Logo
image

’২৬ৰ হিচাপ-নিকাচত বহিল হিমন্ত-সৰ্বানন্দ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৭ ছেপ্টেম্বৰ : ’২৬ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈছে বিজেপি৷ লোকসভা নিৰ্বাচনৰ পাছতে শাসকীয় বিজেপিয়ে আৰম্ভ কৰিছে বিধানসভা নিৰ্বাচনক লৈ ৰণকৌশল৷ ’২৬ৰ নিৰ্বাচনক লৈ আজি ডিব্ৰুগড়ত একেলগে দেখা গ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক৷ ডিব্ৰুগড় চহৰত এটা পথৰ নামাকৰণ কাৰ্যসূচী উদ্বোধনী অনুষ্ঠানৰ পৰা মাইজানস্থিত মুখ্যমন্ত্ৰী সচিৱালয়লৈকে একেখন বাহনত দেখা গ’ল হিমন্ত-সৰ্বাক৷ মুখ্যমন্ত্ৰী সচিবালয়ৰ ফিতা কাটি উদ্বোধন কৰাৰ পিছতে একেখন মঞ্চত বহি উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ সচিৱালয়তে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ বিশেষকৈ আগন্তুক বিধানসভা নিৰ্বাচনক গুৰুত্বসহকাৰে আলোচনা কৰে হিমন্ত-সৰ্বাই৷



উজনি অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু উজনিত বিজেপিৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাকলৈয়ো আলোচনা কৰে৷ বিগত লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ আসনখন হেৰুৱাওৱাৰ পাছতে বিধানসভা নিৰ্বাচনক লৈ উদ্বিগ্ন হৈছে বিজেপি৷ আনহাতে, ডিব্ৰুগড় লোকসভা সমষ্টিতো বিজেপিয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰিলে৷ এই দুয়োটা সমষ্টিক লৈ হিমন্তবিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে গুৰুত্বসহকাৰে আলোচনা কৰে৷ দুয়োজন শীৰ্ষ নেতাৰ মাজত হোৱা ৰুদ্ধদ্বাৰ বৈঠকে যথেষ্ট তাৎপৰ্য বহন কৰিছে৷ বিশেষকৈ উজনি অসমৰ সমষ্টিসমূহক লৈ বিজেপিৰ দুই শীৰ্ষ নেতাই প্ৰস্তুত কৰে ৰণকৌশল৷ কিন্তু ইয়াৰ পূৰ্বে পঞ্চায়ত আৰু স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত উন্নত ফলাফল প্ৰদৰ্শনত গুৰুত্ব আৰোপ কৰে৷ ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিৱালয়ত প্ৰায় এক ঘণ্টা ধৰি চলা বৈঠকখনত দুই নেতাৰ বাদে আন কোনো মন্ত্ৰী-বিধায়ক তথা সাংসদ উপস্থিত নাছিল৷