Logo
image

বিশালৰ এটা বেংক একাউণ্টত এতিয়াও আছে ১০০ কোটি টকা

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৯ ছেপ্টেম্বৰ : ক্ৰমাৎ দীঘল হৈ আহিছে ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত বিশাল ফুকনৰ সম্পত্তিৰ তালিকা৷ অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহৰ অভিযোগত আৰক্ষীৰ জালত পৰা বিশালৰ ন ন কু-কীৰ্তি পোহৰলৈ আহিছে৷ প্ৰৱঞ্চনাৰে ধন কুবেৰলৈ পৰিণত হোৱা বিশাল ফুকনে শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিছিল ১৭ কোটি টকা৷ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে বিশাল ফুকনৰ নামত থকা এইচ ডি এফ চি বেংকত চাৰিটা, এছ বি আইত এটা আৰু এক্সিছ বেংকৰ একাউণ্ট জব্দ কৰিছে৷ কেৱল সেয়াই নহয়, থাইলেণ্ডৰ ৰাজধানী বেংককত আছে বিশালৰ নামত বেংক একাউণ্ট৷ এই একাউণ্টত ৭০০ কোটি টকা লেনদেনৰ তথ্য লাভ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে৷ ইফালে বিশালৰ বেংক একাউণ্টত বৰ্তমানেও আছে প্ৰায় ১০০ কোটি টকা৷ ডিব্ৰুগড় আৰক্ষীয়ে বিশাল ফুকনৰ লগতে চুমি বৰা, কাৰ্তিক বৰা, ৰাজীৱ বৰা, জিংকি মিলি বৰা, পাৰ্চেলিয়া কোম্পানীৰ একাউণ্টসহ বিশালৰ মাতৃৰো বেংক একাউণ্ট জব্দ কৰিছে৷ বহু টকা বিদেশী মুদ্ৰালৈ ৰূপান্তৰিত কৰাৰ অভিযোগ উঠিছে বিশালৰ বিৰুদ্ধে৷ প্ৰাপ্ত অভিযোগ অনুসৰি চুমিয়ে যোৱা এটা বছৰত নিজৰ কাপোৰ ক্ৰয় কৰাৰ নামত খৰচ কৰিছিল প্ৰায় এক কোটি টকা৷ আমোদ-প্ৰমোদ আৰু বিদেশ ভ্ৰমণলৈ যোৱাৰ নামতো প্ৰায় আঢ়ৈ কোটি টকা খৰচ কৰে৷ আনহাতে বিশালে নতুনকৈ প্ৰায় ২ কোটি টকাৰ এখন বিলাসী বাহনো বুকিং কৰিছে৷ ৰেণ্ডছ ৰ’ভাৰ নামৰ বিলাসী বাহনখন আগন্তুক বিশ্বকৰ্মা পূজাৰ পূৰ্বে ডিব্ৰুগড়লৈ অহাৰ কথা৷ অৱশ্যে সেই বিলাসী বাহনখন পোনে পোনে বিশালৰ ঘৰলৈ যাব নে থানালৈ যাব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷ উল্লেখ্য যে, ডিব্ৰুগড় আৰক্ষীয়ে বহুতো তথ্য পাতি, নথি-পত্ৰ, গহনা, ছটা আইফোন আদি জব্দ কৰা লগতে চাৰিখন বিলাসী বাহন জব্দ কৰি থানালৈ আনে যদিও বি এম ডব্লিউ, অ’ডিকে ধৰি কেইবাখনো বাহন তদন্তৰ সময়ত পোহৰলৈ নাহিল৷ জানিব পৰা অনুসৰি ভাৰতীয় টকা বিদেশী মুদ্ৰালৈ ৰূপান্তৰিত কৰি বিশালে কৌশলগতভাৱে ধনৰ পৰিমাণ কমাবলৈও চেষ্টা কৰিছিল, যদিও সফল হ’ব পাৰিলে নে নাই সেয়া জানিব পৰা হোৱা নাই৷



