Logo
image

কলেজ শিক্ষকৰ আন্দোলন

৫ ছেপ্টেম্বৰত সমগ্ৰ অসমত কলেজ শিক্ষকে বৰ্জন কৰিলে শিক্ষক দিৱসৰ কাৰ্যসূচী৷ প্ৰকৃততে শিক্ষকৰ বাবে উদ্‌যাপিত এটা দিন বৰ্জন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কলেজ শিক্ষকৰ মুখ্য দাবী  হৈছে প্ৰমোছনৰ ক্ষেত্ৰত থকা আসোঁৱাহবোৰ দূৰ কৰা৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসমৰ কলেজ শিক্ষকসকলৰ বাবে এটা দিনতেই অৰ্থাৎ এক এপ্ৰিল, ২০২৪ৰ পৰা প্ৰযোজ্য হোৱাকৈ নিৰ্ধাৰণ কৰিছে পদোন্নতি৷ কোনোবা এজন কলেজ শিক্ষকে ২০২৩ চনতেই সহকাৰী অধ্যাপক পদৰ পৰা সহযোগী অধ্যাপক পদত পদোন্নতি পাব লাগিছিল যদিও শিক্ষা বিভাগে তেখেতৰ পদোন্নতি নিৰ্ধাৰণ কৰিছে এক এপ্ৰিল, ২০২৪ চনৰ পৰা৷ ৰাজ্যৰ শিক্ষা বিভাগৰ তেনে সিদ্ধান্তৰ আঁৰত আছে চৰকাৰৰ ৰাজকোষৰ পৰা পুঁজিৰ বহিঃগমন ৰোধ কৰা৷ ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰা তেনে সিদ্ধান্তৰ বিপৰীতে আছে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি নিৰ্দেশনা৷ সম্পূৰ্ণ নীতিবহিঃভুৰ্তভাৱে কলেজ শিক্ষকসকলক পদোন্নতি দি চৰকাৰৰ পুঁজি টনকিয়াল কৰা প্ৰত্যাশাই হতবাক কৰা শিক্ষকসকলে ইতিমধ্যে কেইবালানি আলোচনাত বহিছিল শিক্ষামন্ত্ৰী ডাঃ  ৰনোজ পেগুৰ লগত৷ আলোচনাই একো সুফল নিদিয়াত কলেজ শিক্ষকে শিক্ষক দিৱসৰ দিনা কৰা প্ৰতিবাদ আছিল ব্যতিক্ৰম৷শিক্ষক দিৱসটোৰ মুখ্য উদ্যোক্তা হৈছে ছাত্ৰ-ছাত্ৰীসকল৷ মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলে আয়োজন কৰা অনুষ্ঠানত সন্মানেৰে উপচাই পেলায় শিক্ষকসকলক৷ প্ৰকৃততে শিক্ষক আৰু ছাত্ৰৰ মাজত থকা সম্পৰ্কৰ বান্ধটো অধিক টনকিয়াল কৰে শিক্ষক দিৱসৰ কাৰ্যসূচীসমূহে৷ এনে এটা আনন্দৰ দিনক আন্দোলন কিম্বা প্ৰতিবাদৰ দিনলৈ ৰূপান্তৰ কৰা সিদ্ধান্তটো


কিমান শুদ্ধ আছিল তাৰ এক বিশ্লেষণৰ প্ৰয়োজন আছে৷ অসমৰ চৰকাৰৰ উচ্ছ শিক্ষা বিভাগটোৱে কলেজ শিক্ষকৰ পদোন্নতিৰ বাবে এটা দিনেই গ্ৰহণ কৰা সিদ্ধান্তটোৰ যুক্তিপূৰ্ণ ব্যাখ্যাৰ প্ৰয়োজন৷ বিভিন্ন সময়ত দেখা পোৱা যায় যে অসম চৰকাৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশাৱলীসমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত পক্ষপাতিত্বমূলক আচৰণ  কৰে৷ বৰ্তমান অসমৰ কলেজসমূহৰ অধ্যক্ষৰ কাৰ্যকাল পাঁচ বছৰীয়া আৰু প্ৰথমটো কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পাছত দ্বিতীয়টো কাৰ্যকালৰ বাবে অধ্যক্ষগৰাকীয়ে আবেদন কৰিব পাৰে যদিহে অৱসৰৰ সময় পাঁচ বছৰৰ অধিক থাকে৷ উক্ত নিয়মৰ ভিত্তিত ইতিমধ্যে চাৰি-পাঁচজন অধ্যক্ষই কাৰ্যকালৰ অন্তত পুনৰ উভতি আহিছে নিজা সহযোগী অধ্যাপক পদলৈ৷ এইক্ষেত্ৰত পোৱা অভিযোগমতে, শিক্ষা বিভাগে নীতিবহিঃৰ্ভুতভাৱে এচামক অধ্যক্ষৰ পদত বহুৱাই ৰাখিছে আৰু এচামক ঘূৰাই পঠিয়াইছে পুৰণি পদলৈ৷ চৰকাৰৰ নীতি সকলোৰে বাবে সমান হোৱাটো বাঞ্ছনীয়৷ পাঁচ বছৰ অধ্যক্ষ পদত দৰমহা পোৱা অধ্যাপকে পুৰণি পদলৈ ঘূৰি আহি কি নিৰিখত দৰমহা লাভ কৰিব সেইক্ষেত্ৰত নিমাত শিক্ষা বিভাগ৷প্ৰকৃততে ৰাজ্যৰ উচ্ছ শিক্ষা বিভাগত বিৰাজ কৰা এনেবোৰ নীতি বহিঃৰ্ভুত কামৰ বাবে অভিযোগ দিবলৈ সাহস নকৰে ভুক্তভোগী শিক্ষকসকলে৷ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে প্ৰতিবাদী শিক্ষকৰ প্ৰতিনিধিৰ লগত মুক্তমনে আলোচনা কৰি সমস্যাবোৰৰ সমাধান কৰাটো সমীচিত৷ চৰকাৰৰ নীতি-নিয়ম আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি-নিৰ্দেশনাবোৰৰ মাজত বিৰাজ কৰা প্ৰভেদবোৰ দূৰ কৰা উচিত৷ সকলোৰে বাবে সমআইন, সমনীতিয়ে দূৰ কৰিব পাৰিব কলেজ শিক্ষকৰ সমস্যা৷ খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে নীতি পৰিহাৰ কৰক শিক্ষা বিভাগৰ বৰমূৰীয়াসকলে৷