং ৰাজপুত অভিনীত  ‘চিছোৰে’ নামৰ ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা৷ অভিনেত্ৰী পল্লবী যোশীয়ে লাভ কৰিছে শ্ৰেষ্ঠ সহঃঅভিনেত্ৰীৰ বঁটা৷ বিজয় চঠপাঠীয়ে লাভ কৰিছে শ্ৰেষ্ঠ সহঃঅভিনেতাৰ বঁটা৷ ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাৰ শ্ৰেষ্ঠ চিত্ৰনাট্য গুমনামি, শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী বঁটা লাভ কৰিছে মালয়ালম ছবি জালিকাডু’ৱে৷ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী [পুৰুষ] বঁটা লাভ কৰিছে বি পাৰিকে৷ শিৱানী ৰবীন্দ্ৰই লাভ কৰিছে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠ শিল্পী বঁটা৷ চন্দ্ৰ মুদৈ পৰিচালিত ‘ৰণুৱা– হু নেভাৰ ছাৰেণ্ডাৰ’য়ে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছে৷ সুনীল দত্ত আৰু বৰ্ণালী দত্ত প্ৰযোজিত ‘ৰণুৱা’ৰ মুখ্য সহকাৰী পৰিচালক আৰু কষ্টিউম ডিজাইনাৰ ৰ’জী বৰা৷ অভিনয় কৰিছে ৰাজীৱ ক্ৰ’, প্ৰণামী বৰা, ৰ’দালি বৰা, নয়ন দাস আদিয়ে৷ সম্পাদক ৰাজীৱ শইকীয়া৷ চিত্ৰনাট্য নৱ কুমাৰ দাসৰ৷ ছাউণ্ড ডিজাইন হেঙুল মেধিৰ৷ সংগীত পৰিচালক পলাশ গগৈ৷ ভিএফএক্স অভিজিৎ বৰ্মনৰ সেইদৰে ‘জোনাকী পৰুৱা’ত অভিনয়ৰ বাবে অভিনয় শিল্পী বেঞ্জমিন দৈমাৰীয়ে বিশেষ উল্লেখনীয় স্বীকৃতি লাভ কৰিছে৷ শ্ৰেষ্ঠ মিছিং ছবি  হিচাপে বিবেচিত হৈছে ‘অনু ৰুৱাদ’৷ ছবিখনৰ পৰিচালনা দিলীপ কুমাৰ দলেৰ৷ পৰিচালক ৰুকছানা টাবচুম পৰিচালিত এপ’লছ এণ্ড অৰেঞ্জ ছবিখনে শ্ৰেষ্ঠ শিক্ষামূলক ছবি বঁটা লাভ কৰিছে৷ খাছী ছবি ‘লিউধু’ৰ চাউণ্ডৰ বাবে দেৱজিৎ গায়নে লাভ কৰিছে বঁটা৷