তদন্তৰ সময়ত ডিব্ৰুগড় আৰক্ষীয়ে ৬খন জুৱেলাৰীত অনুসন্ধান চলাইছিল৷ য’ত বিশাল আৰু চুমিয়ে নিজে গৈ প্ৰায় ৭৮ লাখ টকাৰ জুৱেলাৰী ক্ৰয় কৰিছিল৷ ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ টানিস্ক জুৱেলাৰী প্ৰতিষ্ঠান, ৰিলায়েঞ্চ জুৱেলাৰীও আছে বুলি জানিব পৰা গৈছে৷ বিনিয়োগকাৰীয়ে বিশালক জমা দিয়া টকাৰে নিজৰ চাহিদা পূৰাবলৈ ক্ৰয় কৰা সামগ্ৰীৰ বাবে নিজ একাউণ্টৰ পৰা ডাইৰেক্ট পে’ কৰিছিল৷ আন এক তথ্য অনুসৰি ঠিক লকডাউনৰ সময়ত বিশালে ‘চকুৰে টিপতে’ নামৰ গানটো কৰোঁতে ভিডিঅ’ৰ বাবে চুমিক প্ৰস্তাৱ দিছিল৷ যাৰ বাবে চুমিয়ে বিচৰা টকাতকৈ বিশালে বহু টকা বেছিকৈ দিয়াৰ অভিযোগ আছে৷ ইয়াৰ পাছতেই চতুৰ চুমিয়ে বিশালৰ প্ৰতি আকৰ্ষিত হৈ ঘনিষ্ঠতা বঢ়াবলৈ চেষ্টা কৰে৷ জানিব পৰা অনুসৰি বিশালৰ স্বভাৱ আছিল ১০ টকা বিচাৰিলে ১৫ টকা দি দিয়াৰ দৰে৷ সেই গানটো বনোৱাৰ সময়ত বিশালে কিছু নীতিসংগত অনলাইন ট্ৰেডিং কৰি বহু লাখ টকা বেংকত জমা ৰাখিছিল৷ যিবোৰ কথা পৰৱৰ্তী সময়ত চুমিয়ে জানিব পাৰি সেই টকাবোৰৰ গৰাকী হোৱাৰ দুৰ্বাৰ আশাৰে বিশালক প্ৰেমৰ মায়াজালত বন্দী কৰি সকলোবোৰ সৰকাইছিল৷ এনেদৰেই বিশালে চুমিৰ বাবে সৰ্বস্ব উজাৰি দিবলৈ ধৰে৷ তেনেকৈয়ে ট্ৰেডিঙৰ নাম লৈ কোটি কোটি টকা চুমিৰ সহায়ত সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল৷ প্ৰকৃতাৰ্থত ক’বলৈ গলে এক প্ৰকাৰ চুমিয়ে বিশালৰ সমূদাই ধন নিজৰ হাতলৈ আনি বিলাসী জীৱন আৰম্ভ কৰি নিশাৰ ভিতৰতেই অসমৰ সকলো ক্ষেত্ৰতে জনপ্ৰিয় হৈ পৰিছিল৷ কিন্তু এতিয়া চুমি নাই! নাই কাষত চুমিৰ ককায়েক ৰাজীৱ৷ লগতে নাই ৰাজীৱৰ পত্নী৷ ডিব্ৰুগড় আৰক্ষীয়ে আটাইকেইজনকে বিচাৰি অভিযান অব্যাহত ৰাখিছে৷ 

ডিব্ৰুগড় থানাত হাজিৰ ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা

ডিব্ৰুগড় সদৰ থানাত আজি হাজিৰ হ’ল ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতি৷ ডিব্ৰুগড় আৰক্ষীয়ে বিশালক চলোৱা জেৰাত চুমিৰ বাণীপুৰস্থিত ডান্স একাডেমীৰ ডিজাইনাৰৰ নামত ৪০ লাখ টকা ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতিক দিছিল৷ সেই অভিযোগৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে কৰিশ্মাক সদৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল৷ আৰক্ষীয়ে বহু সময় ধৰি কৰিশ্মাক জেৰা চলোৱাৰ অন্ততঃ যাবলৈ দিয়ে৷ অৱশ্যে সদৰ থানাৰ ওলাই অহাৰ সময়ত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল কৰিশ্মাই৷