Logo
image

কামৰূপসহ ১৮খন জিলাৰ আয়ুক্ত বদলি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰে শুকুৰবাৰে এক নিৰ্দেশ যোগে ১৮খন জিলাত নতুন জিলা আয়ুক্ত নিযুক্তি দিয়ে৷ সেই অনুসৰি কামৰূপৰ জিলা আয়ুক্ত জ্বলী কীৰ্তিক পঞ্চায়ত-গ্ৰামোন্নয়নৰ আয়ুক্ত, স্বচ্ছ ভাৰত মিছনৰ পৰিচালন সঞ্চালক পদলৈ কাছাৰৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাক বৰপেটাৰ জিলা আয়ুক্ত পদলৈ, বৰপেটা জিলাৰ আয়ুক্ত আয়ুস গাৰ্গক শিৱসাগৰ জিলাৰ আয়ুক্ত পদলৈ, গোলাঘাটৰ জিলা আয়ুক্ত ড॰ পি উদয় প্ৰবীনক উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব পদলৈ, কৰিমগঞ্জৰ জিলা আয়ুক্ত মৃদুল যাদৱক কাছাৰৰ জিলা আয়ুক্ত পদলৈ, কামৰূপসহ শিৱসাগৰৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱক মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ যুটীয়া সচিব পদলৈ, পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব মাছান্দা মাগডালিন পাৰ্টিনক কোকৰাঝাৰ জিলাৰ আয়ুক্তৰ লগতে বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ সঞ্চালক পদলৈ, ওদালগুৰিৰ জিলা আয়ুক্ত জাভিৰ ৰাহুল সুৰেশক ধেমাজিৰ জিলা আয়ুক্ত পদলৈ, কোকৰাঝাৰৰ জিলা আয়ুক্ত তথা বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ সঞ্চালক প্ৰদীপ কুমাৰ দ্বিবেদীক কৰিমগঞ্জৰ জিলা আয়ুক্ত পদলৈ,




পঞ্চায়ত-গ্ৰামোন্নয়নৰ আয়ুক্ত, স্বচ্ছ ভাৰত মিছনৰ পৰিচালন সঞ্চালক জয় শিৱানীক যোৰহাট জিলাৰ আয়ুক্ত পদলৈ, বিশ্বনাথৰ জিলা আয়ুক্ত নেহা  যাদৱক চৰাইদেউৰ জিলা আয়ুক্ত পদলৈ, শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰক কামৰূপ জিলাৰ আয়ুক্ত আৰু গুৱাহাটী বায়’টেক পাৰ্কৰ চি ই অ’ পদলৈ, মাজুলীৰ জিলা আয়ুক্ত কাবেৰী বৰকাকতি শৰ্মাক ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সচিব পদলৈ, মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ অতিৰিক্ত সচিব গৌতম দাসক বাগ্‌সাৰ জিলা আয়ুক্ত পদলৈ, তামুলপুৰৰ জিলা আয়ুক্ত বিদু্যৎ বিকাশ ভাগৱতীক হোজাই জিলাৰ আয়ুক্ত পদলৈ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যুটীয়া সচিব ৰাতুল চন্দ্ৰ পাঠকক মাজুলীৰ জিলা আয়ুক্ত পদলৈ, যোৰহাটৰ জিলা আয়ুক্ত পুলক মহন্তক গোলাঘাটৰ জিলা আযুক্ত পদলৈ, চৰাইদেউৰ জিলা আযুক্ত নিবেদন দাস পাটোৱাৰীক  পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব পদলৈ, দৰঙৰ আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেক বিশ্বনাথৰ জিলা আয়ুক্ত পদলৈ, গোলাঘাট জিলা পৰিষদৰ চি ই অ’ পৰাগ কুমাৰ কাকতিক দৰঙৰ জিলা আয়ুক্ত পদলৈ, বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিব তথা উচ্ছতম মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰিক ওদালগুৰিৰ জিলা আয়ুক্ত পদলৈ, ধেমাজিৰ জিলা আয়ুক্ত অংকুৰ ভড়ালী শোণিতপুৰৰ জিলা আয়ুক্ত পদলৈ, হোজাইৰ জিলা আয়ুক্ত লাচিত কুমাৰ দাসক লখিমপুৰৰ জিলা আয়ুক্ত পদলৈ, ধুবুৰী জিলা উন্নয়ন আয়ুক্ত পল্লৱ মজুমদাৰক  মুখ্যমন্ত্ৰীৰ সচিবালৰ যুটীয়া সচিব পদলৈ আৰু খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ যুটীয়া সচিব পংকজ চক্ৰৱৰ্তীক তামুলপুৰৰ জিলা আয়ুক্ত পদলৈ বদলি কৰা হয়৷