Logo
image

মুক্তি নাপালে কংগনাৰ ‘ইমাৰ্জেঞ্চী’য়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ ছেপ্টেম্বৰ : শুকুৰবাৰে কংগনা ৰাণাৱত পৰিচালিত আৰু অভিনীত বহুচৰ্চিত ‘ইমাজেন্সী’ নামৰ ছবিখনে মুক্তি নাপালে৷ চেন্সৰ ব’ৰ্ডে অজ্ঞাত লোকৰ ভাবুকিৰ বাবে ছবিখনৰ মুক্তিৰ প্ৰমাণ-পত্ৰ দিবলৈ অস্বীকাৰ কৰাৰ  বাবেই ইমাজেন্সীৰ মুক্তি আজি শুকুৰবাৰে সম্ভৱ নহ’ল৷ এই সন্দৰ্ভত ছবিখনৰ প্ৰযোজক ন্যায়ালয়ৰ কাষ চাপিলেও আদালতেও চেন্সৰ ব’ৰ্ডক মুক্তিৰ বাবে প্ৰমাণ-পত্ৰ দিবলৈ নিৰ্দেশ জাৰি নকৰিলে৷ ফলত ইমাজেন্সীৰ মুক্তি অনিশ্চিত হৈ পৰিল৷


ইমাজেন্সী ছবিখনত এসময়ৰ খালিস্তান আন্দোলনৰ মুৰব্বী জাৰ্নেইল সিং ভিন্দ্ৰানৱালেৰ দীঘলীয়া চৰিত্ৰ আৰু খালিস্তান আন্দোলন দেখুওৱা হৈছে৷ তদুপৰি তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰ দুই শিখ দেহৰক্ষী সতৱন্ত সিং আৰু বিয়ন্ত সিঙে হত্যা কৰা দৃশ্যও ছবিখনত আছে৷ অজ্ঞাত শিখ ব্যক্তি বা সংগঠনে এই দৃশ্য ছবিখনৰ পৰা বাদ দিবলৈ দাবী জনাইছে৷ যদিহে সেই দৃশ্য সম্বলিত ছবিখন মুক্তি পায়, তেন্তে চেন্সৰ ব’ৰ্ডৰ সদস্যক হত্যা কৰাৰ ভাবুকি দিয়া হৈছে৷ ইয়াৰ ফলতে চেন্সৰ ব’ৰ্ডে ছবিখনৰ মুক্তিৰ বাবে প্ৰমাণ-পত্ৰ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে৷